MALABAR SPINACH HEALTH BENIFITS

পূৰৈ শাক খোৱা অমৃতসম কিন্তু কিছুমান ৰোগীৰ বাবে বৰবিষ!!

MALABAR SPINACH HEALTH BENIFITS

সপ্তাহত যিজন লোকে দুই তিনিসাজ পূৰৈ শাক খাই তেওঁলোকে জনা উচিত যে এই শাক খোৱাৰ ফলত তেওঁলোকৰ দেহত কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া সংঘটিত হয়। আৰু এইটো জনাৰ অতি দৰকাৰী যে এই পূৰৈ শাক খোৱাৰ পিছত গম নোপোৱাকৈয়ে স্বাস্থ্যৰ বহু ক্ষতি হয়।

WHO SHOULD NOT EAT MALABAR SPINACH CURRY

পূৰৈ শাকৰ সংস্কৃত নাম হৈছে অমৃত বল্লৰী। নামত বুজা যায় যে পূৰৈ শাক অমৃতৰ সম কিন্তু অমৃত কেতিয়াবা বিষলৈও ৰূপান্তৰ হয়। অৰ্থাৎ দেহত কিছু ৰোগ থকা লোকে এই শাক খালে ই বৰবিষলৈ ৰূপান্তৰ হব পাৰে। পূৰৈ শাকৰ গুণ সমূহ হৈছে:- কফ ও শ্লেষ্মাবৰ্ধক, শীতল, পিচ্ছিল, বাতকাৰক, স্নিগ্ধ, বায়ুনিবাৰক, ৰক্তপিত্তনাশক, বল ও বীৰ্য্যবৰ্ধক, নিদ্ৰাজনক, সুপথ্য, ৰুচিকাৰক আৰু কণ্ঠৰ বাবে হানিকাৰক।

ক্ষতি কাৰক গুণবোৰ জনাৰ আগতে পূৰৈ শাকৰ কিছু স্বাস্থ্যৰ বাবে উপকাৰী গুণ জানি লোৱা দৰকাৰী কিয়নো এই পূৰৈ শাক সকলোৰে বাবেই যে ক্ষতিকাৰক এনে কথা কলে ভুল কৰা হ’ব। দেহত ইতিমধ্যে কিছুমান ৰোগ থকা লোকৰ বাবেহে এই পূৰৈ শাক ক্ষতিকাৰক।

পূৰৈ শাক ছালৰ বাবে অত্যন্ত ভাল খাদ্য কিন্তু সেইসকল লোকৰ বাবেহে যাৰ এলাৰ্জি ৰোগ নাই বা ছাল, ডিঙি আদি এই শাক খোৱাৰ পিছত খজুৱতি নহয়।

HEALTH BENIFITS OF MALABAR SPINACH

পূৰৈ শাক টোপনিৰ বাবে ভাল যদিহে কাৰো এলাৰ্জি, কফৰ সমস্যা নাথাকে। এই সমস্যাটো নথকা লোকে পূৰৈ শাক খালে টোপনি অত্যন্ত ভাল হয় কিয়নো পূৰৈ শাক হৈছে নিদ্ৰাজনক।

পূৰৈ শাকত থাকে প্রচুৰ পৰিমাণে ভিটামিন D, ভিতামিন C, ভিটামিন A, কেলচিয়াম আৰু আইৰন । যি উপাদান সমুহ দেহৰ বাবে অত্যন্ত উপকাৰী। যিসকল লোকৰ হাড়, সন্ধি আৰু কঁকাল আদিৰ বিষ, হাড়ৰ ক্ষয় ৰোগ হয় তেনে লোকে এই শাক খালে যথেষ্ট উপকাৰ পাব।

ডায়েবেটিচ ৰোগ থকা লোকৰ বাবে উত্তম পাচলি হৈছে পূৰৈ শাক কিয়নো এই শাকৰ গ্লাইছেমীক ইন্দেস্ক ( glycemic index) ৰ মাত্ৰা কম। সেয়ে পূৰৈ শাক খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ হৈ থাকে।

এন্টী অক্সিডেণ্ট আৰু লুটেন সমৃদ্ধিশালী এই পূৰৈ শাক চকুৰ দৃষ্টিশক্তিৰ বাবে উপকাৰী।

পূৰৈ শাক খালে পুৰুষৰ শুক্ৰাণু উৎপাদন বৃদ্ধি হয় আৰু যৌন শক্তি বৃদ্ধিৰ বাবে উপকাৰী কিয়নো জিংক, এন্টী অক্সিডেণ্ট আৰু ফলিক এচিডৰ মাত্ৰা খুব বেছি এই শাকত।

দেহৰ মেদবহুলতা হলে প্ৰতিদিনে পূৰৈ শাক সেৱন কৰিব পাৰে। যদিহে প্ৰতিদিনে ১০০ গ্ৰাম এই শাক খাই এক মাহৰ ভিতৰত বহুখিনি ওজন হ্ৰাস হয়।

PEAPLE SUFFERING FROM SOME DISEASES SHOULD NOT EAT MALABAR SPINACH

ফাইবাৰ সমৃদ্ধিশালী বাবে এই শাক খালে পেটৰ গেছ, কোষ্ঠ্য কাঠিন্য, অম্লপিত্ত, পাইলছ আদি ৰোগ দূৰ হয়। পূৰৈ শাকে বায়ু আৰু পিত্তক প্ৰসমন কৰি ৰাখিব পাৰে।

পূৰৈ শাক খালে মহিলাৰ অভাৰীৰ কেঞ্চাৰৰ আশংকা ৪০% কমে। হৃদযন্ত্ৰৰ বাবেও উপকাৰী এই শাক সেৱন কৰা। এই শাক খালে তেজৰ কলেষ্টৰল নিয়ন্ত্ৰণ হয়।

স্নায়ুৰোগ উপশমৰ বাবেও পূৰৈ শাক খোৱা উপকাৰী।

কিন্তু শ্লেষ্মা বা কফ বৃদ্ধি কৰাৰ ক্ষমতা থাকে এই পূৰৈ শাকৰ। সেয়ে ঠাণ্ডা, কফ, চাইনাচাইটিছ , এলাৰ্জি থাকিলে বা এনে সমস্যা বংশত থাকিলে পূৰৈ শাক খোৱা অনুচিত। মাইগ্ৰেইন থাকিলেও পূৰৈ শাক খোৱা হানিকাৰক।

যিসকল লোকৰ ইউৰিক এচিড বেছি থাকে তেওঁলোকৰ বাবে হানিকাৰক এই পূৰৈ শাক।

যিসকল লোকৰ কিডনী পাথৰ আৰু পিত্তাশয়ৰ পাথৰ আছে বুলি গম পাইছে তেনে লোকৰ বাবে এই শাক হানিকাৰক। ই সমস্যা বঢ়াই তুলিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *