THESE THREE TYPES OF FISH ARE HARMFUL FOR HEALTH

কি মাছ খালে শৰীৰ সুস্থ থাকিব ? কি মাছ খোৱা শৰীৰৰ বাবে হানিকাৰক? কি পদ্ধতিৰে মাছ ৰান্ধি খোৱা স্বাস্থ্যৰ বাবে উপকাৰী?

THESE THREE TYPES OF FISH ARE HARMFUL FOR HEALTH

  তিনি ধৰণৰ মাছ ভুলটো খাব নালাগে। এনে তিনিধৰণৰ মাছৰ কথা কব বিচৰা হৈছে যিবোৰ খালে উপকাৰ বাদেই শৰীৰত বিষ প্ৰৱেশ কৰাৰ দৰে ক্ষতি হয়। এনে মাছ  দেহৰ বাবে মিঠা বিষ ( slow poison) ৰ দৰে হৈ পৰি শৰীৰৰ গুৰুত্বপূৰ্ণ কিছুমান অংগ ক্ষয় কৰিবলৈ আৰম্ভ কৰিব।

  কেনেকুৱা মাছ খাব লাগে বুলি কওঁতে এটা কথা বুজিব লাগিব যে যিবোৰ মাছত অমেগা ৩ ফেঁটী এচিডৰ পৰিমাণ বেছি থাকে সেইবোৰ উপকাৰী। এই অমেগা ৩ ফেঁটী এচিড হৈছে অসংক্ৰিপ্ট চৰ্বী ( un – saturated fats) । সংক্ৰিপ্ট চৰ্বী হৃদযন্ত্ৰৰ বাবে যিমানেই ক্ষতিকাৰক অসংক্ৰিপ্ট চৰ্বী হৃদযন্ত্ৰৰ বাবে সিমানেই উপকাৰী। এই অসংক্ৰিপ্ট চৰ্বী থকা মাছ খালে শৰীৰৰ উপকাৰী চৰ্বীৰ পৰিমাণ বাঢ়ে। লগতে মাছত থকা অইন মূল্যৱান পোষক দ্ৰৱ্য হৈছে আলফা লিনলীক এচিড আৰু পেন্থনয়িক এচিড ।

FISH CONTAINS HIGH OMEGA 3 FATTY ACID

এই পোষক দ্ৰব্যবোৰ অত্যাধিক বেছিকৈ পোৱা যায় সাগৰৰ মাছত। লোকেল প্ৰজাতিৰ মাছ সমূহৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণৰ এই পোষক দ্ৰব্য পোৱা মাছ হৈছে ইলিছ মাছ, নদী বা পুখুৰীত পোৱা ৰূপছন্দা মাছ, ৰৌ মাছ আদি। আমি জানো ডাঙৰ মাছৰ ভিতৰত চৰ্চিত মাছ এবিধ হৈছে ৰৌ মাছ। এই ৰৌ মাছত অত্যন্ত প্ৰটিন থকাৰ উপৰিও থাকে যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফচফৰাচ। সেয়ে বাতবিষ, অস্থি বিষ আদি থকা লোকে ৰৌ মাছ খোৱা লাভ জনক। ইয়াৰ উপৰিও ৰৌ মাছ হৃদযন্ত্ৰৰ বাবে উপকাৰী কিয়নো ফচফৰাচ ৰ মাত্ৰা ৰৌ মাছত বেছি থাকে। ৰৌৰ পিছত স্বাস্থ্য উপকাৰী মাছ হৈছে শ’ল মাছ আৰু গৰৈ মাছ। এই মাছ খালে পোৱা যায় যথেষ্ট প্ৰটিনৰ উপৰিও কেলচিয়াম, আইৰন আৰু জিংক। সেয়ে এই শ’ল আৰু গৰৈ মাছ খালে দেহত শক্তি পোৱা যায় । ১০০ গ্ৰাম এই মাছত প্ৰায় ১০৮০ মাইক্ৰ গ্ৰাম জিংক। এই মাছ সেৱন কৰিলে হাড় আৰু মাংসপেশীৰ গঠন মজবুত হয় আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। হাঁপানী ৰোগ আৰু দেহৰ বিষ থকা লোকৰ বাবে এই মাছ খোৱা বহু লাভজনক। আৰু এবিধ উৎকৃষ্ট মানৰ মাছ আছে সেইবিধ হৈছে পুঠীমাছ। এই মাছত বেছিকৈ থকা পুষ্টি দ্ৰৱ্য হৈছে কেলচিয়াম, আইৰন, প্ৰটিন, ভিটামিন A আদি। ইয়াৰ উপৰিও সকলো সৰু মাছ যেনে দৰিকনা, মোৱা মাছ, খলিহনা, মিচামাছ, টিঙৰা, বতীয়া আদি সকলো মাছ স্বাস্থ্য উপকাৰী কিন্তু সদায় নদীৰ মাছ সেৱন কৰাহে উত্তম নাইবা যি পুখুৰীৰ মাছ প্ৰাকৃতিক ভাবে পালন কৰা হয় সেইবোৰ পুখুৰীৰ মাছ বিনা দ্বিধাই খাব পাৰে।

Tilepia is harmful for health

  কিন্তু কিছুমান মাছ খালে স্বাস্থ্যৰ বহু অপকাৰ হ’ব পাৰে কিয়নো এনেকুৱা কিছুমান মাছ আমি নজনাকৈয়ে খাই আছোঁ যিয়ে দেহত ভয়ংকৰ কেঞ্চাৰ ৰোগৰো জন্ম দিব পাৰে। এই স্বাস্থ্য অপকাৰী মাছৰ ভিতৰত প্ৰথমতে উল্লেখ কৰিব লাগিব টিছিমাছ ( টিলেপীয়া বা জাপানী কাৱৈ) ৰ কথা। এই মাছত দিবুটাইলিন ( Dibutylin) আৰু ডাইঅক্সিন নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি গৱেষক সকলে নিশ্চিত কৰিছে। যি দিবুটাইলিন পদাৰ্থ বিধ সাধাৰণতে পি ভি চি প্লাষ্টিক তৈয়াৰ কৰোঁতে ব্যৱহাৰ হয়।

These fish are harmful for health

ফলত এই মাছ খালে দেহৰ বহু কোষ ফুলি গৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ’ব, দেহত এলাৰ্জি ৰোগ হোৱাৰ উপৰিও, মেদবহুলতা, ডায়েবেটিচ ৰোগ, হাঁপানী ৰোগ , কেঞ্চাৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি হ’ব। লগতে ডাইঅক্সিন পদাৰ্থ বিধ কেঞ্চাৰ কাৰক। সেয়ে এই মাছ এদিন দুদিন কেতিয়াবা খালে বিশেষ ক্ষতি নহ’ব পাৰে কিন্তু সপ্তাহত যদি দুই তিনি দিন এই মাছ সেৱন কৰে তেন্তে এবছৰৰ ভিতৰতে বিপদ নামি অহা নিশ্চিত।

These 3 fishes are harmful for health

  ইয়াৰ উপৰিও বৰ্তমান সময়ত মাছ পালন কৰা বহু ফাৰ্মত এটি আচৰিত পন্থা অৱলম্বন কৰা দেখা গৈছে। সেয়া হৈছে হাঁহ আৰু মুৰ্গীৰ ফাৰ্মৰ যিখিনি অৱশিষ্ট অৰ্থাৎ পাইখানা খিনি পুখুৰীত মাছক খাবলৈ দিয়ে যাৰ ফলত মাছ সোনকালে ডাঙৰ হৈ পৰে। আৰু যদি সেই পুখুৰীত মাগুৰ আৰু ক’চ মাছ আছে তেন্তে এই লেতেৰা সমূহ খুব ভক্ষণ কৰিব ফলতে এই দুবিধ মাছৰ দেহত কিছু বিষাক্ত ৰাসায়নিক দ্ৰব্য জমা হৈ পৰিব। আৰু এই মাছ সেৱনৰ ফলত মানৱ দেহ দিনে প্ৰতিদিনে ৰোগীয়া হৈ দুৰ্বল হৈ পৰা নিশ্চিত। সেয়ে বজাৰত মাছ কিনোতে এইসমুহ কথা চিন্তা কৰা দৰকাৰী।

মাছ ভাজি খোৱাৰ প্ৰৱণতা বেছি। কিন্তু মাছ খৰকৈ ভাজি খালে মাছৰ পুষ্টিকৰ উপাদান সমুহ অক্ষুন্ন নাথাকে। লগতে ভজা মাছ সেৱন কৰিলে শৰীৰত বেয়া কলেষ্টৰলৰ পৰিমাণ অৰ্থাৎ সংক্ৰিপ্ট চৰ্বী বাঢ়ি যায়। সপ্তাহত দুই তিনিদিন ভজা মাছ সেৱন কৰিলে অতি কম সময়ৰ ব্যৱধানত হৃদৰোগ হোৱাৰ আশংকা বাঢ়িব।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *