HINDU BELIEFS OF NAVARATRI

নৱৰাত্ৰিৰ পৰা কোন ৰাশিৰ লোক ভাগ্যশালী হ’ব ? কি দান কৰিব নালাগে!

এই নৱৰাত্ৰিৰ পৰা কি কি ৰাশিৰ লোক ভাগ্যশালী হ’ব ? লগতে নৱৰাত্ৰিৰ কালত কি বস্তু দান কৰিলে অমংগল হব !!

HINDU BELIEFS OF NAVARATRI

   আজি ৭ অক্টোবৰ ২০২১ তাৰিখৰ পৰা পবিত্ৰ নৱৰাত্ৰি আৰম্ভ হ’ব । নৱৰাত্ৰিৰ অৰ্থ হৈছে ৯ টি ৰাতি অৰ্থাৎ এই উৎসৱৰ সময় সীমাক নিৰ্ধাৰণ কৰে। এই নৱৰাত্ৰিৰ সময়ছোৱাত পৃথিৱীৰ হিন্দু ধৰ্মাৱলম্বী লোক সকলে দেৱী দুৰ্গা মাৰ ৯ টি ৰূপ বা অৱতাৰক পূজা অৰ্চনা কৰে।

  এই ৯ ৰূপ হৈছে ‌শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। দূৰ্গা পূজাত এই ৯ টি ৰূপক পূজা প্ৰাৰ্থনা কৰিলে বিশেষ ফল মিলে।

GET MORE BLESSING OR LORD DURGA TOWARDS GOOD HEALTH

 

এই নৱৰাত্ৰিৰ পৰা কি কি ৰাশিৰ লোকৰ ভাগ্য উদয় হ’ব ??

নৱৰাত্ৰিৰ পৰা এই ৰাশিৰ লোকৰ শুভ মনা হৈছে। ৰাশি কেইটি হ’ল :-

(১) মেঘ ৰাশি :- এই ৰাশিৰ জাতক-জাতিকা সকলৰ অৰ্থ সংকট দূৰ হ’ব; আৰ্থিক ক্ষেত্ৰত নতুন কাম হাতত আহিব পাৰে। লগতে মাটি- বাৰিৰ ক্ষেত্ৰত থকা সমস্যা দূৰ হোৱাৰ যোগ আছে।

(২) কৰ্কট ৰাশি :- হঠাৎ ধন লাভ হ’ব পাৰে। এই সময়ত মা লক্ষ্মীৰ বিশেষ কৃপা দৃষ্টি থাকিব।

(৩) কন্যা ৰাশি:- এই সময়ত উন্নতিৰ নতুন নতুন পথ মুকলি হ’ব পাৰে।

(৪) ধনু ৰাশি :- ব্যৱসায়ত অধিক লাভ দেখিব।

THESE ZODAIC SIGNS PEAPLE WILL HAVE VERY GOOD LUCK FROM THE DAY OF NAVARATRI

(৫) বৃষ ৰাশি :- মা লক্ষ্মীৰ কৃপা থকাৰ বাবে ভাগ্যই লগ‌ দিব ।

(৬) মিধুন ৰাশি :- ভাগ্যই পূৰ্ণ সহায় কৰিব , আৰু আয় বৃদ্ধি পাব।

(৭) কুম্ভ ৰাশি :- এই সময়ত এই ৰাশিৰ জাতক- জাতিকা সকলৰ ওপৰত মা লক্ষ্মীৰ সকলোতকৈ বেছি কৃপা দৃষ্টি থাকিব। সকলো ফালৰ পৰা অৰ্থ লাভৰ যোগ আহিব পাৰে।

এই নৱৰাত্ৰিৰ দিনকেইটাত এই বস্তুসমূহ আনক কেতিয়াও দান কৰিব নালাগে :-

(১) নৱৰাত্ৰিৰ সময়ত পদুম ফুল দান নকৰিব। পদুম ফুল দান কৰাতো অমংগল কোৱা হয়।

(২) নৱৰাত্ৰিৰ সময়ত প্লাষ্টিকৰ বস্তু কেতিয়াও দান নকৰিব। ইয়াৰ ফলত আপোনাৰ বেপাৰ বাণিজ্যত ক্ষতিসাধন হব পাৰে।

get blessings lord durga more by this way

(৩) নৱৰাত্ৰিৰ সময়ত পিন্ধা কাপোৰ বা পুৰণি হৈ যোৱা কাপোৰ কেতিয়াও অন্য লোকক দান নিদিব । ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক অশান্তি আহিব পাৰে।

(৪) নৱৰাত্ৰিৰ দিনা ধাৰ থকা বস্তু যেন ,কটাৰি, চাকু ,দা, চুৰি ,এই সামগ্ৰীসমূহ কেতিয়াও দান নকৰিব ইয়াৰ ফলত ঘৰত অশান্তি আহে ।

(৫) নৱৰাত্ৰিৰ দিনা ভিক্ষাৰিক চাউল দান নকৰিব ইয়াৰ ফলত ঘৰত অমংগল আহিব পাৰে। গতিকে নৱৰাত্ৰিৰ পিছত আপূনি এনে বস্ত দান কৰিব পাৰে।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *