GOOSEBERRY HEALTH BENIFITS

মধুমেহ ৰোগীসকলেও গ্ৰহণ কৰক আমলখি যাৰ ফলত ৰক্ত শৰ্কৰা স্তৰ সদায়ে থাকিব নিয়ন্ত্ৰণত !!

GOOSEBERRY HEALTH BENIFITS

  আমলখি হৈছে এবিধ ৰসায়ন দ্ৰব্য (Rejuvination)। এই আমলখিৰ আছে বিভিন্ন স্বাস্থ্যসন্মত উপকাৰ এই কথা প্ৰমাণ কৰে এই আমলখিত থকা পোষক দ্ৰব্য বিশেষে।

   প্ৰবাদ আছে এটা আমলখিয়ে এটা কণীতকৈ বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে। আমলখিয়ে যৌৱন শক্তি অটুট ৰখাত বিশেষ সহায় কৰে। ই শক্তিবৰ্ধক; মেধ্য আৰু স্বাস্থ্যবর্ধক। এজন লোকক দৈনিক যিমান ভিটামিন C ৰ প্ৰয়োজন হয় সেয়া দুটি আমলখি সেৱনে পূৰ্ণ কৰিব পাৰে।

GOOSEBERY IMPROVES SEX POWER AND MEMORY

আমলখিৰ পোষক উপাদান সমুহ :-

  ১০০ গ্রাম  আমলখিৰ ৰসত পোৱা পোষক দ্রব্য সমূহ হৈছে:- পানী- ৭৯.৮০ % ; শৰ্কৰা ১৩.৭০ % ; প্রটিন- ০.৬৯ % ; ভিটামিন C – ৬০০ মি:গ্রাম; ফছফৰাছ- ২৮.২০ মি:গ্রাম ; কেলচিয়াম ২৮.২০ মি. গ্রাম; আইৰণ- ৩.৩ মি:গ্রাম; ছডিয়াম ৪.২০ মি:গ্রাম;  কপাৰ – ০.২৮ মি: গ্রাম; মেগনেছিয়াম- ১১.৮০ মি:গ্রাম; পটাচিয়াম ২৮২.০ মি:গ্ৰাম। লগতে এমিন’ এচিড, চেবুলিক এচিড, চেবুলেজিক এচিড, ইলাজিক এচিড আদিও সমৃদ্ধ হৈ থাকে এই আমলখিত।

 আমলখিৰ স্বাস্থ্য উপকাৰ:-

১) শৰীৰত হিম’গ্লবিনৰ অভাৱ বা ৰক্তহীনতাত  আমলখি সেৱন কৰিলে উপকাৰ হয়।

২) চুলি সৰিলে আমলখিৰ পেষ্ট বা ৰস চুলিত ঘঁহিলে কেইদিনমান মানতে সুফল পাব।

Gooseberry the best solution for night falls

৩) সৰু ল’ৰা ছোৱালীৰ পয়ালগা ৰোগত আমলখি ৰসে সুফল দিয়ে। নিয়মীয়াকৈ ইয়াৰ ৰস ১০ গ্ৰামকৈ প্রতিদিনে খুৱালে শিশুৰ পয়ালগা ৰোগ দূৰ হয়।

৪) সৰু ল’ৰা-ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে ১ গ্রাম আমলখি ৰসৰ লগত ২ গ্রাম কালজিৰা পিহি মিচিৰিৰ লগত খুৱাই থাকিলে বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হয়।

৫) স্বপ্নদোষ দুৰ কৰিবলৈ  প্ৰতিদিনে ৰাতিপুৱা দুটা আৰু গধুলি দুটা আমলখি সেৱন কৰিলে উপকাৰ পাব।

 Amla can cure acidity

৬) ৰক্ত শৰ্কৰাৰ নিয়ন্ত্ৰণত সহায় কৰে আমলখিয়ে। আমলখিত ক্ৰমিয়াম থাকে যিয়ে শৰীৰত ইনচুলিন উৎপাদনত সহায় কৰে। মধুমেহ ৰোগীয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ এচামুচ আমলখি গুৰি একাপ পানীত মিহলাই দৈনিক দুবাৰকৈ খাদ্য খোৱাৰ পিছত খালে উপকাৰ পাব।

৭. এচিডিটি সমস্যাৰ পৰা সকাহ পাবলৈ এক চামুচ আমলখিৰ ৰস বা গুৰি ৰাতি শুবৰ সময়ত খাব পাৰে।

৮. ওজন হ্ৰাস কৰাত সহায় কৰে আমলখিয়ে। ইয়াৰ বাবে দৈনিক ৩-৪ টা আমলখি সেৱন কৰিব লাগিব।

৯. দেহৰ ছাল স্বাস্থ্যৱান আৰু সতেজ কৰি ৰাখিব পাৰে দৈনিক কমেও দুটাকৈ আমলখি সেৱন কৰি।

১০. দৃষ্টি শক্তি বৃদ্ধিৰ বাবে দৈনিক ২-৩ টা আমলখি খোৱা উপকাৰী।

১১. মগজুৰ সক্ৰিয়তা পাবলৈ আৰু স্মৃতি শক্তিৰ বাবে আমলখি বহু উপকাৰী। দৈনিক ৩-৪ টা আমলখি সেৱনে এই উপকাৰ সাধিব।

Indian gooseberry can control Diabetis mellitus

১২) আমলখি সেৱনে মানুহক ডেকা কৰি ৰাখিব পাৰে। এই কাম সম্পন্ন কৰে ইয়াত থকা এন্টী অক্সিডেণ্ট সমূহে। আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে যে ২৫ গ্ৰাম আমলখি গুৰি এক চামুচ ঘি আৰু দুই চামুচ মৌজোল মিহলাই প্ৰতিদিনে খালে চিৰ যৌৱন প্ৰাপ্তি লাভ হয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়।

  ইয়াৰ উপৰিও হৃদযন্ত্ৰ, লিভাৰ কিডনী আদি সকলো অংগৰ বাবে উপকাৰী এই আমলখি।

আমলখিৰ পাৰ্শ্বক্ৰিয়া :-

আমলখিৰ বহু স্বাস্থ্য উপকাৰ থকাৰ পিছতো যদিহে কাৰোবাৰ ৰক্তক্ষৰণৰ সমস্যা ( Bleeding disorder ) থাকে তেনে ক্ষেত্ৰত আমলখি খোৱা হানিকাৰক। আমলখিৰ অইন অপকাৰ জানিবলৈ ভৱিষ্যতে অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি বিভিন্ন গৱেষণা পত্ৰত প্ৰকাশ পাইছে ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *