HEALTH BENEFITS OF RIDGDED GUARD

জিকা এবিধ উত্তম পাচলি কিন্তু কি ৰোগত জিকা খাব নালাগে ?

জিকা এবিধ উত্তম পাচলি কিন্তু কি ৰোগত জিকা খাব নালাগে ?

HEALTH BENEFITS OF RIDGDED GUARD

সকলোৱে জানে যে এবিধ উত্তম পুষ্টিকৰ পাচলি হৈছে জিকা। ইংৰাজীত Ridged guard আৰু বৈজ্ঞানিক ভাবে Luffa acutangula নামেৰে জনাজাত এই জিকা সেৱনৰ ফলত যথেষ্ট স্বাস্থ্য উপকাৰ হয়। এই কথা প্ৰমাণ কৰে জিকাত নিহিত হৈ থকা উপাদানসমূহে ।

জিকাৰ ১০০ গ্রাম খাদ্যেপযোগী অংশত থকা উপাদান সমূহ হৈছে :- জলীয় বাষ্প – ৯৭.২ গ্রাম, প্রটিন – ০.৫ গ্রাম, কার্বোহাইড্রেট- ৩.৪ গ্রাম, চর্বি- ০,১ গ্রাম, ফাইবাৰ- ০.৫ গ্ৰাম আৰু খনিজ লৱন যেনে:- ছডিয়াম – ২.৯ মি গ্রাম, পটাছিয়াম- ৫০ মি:গ্রাম, কেলচিয়াম – ৪০ মি গ্রাম, মেগনেছিয়াম- ১১ মি গ্রাম, ফচফৰাচ- ৪০ মি গ্রাম লো/ আইৰন – ১.৬ মি. গ্রাম কপাৰ- ০.১৬ মি. গ্রাম, ক্লৰিন- ৭ মি গ্রাম, ছালফাৰ – ১৪ মি গ্রাম।

Health benefits of Ridged guard

তেনেকৈ ইয়াত থকা ভিটামিন সমূহ :- ভিটামিন A – ৫৬ আই ইউ , ভিটামিন B6 – ০.০১ মি. গ্রাম ভিটামিন B12 – ০.২ মি গ্রাম আৰু C ভিতামিন – ৫ মি গ্রাম।

ইয়াৰ উপৰিও এই জিকাৰ ১০০ গ্রাম দ্ৰব্যই যোগাব পৰা শক্তিৰ পৰিমান হৈছে ১৭ কেলৰি।

স্বাস্থ্য উপকাৰ সমূহ :-

Health benefits Ridged guard

১) কেলৰি কম আৰু এন্টী অক্সিডেণ্ট ভৰপূৰ জিকা ডায়েবেটিচ ৰোগৰ বাবে হিতকৰ। লগতে জিকাৰ হাইপগ্লাইচেমিক গুণ আছে। ডায়েবেটিচ ৰোগ থকা লোকৰ উত্তম পাচলি।

২) ভিটামিন A ভৰপূৰ হৈ থাকে বাবে বৃদ্ধ অৱস্থাৰ চকুৰ দৃষ্টিশক্তি অটুট ৰাখিবলৈ এই জিকা খোৱা খুব উপকাৰী। এই জিকা সেৱন কৰিলে চকুৰ মেকুলাৰ অৱক্ষয় ৰোধ হয়।

৩) চেলুলজ , ডায়েটেৰী ফাইবাৰ আৰু যথেষ্ট পানী থকা হেতুকে কোষ্ঠ কাঠিন্য আৰু পেটৰ গেছৰ সমস্যা দূৰ হয়।

৪) ওজন হ্ৰাস কৰিবলৈ জিকা এবিধ উত্তম পাচলি।

৫) কোষৰ ইনফ্লেমেচন কমে জিকা খালে । সেয়ে লিম্ফ গ্লেণ্ড ফুলা ৰোগ, ফেঁটী লিভাৰ, ব্ৰংকাইটিছ ৰোগ আদি কমাবলৈ জিকা খোৱা প্ৰয়োজন।

৬) ভিটামিন C, ভিটামিন A, এন্টী অক্সিডেণ্ট সমৃদ্ধিশালী হোৱা হেতুকে দেহৰ ছালৰ বাবে উপকাৰী। খালমইনা, ব্রন, ছালৰ দাগ আঁতৰাবলৈ জিকা নিয়মিত সেৱন লাভজনক। ছালৰ অক্সিডেটিভ ক্ষয়ৰ ক্ষতিপূৰণ সোনকালে হয় জিকা সেৱন কৰিলে ।

৭) ৰক্তহীনতাত ভোগা লোকৰ বাবে উপকাৰী এই জিকা কিয়নো যথেষ্ট আইৰন আৰু ভিটামিন B6 পোৱা যায় এই জিকাত।

৮) যিকোনো লিভাৰৰ ৰোগ হৈ থাকিলে জিকা খোৱা অত্যন্ত দৰকাৰী। জিকা সেৱন কৰিলে দেহত জমা হৈ পৰা ফ্ৰি ৰেদিকেল সমূহ নিষ্কাশন হয় লগতে লিভাৰক সক্ৰিয় কৰি ৰাখে যাৰ ফলত নিয়ন্ত্ৰিত মাত্ৰাত লিভাৰৰ এনজাইম সমূহ ক্ষৰণ হয় লগতে অগ্নাশয় গ্ৰন্থিৰ এনজাইম ক্ষৰণক তড়িত কৰে।

জিকাৰ পাৰ্শ্বক্ৰিয়া :-

বহু স্বাস্থ্য উপকাৰ থাকিলেও জিকা খালে কিছুমান লোকৰ বমি আৰু পাতলীয়া শৌচ হব পাৰে । তেনে লোকে জিকা খোৱা অনুচিত।  লগতে বমি আৰু ডায়েৰীয়া হোৱা অৱস্থাত জিকা নোখোৱা ভাল ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *