USES OF TEA LEAFS REMAINS AFTER PREPARATION OF TEA

চাহ চেকি ৰৈ যোৱা অবশিষ্ট চাহপাত খিনিৰ আচৰিত কাম!!

চাহ চেকি ৰৈ যোৱা অবশিষ্ট চাহপাত খিনি আচৰিত কামত লগাব পাৰি !!

আজিৰে পৰা চাহ বনাই চেকনিৰে চাহ চেকি ৰৈ যোৱা অৱশিষ্ট চাহপাত খিনি পেলাই নিদিব। কিয়নো ইতিমধ্যে ব্যৱহাৰ হোৱা চাহপাতৰ গেদ খিনিৰ পৰাও আপুনি পাব পাৰে লাখটকীয়া লাভ ।  এই অৱশিষ্ট খিনিও বিভিন্ন অতি দৰকাৰী কামত প্ৰয়োগ কৰিব পাৰি।

 

REUSE OF TEA LEAFSBENIFITS OF REUSE OF TEA LEAF AFTER TEA PREAPARATION

আমি সকলোৱে জানো যে চাহপাতৰ পৰাই চাহ হয় আৰু চাহ  খালে বহু স্বাস্থ্য উপকাৰ হয়। কিয়নো এই চাহত যথেষ্ট পলিফেনলছ থাকে। এই  পলিফেনলছ বোৰ হৈছে কেটেচীন, ফ্লাৱানল, লিউক’এন্থুচায়েনিন, ফেনলীক এচিড আৰু ইয়াৰ দিৰাইভেটিভ সমূহ। ইয়াৰ উপৰিও থাকে কেফেইন আৰু এমিন এচিড।

 আমি চাহ বনাই চেকণিৰে চেকি ৰৈ যোৱা চাহপাত খিনিত ৰৈ যায় বহুত পোষক দ্ৰব্য যিবোৰ আমি পুনঃ চাহ বনাই নাখায় কিছু অইন কামত ব্যৱহাৰ কৰি উপকৃত হব পাৰো। সেয়ে চাহ চেকি ৰৈ যোৱা অবশিষ্ট চাহপাত খিনি এটা পাত্ৰত ভালদৰে ঢাকনি লগাই ৰাখি দিয়ক । মাত্ৰ ৰঙা চাহ খোৱা চাহপাত খিনি ৰাখিব আৰু যদিহে গাখীৰ চাহ বনাই খাইছে সেই চাহপাত খিনি পেলাই নিদি ভালদৰে ধুই লব। এসপ্তাহৰ এই চাহপাত আপুনি ব্যৱহাৰ কৰক তলত দিয়া ধৰণে:-

TEA REMAINS BENIFITS

 

Benifits of tea remains reuse

 

১) এই চাহপাত খিনি যদি আপোনাৰ ফুলৰ তাবত এক দুই চামুচ কৈ দিয়ে দেখিব ফুলৰ গছ বোৰৰ ৰঙ ঘন সেউজীয়া হৈ পৰিছে। নাইবা মাটিত ৰোপণ কৰা গছ গছনিত প্ৰয়োগ কৰিলেও একে ফল পাব। আৰু ই অৰ্গেনিক সাৰৰ কাম কৰিব। এই কাম সপ্তাহত এবাৰ কৰক।

BENEFITS REUSINGS OF TEA REMAINS

২) এই চাহপাতৰ চাৰি চামুচ লওক আৰু ডেৰ কাপ পানীত পুনৰ উতলাই পানীখিনি চেকি ঠাণ্ডা কৰক আৰু এই মিশ্ৰণৰ সৈতে এক চামুচ বেকিং চদা আৰু এক চামুচ ভীম বা চেভলন লিকয়ইড দি মিহলাই এটা স্প্রেয়াৰেৰে আপোনাৰ ঘৰত লগোৱা লাও কোমোৰা গছত স্পেই কৰি দিলে পোক পতংগ আঁতৰ হব। আৰু আপুনি গছৰ পোক খেদিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ পৰা ৰক্ষা পৰিব। এই কাম এক সপ্তাহত এক বাৰকৈ কৰিলে গছত পোক আৰু নাহিব।

Benefits reusing the remains after preparation if red tea

 

৩) এই চাহপাতৰ পাছ বা ছয় চামুচ লওক আৰু এক কাপ পানীত দি পানীখিনি আধা নোহোৱা লৈকে উতলাই পানী খিনি চেকি ঠাণ্ডা কৰক। এই পানী আপুনি মূৰৰ চুলিকোচ শ্বেম্পু কৰাৰ এঘণ্টা আগত ভালদৰে চুলিখিনিত ঘঁহি লওক আৰু সময়ত মূৰটো শ্বেম্পুৰে ধুই দিয়ক । সপ্তাহত এবাৰ হলেও এনে কাম কৰিলে চুলিৰ গঠন সুদৰ্শন হৈ পৰিব । কিয়নো চাহপাত আৰু কফি চুলিৰ বাবে কিমান উপকাৰী সকলোৱে জানে।

Benefits of tea remains

 

৪) দিনটো জোতা পৰিধান কৰা লোকৰ যদি ভৰি বৰকৈ গোন্ধাই তেন্তে আপুনি এটা চৰিয়াত দুই মগ কুহুমীয়া পানী লওঁক আৰু এই পানীত তিনি চাৰি  চামুচ চাহপাত আৰু এক চামুচ নেমু ৰস দি ভালদৰে মিহলাই লৈ দুয়োখন ভৰি প্ৰায় ১৫-২০ মিনিট তিয়াই ৰাখক। কেইবাদিনো এই কাম কৰিলে যথেষ্ট উপকাৰ পাব। লগতে ভৰি ফটা সমস্যা ও দূৰ হব।

৫) গৃহিনীয়ে পাকঘৰৰ কিছুমান কাম যেনে মচলা পিচিলে হাত জ্বলা পোৰা কৰে; কচু আদি কাটিলে হাত খজুৱতি হয় এনে ক্ষেত্ৰত হাত দুখনত মিঠাতেল ঘঁহি লৈ এই চাহপাত ঘঁহি দিয়ক নিমিষতে এই সমস্যা দূৰ হব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *