PEAPLE HAVING LONG SECOND FINGER OF FOOT IS MORE RICH AND HAPPY

পুৰুষ আৰু মহিলা উভয়ৰে ভৰিৰ ২ নং আঙুলি দীঘল হলে ভাগ্য কি ভাল কি বেয়া হ’ব ?

   পুৰুষ আৰু মহিলা উভয়ৰে ভৰিৰ আঙুলি কেইটাৰ ওপৰত তেওঁৰ ভাগ্যচক্ৰ বহুগুণে নিৰ্ভৰ কৰে। জ্যোতিষ শাস্ত্ৰত উল্লেখিত বহু প্ৰমানিক মত অনুসৰি যদিহে ব্যক্তি বিশেষৰ ভৰিৰ দুই নং আঙুলি আন চাৰি আঙুলিতকৈ দীঘল হয় তেন্তে তেওঁৰ জীৱনলৈ বহু বেছি ধন টকাৰ আগমন হোৱাৰ যোগ থাকে। এই লোক কোনোদিনেই টকা পইচাৰ অভাৱত নপৰে। এই লোকসকলৰ ধন ধান উভৈনদী হয়। আপোনাৰ ওচৰে পাজৰে সেই লোক থাকিলে প্ৰমাণ কৰি চাব পাৰে।

LUCKLINE OF BEING LONG 2ND FINGER OF FOOT

 

   কিন্তু এনে আঙুলি থকা লোক যদি কেতিয়াবা দুখীয়া দেখিছে তেন্তে সেয়া তেওঁৰ কুপ্ৰবৃত্তিৰ ফলত হয় তেওঁৰ ভাগ্যৰ দোষত নহয়। কিন্তু প্ৰায় ভাগ এনে লোকক ধনী হোৱা দেখা যায়। ছোৱালীৰ যদি এনে আঙুলি থাকে তেন্তে প্রতিপত্তি শীল হোৱাৰ লগতে তেওঁৰ ভৱিষ্যত জীৱনৰ জীৱন সংগী অতি মৰমিয়াল আৰু সৎ প্ৰবৃত্তিৰ হয়।

BENIFITS AND LUCK FACTOR OF BEING LONG 2ND FINGER OF FOOTR

লগতে এনে ছোৱালীৰ সৈতে বিবাহ কৰা স্বামী ও পত্নীৰ ভাগ্যৰ বলত আৰ্থিক ভাৱে যথেষ্ট টনকিয়াল হব পাৰে। যিবোৰ লৰা ছোৱালীৰ সৰুৰে পৰা এনে আঙুলি থাকে তেওঁলোকে সৰুৰে পৰা সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। বিদ্যা বুদ্ধি আৰু জীৱনৰ সকলো সমস্যাক হেলাৰঙে পাৰ কৰিবলৈ সমৰ্থ হয়।

   এই আঙুলি থকা লোক বহল ব্যক্তিত্বৰ, বহল মনৰ আৰু সুন্দৰ অন্তৰৰ অধিকাৰী হয়। এওঁলোকে অইনৰ বেয়া চিন্তা নকৰে আৰু আনৰ অন্যায় কৰিব নোৱাৰে। এই লোকসকলে আনৰ সহায় কৰাৰ মনোভাৱ ৰাখে।

আৰু পঢ়ক :- 

  ঘৰখনত এইকেইটা বস্তু কেতিয়াবা ও নাৰাখিব ন’হলে ঘৰখন দুখীয়া হৈ পৰিব !!

বাস্তু শাস্ত্ৰ অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয় আৰু সেই ঘৰখনত মালক্ষ্মী দেৱীয়ে প্ৰৱেশ কৰা বাদেই এবাৰ ঘূৰিও নাচাই।

THE RELIGIOUS WAY TO BE RICH AND HAPPY

ফলত ঘৰখন দুখীয়া হৈ পৰে; ঘৰখন ত অভাৱ আৰু নাটনি কুলাই পাচিয়ে নধৰা হয়। সকলোতে বিফলতা আৰু সমাজৰ সকলোৰে পৰা লাঞ্চিত বঞ্চিত হব লগা হয়। এনে পাছবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া সেইবোৰ হৈছে :-

১) ঘৰত বন্ধ কৰাৰ পিছতো টোপটোপকৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হলে সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব টোপ টোপকৈ হাতৰ পৰা ওলাই যাব । যিমানে চেষ্টা কৰিলেও ঘৰখনত অশান্তি দূৰ নহয়।

CROW NEST IN HOME SHOULD BE BROCKEN EARLIEST OTHERWISE UNLUCKY THING MAY ARISE

 

২) যদিহে ঘৰত বা চৌহদত কাউৰীয়ে বাঁহ সাজিছে তেন্তে জানিব ই অমংগল। কণী পৰাৰ আগতে এই বাঁহ ভাগি দিয়ক নহলে ঘৰখনলৈ মা লক্ষ্মী আই প্ৰৱেশ নকৰিব।

৩) ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নললেও ঘৰলৈ বাদুলিৰ আহ যাহ অমংগল । এনে হলে আপোনাৰ ঘৰখনৰ দৰিদ্ৰতা আহিব আৰু ঘৰখনত সদায় কাজিয়া পেছাল লাগি থাকিব বুলি কোৱা হয়।

৪) ঘৰত ভগা চিগা আইনা বা কাচৰ টুকুৰা, ভাগি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এদিধ পদাৰ্থ ইয়াক ভগা অৱস্থাত ঘৰত ৰাখিলে ঘৰখনত অশুভ শক্তি ভৰি পৰিব।

PEAPLE BECOME POOR WHEN THERE IS SPIDER NEST AT HOME

 

৫) ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ হাত লগাৰ আগে আগে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এই ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।

৬) মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই চাফা কৰিব ইয়াক বাহি নকৰিব। মন্দিৰৰ থাপনা বাদেই মন্দিৰৰ অইন ঠাইতো মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। ন’হলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰৱেশ ঘটিব।

৭) ঘৰৰ দেৱাল বা চাঁদ যদি ফাটিছে বা এৰি এৰি গৈছে তেনেকৈ বহুদিন নাৰাখিব। ইয়াক সোনকালে মেৰামতি কৰাই লওঁক নহলে ঘৰত অশুভ শক্তি বাঁহ লব আৰু ধন অৰ্থ গৃহ প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখন অপাই অমংগল ; কাজিয়া পেছালেৰে ভৰি পৰিব।

৮) ঘৰত বৰলে বাহ সাজিলে অতি সোনকালে ভাগি দিব ন’হলে ই ঘৰখনৰ বাবে অশুভ হ’ব পাৰে। ঘৰখন বেমাৰ আজাৰেৰে ভৰি পৰিব বা অভাৱ নাটনিয়ে জুৰুলা কৰিব।

Share it with:

1 Comment

  1. অনুগ্ৰহ কৰি অন্ধবিশ্বাস নিবিয়পাবা৷

Leave a Reply

Your email address will not be published. Required fields are marked *