HOW TO CLEAN DIMOND, GOLD, SILVER ORNAMENT EASILY AT HOME

পুৰণি সোন আৰু ৰূপৰ গহনা কেনেকৈ ঘৰতে চকচকীয়া কৰিব ?

 

HOW TO CLEAN GOLD, DIMOND AND SILVER ORNAMENTS AT HOME

আপোনাৰ সোন, ৰূপ, আৰু ডাইমণ্ড আদিৰ গহনা বোৰ পিন্ধোতে পিন্ধোতে দেখাত কলা পৰি যায় অৰ্থাৎ উজ্জ্বলতা কমি যায়। আৰু সেয়া হয় ধূলি বালি, দেহৰ ঘাম আৰু পৰিৱেশৰ প্ৰদূষণৰ পৰা। আনকি বাকচত ৰাখিলেও বতাহৰ সংস্পৰ্শত ই কলা হৈ পৰিব পাৰে।

HOW TO CLEAN DIRTY GOLD ORNAMENT AT HOME

আৰু এই উজ্জ্বলতা কমি যোৱাৰ বাবে আপুনি পাৰ্টি বা আন কামৰ বাবে পিন্ধি যাওঁতে হয়তো সংকোচ অনুভৱ কৰে। এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমি দিম আপোনাক এটি সুন্দৰ দিহা যাৰ দ্বাৰা আপুনি সহজতে আপোনাৰ ঘৰতে জুৱেলাৰী দোকানলৈ নোযোৱাকৈ আপোনাৰ গহনা সমূহ পৰিষ্কাৰ কৰি চিকচিকাব পাৰিব।

 

HOW TO CLEAN DIRTY GOLD ORNAMENTS AT HOMEHOW TO CLEAN DIMOND RING AT HOME

তাৰ বাবে আপুনি কেৰাহীত পৰিষ্কাৰ পানী লৈ পানীখিনি উতলিবলৈ দিয়ক। পানীখিনি উতলি থকাৰ সময়তে এই পানীত দিয়ক তিনি চাৰি চামুচ বেকিং চদা দিয়ক আৰু লগতে আধা কাপ ভিনেগাৰ। আৰু লগে লগেই আপোনাৰ লেতেৰা হৈ কলা কলা হোৱা গহনা সমূহ এই পানীত ডুবাই দি পাচৰ পৰা ছয় মিনিট উতলিবলৈ দিয়ক।

HOW TO CLEAN DIMOND ORNAMENT AT HOME

এই সময়ত এখন চামুচ বা হেতাৰে গহনাসমূহ তল উপৰ কৰিবলৈ নাপাহৰিব। যেতিয়া দেখিব উতলি থকা পানীৰ ৰঙ অলপ লেতেৰা দেখা গৈছে তেতিয়াই বুজিব গহনাৰ মইলা বোৰ এৰা দিছে আৰু তেতিয়াই এই গহনা বোৰ কেৰাহীৰ পৰা উলিয়াই লওক।

Clean your dirty ornaments like this

তাৰ পিছত এখন প্লেটত আপোনাৰ চুলিত ঘঁহা চেম্পু এক দুই চামুচ আৰু সম পৰিমাণৰ ভিনেগাৰ লৈ এডাল দাঁত মজা ব্ৰাছৰে গৰম অৱস্থাতে গহনা সমূহ লাহে লাহে ঘঁহি দিয়ক। বেছি জোৰকৈ ঘঁহি দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু লগে লগে বেচিনৰ পানীত ধুই লওক। দেখিব আপোনাৰ গহনা সমূহ আজি কিনি অনাৰ দৰে জিলিকি উঠিছে আৰু আপোনাৰ মুখতো এটি মিঠা হাঁহি বিৰিঙিছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *