BEAUTIFUL HEALTH BENIFITS OF HOT WATER

গৰম পানী খোৱাৰ সচাই কিবা লাভ আছেনে ?Nerve মজবুট কৰে !!

গৰম পানীৰ সচাই কিবা খালে লাভ আছেনে ? গৰম পানী কেনেকৈ খাব আৰু কেতিয়া খালে ১০০% লাভ পাব !!

পানী হৈছে খাদ্যৰ ৬ বিধ মৌলিক উপাদান সমূহৰ এবিধ। দেহৰ বাবে প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, ভিটামিন, খনিজ লৱন সমূহৰ পাক বিপাকীয় কাৰ্যসমূহ আৰু বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়া সুচাৰুভাৱে চলিবৰ বাবে এই পানী হৈছে এবিধ অতি প্ৰয়োজনীয় দ্ৰৱ। এজন লোকক দৈনিক ৩ ৰ পৰা ৪ লিটাৰকৈ পানীৰ প্ৰয়োজন।

EXCELLENT HEALTH BENIFITS OF DRINKING HOT WATERVARIOUS HEALTH BENIFITS OF DRINK8ING HOT WATER AND TAKING BATH WITH HOT WATER

 

সেয়ে পানী গৰমে হওক বা ঠাণ্ডাই হওঁক সেৱনে আমাক সুস্বাস্থ্য প্ৰদান কৰে আৰু দেহক সজীৱ কৰি ৰাখে। কিন্তু বহু লোকে দাবী কৰিছে যে গৰম পানী সেৱনে পাচন ক্ৰিয়া সক্ৰিয় কৰি তোলে, স্নায়ুকোষ সমূহত জমা হোৱা বিষাক্ত দ্ৰব্য বিশেষ নিষ্কাষিত কৰে, হাওফাঁও আৰু নাকৰ চাইনাচ সমূহত জমা হোৱা কফ পদাৰ্থ সহজতে নিষ্কাশন হয় ইত্যাদি ইত্যাদি।

10 HEALTH BENIFITS OF DRINKING HOT WATER

 

আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত যে গৰম পানী খোৱা স্বৰ্ণ পানীৰে স্নান কৰাৰ দৰে। কিন্তু আধুনিক চিকৎসাবিজ্ঞানত এই গৰম পানীৰ বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে। আকৌ বহুলোকৰ মতে ৰাতিপুৱা খালিপেটত আৰু ৰাতি ভাত খোৱাৰ আগত কমেও এগিলাছ গৰম পানী খোৱা বহু লাভজনক।

10 HEALTH BENEFITS OF DRINKING HOT WATER

 

গৰম পানীৰ কি উপকাৰ ? 

১) নাকৰ চাইনাচ সমূহ পৰিষ্কাৰ হৈ থাকে। গৰম পানী সেৱনৰ ফলত নাকৰ চাইনাচ সমূহত জমা হৈ থকা বিজলুৱা দ্ৰৱ সমূহ সহজতে নিষ্কাষণ হৈ যায়। যাৰ ফলত নাকৰ বন্ধ ফুটা খোল খাই, চৰ্দি (running nose ) কাঁহৰ সমস্যা, ডিঙিৰ খুচখুচনি ( sore throat ) আদি দুৰ হয়।

২) পাচন শক্তি ক্ষিপ্ৰতৰ কৰে। পানী সেৱনে পাকস্থলী আৰু খাদ্যনলীৰ গতি ( paralstalsis movement) বৃদ্ধি হয় যাৰ ফলত বিপাকীয় কাৰ্য ক্ষিপ্ৰতৰ হোৱাৰ লগতে অনাৱশ্যকীয় দ্ৰব্য বিশেষ সোনকালে নিষ্কাশন হ’ব আৰু খাদ্যনলীত ‘আম’ ( বদহজমৰ ফলত খাদনলীত জমা হৈ পৰা খাদ্য বিশেষ) জমা হবলৈ সুবিধা নাপাই । আৰু যদি গৰম পানী খোৱা হয় তেন্তে এই গতি আৰু ক্ষিপ্ৰতৰ হয় । গৰম পানী খালে খাদ্যনলীয়ে পাচন কৰিবলৈ কষ্ট পোৱা খাদ্যও সহজতে পাচন কৰিবলৈ সমৰ্থবান হৈ পৰে।

৩) কেন্দ্ৰীয় স্নায়ু তন্ত্ৰত শক্তিশালি কৰে। পানী নাখালে দেহৰ স্নায়ুতন্ত্ৰত ঋণাত্মক প্ৰভাৱ পৰে যাৰ ফলত মানসিক অবস্থা আৰু মগজুৰ ক্ৰিয়াত কুপ্রভাব পৰে।

BENEFITS OF CENTRAL NERVOUS SYSTEM BY DRINKING HOT WATER

গৰম পানী খালে দেহত গৰম উৎপাদন হয় যাৰ ফলত দেহৰ পৰা ঘাম নিষ্কাশন হয়। এই ঘামৰ সৈতে স্নায়ুকোষ সমূহত জমা হৈ থকা ফ্ৰী ৰেদিকলে ( free redical) যাক আমি বিষাক্ত দ্ৰব্য বুলি কওঁ সেইবোৰ নিষ্কাষিত হয়। ফলত দেহৰ ভাগৰ কম হব, মানসিক অৱসাদে মগজুত স্থান নাপাব ইত্যাদি। লগতে যদিহে এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ ঠাকে তেন্তে দেহৰ অইন তন্ত্ৰ বিশেষ সক্রিয় হৈ থকা নিশ্চিত।

৪) গৰম পানী সেৱন কৰিলে কোষ্ঠ্য কাঠিন্যই ঠাই নাপাই।

৫) ঢাণ্ডা আৰু কঁপনি নালাগে দেহত গৰম পানী সেৱন কৰিলে।

৬) গৰম পানী খালে দেহত তেজৰ পৰিবহণ প্ৰখৰ হয়।

BENEFITS OF HUMAN CIRCULATORY SYSTEM BY DRINKING HOT WATER

যেনেদৰে গৰম পানীৰে গা ধুলে ধমনী আৰু শিৰাৰ প্ৰসাৰণ হৈ দেহত ৰক্তসঞ্চালন প্ৰকট কৰি তোলে ঠিক তেনেদৰে গৰম পানী খালেও দেহত একে পৰিঘটনা ঘটে। গৰম পানী খোৱাৰ লগতে যদি ৰাতি গৰম পানীৰে গা ধুব পাৰে তেনেহলে টোপনিৰ সমস্যা দূৰ হয় আৰু খুব ভাল টোপনি আহে।

৭) দেহ বিশুদ্ধিকৰণ তন্ত্ৰ প্ৰকট হয় গৰম পানী সেৱন কৰিলে। এই কথা আৰথ্ৰাইটিচ ফাউণ্ডেচনে প্ৰকাশ কৰিছে। গাঁঠিৰ ফুলা কমে, ইউৰিক এচিডৰ মাত্ৰা কমে গৰম পানী সেৱন কৰিলে।

৮) একলাচীয়া ( achalasia ) আৰু দিছফেজিয়া ( dysphagia) কম হয়। এইটো হৈছে কিছুমান লোকে খাদ্য গিলিলে ডিঙিত ৰৈ যোৱা অনুভৱ কৰে বা ৰৈ যায়। এই সমস্যাটোত গৰম পানী অতি লাভজনক। অৱশ্যে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে।

৯) দেহৰ ওজন কম হয় ।

১০) গেছ আৰু এচিডিটি একেবাৰে নাইকিয়া হৈ যায় দৈনিক গৰম পানী সেৱন কৰিলে।

আৰু জানিবলৈ ক্লিক কৰক 

STAY HEALTHY TIPS

ঘেহুৰ পৰা ময়দা তৈয়াৰ কৰোতে মিহলোৱা হয় ৰাসায়নিক দ্ৰব্য

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *