কলৰ কি কি স্বাস্থ্য উপকাৰ আছে ? ডায়েবেটিচ ৰোগীয়ে কল খাবনে? বজাৰৰ কাৰ্বাইদ আৰু ইথাইলিন গেছেৰে পকোৱা কল কিমান অপকাৰী ? 

 

HEALTH BENEFITS OF BANANAHEALTH BENEFITS OF BANANA

জীৱকুলৰ বসতি স্থান পৃথিৱীখন ভগৱানে নানান ধৰণৰ জীৱ জন্তু, গছ গছনি তৰু লতা আদি সৃষ্টিৰ দ্বাৰা ৰসাল কৰি ৰাখিছে। এই ৰসাল পৃথিৱীৰ বেছিভাগ সৃষ্টি হৈছে মানুহৰ ভোগ বিলাসৰ বাবেই। এই সৃষ্টিৰ এবিধ অতি উত্তম ফল হৈছে কল। উত্তম এইবাবেই কোৱা হৈছে যে এই কলত মানুহৰ দেহৰ বাবে প্ৰয়োজনীয় বহুতো উপাদান ভৰপূৰ হৈ থাকে।

HEALTH BENEFITS OF BANANA

কলত থাকে ফেনলীক্স, কেৰটিনয়ডছ, বায়জেনিক এমাইন্চ আৰু ফাইটোষ্টেৰল। এই কল পকাৰ পিছত খালে শৰীৰত বিভিন্ন প্ৰকাৰৰ স্বাস্থ্য উপকাৰ পোৱা যায় :-
১) কলত চৰ্বী আৰু কলেষ্টেৰল নাথাকে কিন্তু পটাছিয়াম যথেষ্ট পৰিমাণে থাকে ফলত এই কল খালে মাংসপেশী আৰু দেহৰ স্নায়ুকোষ সমূহ মজবুত হৈ পৰে । মাংসপেশীৰ ক্রেম্প (Cramps) নহয় কল খালে।

 

HEALTH BENEFITS OF BANANA

২) হৃদযন্ত্ৰৰ স্পন্দনৰ হাৰ নিয়ন্ত্ৰণ হৈ পৰিব কল খালে কিয়নো ইয়াত পটাছিয়াম থাকে, ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে আৰু চডিয়াম আইনৰ দেহত হবপৰা কুপ্রভাব ৰোধ হয়।

৩) শক্তিৰ ভঁৰাল হৈছে কল। সেয়ে হাতীৰ সম বল পোৱা যায় কল খালে” বুলি কোৱা হয়। কলত থকা শৰ্কৰা দ্ৰব্য সমূহ হৈছে গ্লুকোজ, চুক্ৰজ, ফ্ৰুক্টজ আৰু মলটোজ। সেয়ে খোৱা মাত্ৰকে দেহত শক্তি পোৱা যায়। ক্ৰীড়া আৰু এথেলেটত অংশ গ্ৰহণ কাৰি সকলে কল খাই হঠাতে শক্তি পাবলৈ। লগতে কলত খেলুৱৈৰ বাবে প্ৰয়োজনীয় এন্টী অক্সিডেণ্ট পোৱা যায় যিবোৰ খেলুৱৈৰ পনিয়াত ( Athelete drinks) পোৱা নাযায়।

৪) ক্ষীণ আৰু দেহৰ ওজন কম থকা শিশু আৰু অইন লোকৰ বাবেও কল উপকাৰী। কল খালে দেহৰ ওজন বৃদ্ধি হব।

HEALTH BENIFITS OF BANANA

 

৫) ভিটামিন C ভৰপূৰ হৈ থাকে কলত। যাৰ ফলত কল খালে খাদ্যৰ পৰা বেছিকৈ আইৰণ শোষণ হব; দেহৰ কোষসমূহৰ ক্ষতি ৰোধ হব আৰু কোষত জমা হোৱা ফ্ৰি ৰেদিকলে অৰ্থাৎ বিষাক্ত দ্ৰৱ্য নিষ্কাশন হয় ফলত দেহত বয়সৰ চাপ নপৰে।

৬)কল সহজে হজম কৰিব পৰা এবিধ ফল। খোৱাৰ প্ৰায় ৩৫ মিনিটৰ ভিতৰতে ইয়াৰ পাচন সম্পূৰ্ণ হয়। আৰু সেইবাবেই ই ডায়েবেটিচত কোনো প্ৰভাৱ নেপেলাই।

৭) কল খালে দেহৰ হাড়ৰ দুৰ্বলতা কমে। কিয়নো কলত থকা প্ৰি -বায়টিক সমূহে দেহক কেলচিয়াম আয়ন শোষণত সহায় কৰাৰ লগতে দেহৰ পাচন ক্ৰিয়া ক্ষিপ্ৰত্যৰ কৰে। লগতে মেনগানিছ নামৰ খনিজ লৱন পোৱা যায় কলত যিয়ে হাড়ৰ মজবুতি প্ৰদান কৰিব পাৰে।

৮) কল কোষ্ঠ্য কাঠিন্য আৰু ডায়েৰীয়া উভয়ৰ বাবে উপকাৰী কিয়নো ইয়াত উৎকৃষ্ট মানৰ ডায়েটেৰী ফাইবাৰ থাকে।

৯) কল হৈছে ভিটামিন B6 ৰ ভঁৰাল। সেইবাবে কল খালে দেহৰ কোষৰ ইনফ্লেমেচন ৰোধ হয়; হৃদৰোগ প্ৰতিৰোধ হয়;  টাইপ ২ ডায়েবেটিচ প্ৰতিৰোধ হয় আৰু লগতে মেদবহুলতা (Obesity) প্ৰতিৰোধ হয়।

১০) ভিটামিন B6 ৰ ভঁৰাল হোৱা বাবে মগজুয়ে পুষ্টি পাই কল খালে। কিয়নো ভিটামিন B6 হৈছে স্নায়ুৰ খবৰ পৰিবাহী কোষ সমূহৰ বাবে প্ৰয়োজন হোৱা এবিধ ভিটামিন যিয়ে এই কোষ সমূহৰ পৰিপুষ্টি প্ৰদান কৰে। লগতে কলত থাকে দোপামিন (dopamine) নামৰ নিউৰিত্ৰেন্চমিতাৰ যিয়ে স্নায়ুৰ চিগনাল (signal) বোৰ পৰিবাহিত কৰে।

BANANA IS G

১১) কল হৈছে পাকস্থলীৰ বাবে উত্তম ফল। ই পাকস্থলীৰ এচিড নিয়ন্ত্ৰণ কৰে। গেষ্ট্ৰিক আলছাৰ ৰোগীৰ বাবে এই ফল হৈছে মহৌষধ।

১২) কলত আইৰনৰ পৰিমাণ যথেষ্ট বেছি। সেয়ে ৰক্তহীনতাত ভোগা লোকৰ বাবে কল বহু উপকাৰী।

১৩) কেইবাটাও এন্টী অক্সিডেণ্ট থাকে যদিও এবিধ এন্টী অক্সিডেণ্ট “কেটেচিন” খুব বেছি পৰিমানে থাকে কলত। সেয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল ৰাখিবলৈ কল খোৱা অতি প্ৰয়োজনীয় ।

  আনকি কল যদিহে কেঁচাই কেঁচাই পাচলি হিচাপে ভক্ষণ কৰা হয় তেতিয়াও পোৱা যায় একেই স্বাস্থ্য উপকাৰ। মাত্ৰ কেঁচা কলত ফাইবাৰৰ পৰিমাণ বেছি থাকে। কলত প্রেক্টিন নামৰ ফাইবাৰ পোৱা যায়। সেইবাবে ডায়েবেটিচ ৰোগীয়ে কলৰ পাচলি খোৱা অত্যন্ত প্ৰয়োজনীয়।

 

বজাৰৰ কাৰ্বাইদ আৰু ইথাইলিন গেছেৰে পকোৱা কল কিমান অপকাৰী ? 

   কিন্তু পৰিতাপৰ কথা যে বৰ্তমান সময়ত কেঁচা কল পকাবলৈ বিভিন্ন ধৰণৰ অসৎ পণ্ঠা অৱলম্বন কৰা হয়। কেঁচা কল কৃত্ৰিম ভাৱে পকাবলৈ ব্যৱহাৰ কৰা হয় ইথাইলিন গেছ ; এচিটাইলিন গেছ আৰু কেলচিয়াম কাৰ্বাইদ।  কেলচিয়াম কাৰ্বাইদ পানীৰ সৈতে মিহলাই দিলে ইথাইলিন গেছে উৎপন্ন হয় । ফলত এই কাৰ্বাইদ পানী ফলমূলত ছটিয়াই দিলে কম সময়তে ফলমুল পকে। কিয়নো গছৰ ফল পকাৰ প্ৰাকৃতিক পৰিঘটনাটি এই যে ফলবিধ পুৰঠ হলে ফলৰ পৰা ইঠাইলিন গেছ প্ৰাকৃতিক ভাবে লাহে লাহে নিৰ্গত হৈ কিছু দিনৰ ভিতৰতে ফলবিধ নিজেই পকে। কিন্তু ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ কৰি ফলবিধ সোনকালেই পকাই তুলিলে ফলবিধৰ পোষক দ্ৰব্য সমূহৰ বহুখিনি নিষ্ক্ৰিয় হোৱাৰ সম্ভাৱনা থাকে লগতে মিশ্রিত ৰাসয়নিক দ্ৰৱ্যৰ পৰা কিছু স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়ে ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড নিৰ্ধাৰণ আয়োগে চমুকৈ FSSAI য়ে খাদ্য সুৰক্ষা আইন ১৯৫৪ মৰ্মে ফলমূল পকাবলৈ কাৰ্বাইদ ব্যৱহাৰত বাধা আৰোপ কৰিছে। আৰু কোনোবাই এই কাম কৰাৰ অভিযোগ পালে ৩ বছৰ সষ্টম কাৰদণ্ড আৰু ১০০০ টকা জৰিমনা বিহাৰ নিৰ্দেশ আছে।

HEALTH HAZARDS OF BANANA RIPEN BY CALCIUM CARBIDE

 

এই কাৰ্বাইদ আৰু কৃত্ৰিম ইঠাইলিন গেছ মিহলাই পকোৱা ফলমুল সেৱন কৰিলে স্বাস্থ্যৰ অপকাৰ হয়। সদায়ে এনে ফলমুল সেৱন কৰিলে পেটৰ গেছৰ সমস্যা, চকুৰ দৃষ্টিশক্তিৰ সমস্যা, স্নায়ুৰোগৰ সমস্যা যেনে মগজুৱে অক্সিজেন কম পোৱা ( hypoxia) , মূৰ ঘূৰণী, টোপনি বেছিকৈ লগা, স্মৃতি শক্তি লোপ হোৱা, দেহৰ দুৰ্বলতা বৃদ্ধি হোৱা, নিম্ন ৰক্তচাপৰ সমস্যাত ভোগা আনকি মৃগী ৰোগৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে।

গৰ্ভৱতী মহিলাই এই কল খোৱা অতি বিপদজনক।

ফলমুলৰ বাহিৰেও পাচলি আদিও পকাবলৈ এই কাৰ্বাইদ ব্যৱহাৰ কৰা দেখা যায়।

গ্ৰাহক হিচাপে কেনেকৈ চিনি উলিয়াব এই কাৰ্বাইদৰে পকাই তোলা কল ??

যদিহে কলটো কাৰ্বাইদৰ দ্বাৰা পকোৱা হৈছে তেন্তে মন কৰিব কলৰ বাকলি সম্পূৰ্ণভাবে হালধীয়া দেখিব কিন্তু ঠাৰিডাল ঘন সেউজীয়া হৈয়ে থাকিব। এই পকা কলৰ গোন্ধ আৰু সোৱাদ অতি নিম্ন মানৰ হোৱাৰ লগতে এই কল খুব সোনকালেই মাত্ৰ দুদিনৰ পিছতে কলা পৰি পঁচি যাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *