ৰাতিপুৱা এই কাম কৰা ক্ষতিকাৰক!! এলাৰ্ম দি জাগিলে হৃদস্পন্দন বাঢ়ে!

ৰাতিপুৱা এই চাৰিটা কাম কৰিব নালাগে !!

   ৰাতিপুৱা শুই উঠি প্ৰথমে কি কৰিব কি নকৰিব ইয়াৰ বহুত ধৰণৰ বিতৰ্ক শুনা গৈছে। আমি সেইবোৰলৈ নাযাও মাত্ৰ যিকেইটা কাম শুই উঠিয়েই কৰিলে বিজ্ঞানসন্মতভাবে দৈহিক আৰু মানসিক স্বাস্থ্যৰ বাবে অহিতকৰ তাকেহে কবলৈ যত্ন কৰা হৈছে। 

১) এলাৰ্ম ক্লকৰ সহায়ত ৰাতিপুৱা শুই উঠিব নালাগে। ৰাতিপুৱা এলাৰ্ম ক্লকৰ সহায়ত শুই উঠা আৰু “যুদ্ধ কৰিব যোৱা বা উৰিবলৈ প্ৰয়াস কৰা” ( Fight and flight) ৰ দৰে।

It's bad for health to awake up by alarm clock ring

  কিয়নো যদিহে আপুনি এলাৰ্ম বজাৰ সময়ত গভীৰ টোপনিত আছে আৰু ই বজাৰ লগে লগে সাৰ পাইছে তেন্তে হঠাতে হোৱা এনে পৰিঘটনাৰ বাবে হৃদযন্ত্ৰৰ স্পন্দনৰ মাত্ৰা হঠাতে বৃদ্ধি হব। এই পৰিঘটনাৰ ফলত এড্ৰেনেলিন হৰমনৰ ক্ষৰণ বাঢ়িব। জানি আচৰিত হব যে এই হৰমন টি দেহত তেতিয়াহে ক্ষৰণ হয় যেতিয়া এজন ব্যক্তি ভয় খাই বা ব্যক্তি এজনৰ খং উঠে। সেয়ে টোপনিৰ পৰা সাৰ পাব লাগে প্ৰাকৃতিক ভাবে এলাৰ্মৰ শব্দত নহয়। গতিকে এলাৰ্ম ব্যৱহাৰ কৰিব খুব বেছিকৈ প্ৰয়োজনৰ দিনাহে।

২) ৰাতিপুৱা শুই উঠিয়েই মোবাইল ফোনটি হাতত নলব । বহুজন লোকৰে এটি অভ্যাস যে ৰাতিপুৱা শুই উঠিয়েই মোবাইল টো লৈ ফেচবুক, হোৱাতচ এপ, ই মেইল, টুইটাৰ বা টেক্সত মেছেজ কি আহিলে এবাৰ খুঁচৰি চোৱা।

Very bad for health to chat mobile phone just after sleep

এয়া আচলতে কমেও টোপনিৰ পৰা উঠাৰ আধাঘন্টা মানৰ পিছতহে কৰিব লাগে। কিয়নো শুই উঠাৰ পিছত মন মগজু সজীৱ হবলৈ কমেও কিছু সময়ৰ প্ৰয়োজন হয় আৰু এই সময়ছোৱাৰ পিছত হে মগজুৱে নতুন কাম বা চিন্তাৰ বোজা লব পৰা হয়। বিভিন্ন গৱেষণাত প্ৰকাশ যে শুই উঠিয়ে যদি আপুনি ই মেইলত আপোনাৰ অফিচৰ পৰা অহা কামৰ বোজা, হোৱাতএপত অহা কাৰোবাৰ বেয়া খৱৰৰ আবেগ, সামাজিক মাধ্যমৰ আপুনি বেয়া পোৱা বাৰ্তা ৰ ঘৃণা মগজুলৈ প্ৰেৰণ কৰে তাৰ পৰা নিশ্চিত ভাবে ক্ষতি হ’ব।

৩) শুই উঠাৰ পিছতে লগে লগে কামত নিয়োজিত কৰা এক বেয়া অভ্যাস। শুই উঠাৰ প্ৰথম ১ ঘণ্টাৰ এখন ৰুটিন থাকিব লাগে । এই ৰুটিন খনত থাকিব লাগে দাঁত ব্ৰাছ কৰা, অলপ শাৰীৰিক ব্যায়াম কৰা, ভালদৰে গা ধোৱা আৰু ভালকৈ মন পছন্দৰ ব্ৰেকফাষ্ট কৰা। অৰ্থাৎ উঠিয়েই জীৱনতো জটিল কৰি লব নালাগে।

৪) শুই উঠিয়েই চাহ বা কফি একাপ নাখাব। বা নতুন ফেচন মৰ্মে বেড টি নলব। প্ৰথমে কমেও এগিলাচ পানী সেৱন কৰি ৰাতিৰ উপবাস ভাঙিব লাগে। 

Not tea or coffee but drink water just after wake up in morning

ৰাতি৭-৮ ঘণ্টা শুই থাকোতে দেহৰ কোষ সমুহত পানীৰ অভাৱ হয়। আৰু যদি এগিলাচ পানী উঠিয়ে খাই দিয়ে এই অভাৱ দুৰ হব আৰু তাৰ পিছতহে চাহ কফি সেৱন যোগ্যতাপূৰ্ণ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *