চিৰযৌৱনা হৈ থাকিবলৈ আঙুৰ খাওক-স্মৃতি শক্তি বৰ্ধক!!

সদায় আঙুৰ খালে কি স্বাস্থ্য উপকাৰ হব ?? ডায়েবেটিচ ৰোগ বাঢ়িব নেকি??

  আঙুৰ এবিধ সুস্বাদু ফল। সমগ্ৰ বিশ্বতে প্ৰায় ২০০ প্রকাৰৰ আঙুৰ উপলব্ধ। ঠিক তেনেদৰে ইয়াৰ ৰঙবোৰো ভিন্ন যেনে:- কলা, বগা, গুলপীয়া, সেউজীয়া আৰু নীলা আদি। 

Grapes best for heart, kidney, brains

Grapes as best fruit for retina, brain

একেদৰে এই আঙুৰক পৰিপুষ্টিৰ ভঁৰাল বুলি কোৱা হয়। মানুহৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰাইবিধ পোষক দ্ৰব্য বিৰাজ মান আঙুৰত যাৰ ফলত আঙুৰ খালে পোৱা যায় আপুনি মই ভবাতকৈও বেছি স্বাস্থ্য উপকাৰ। সেইবোৰ হৈছে:-

  ১) আঙুৰ খালে হৃদযন্ত্ৰই ভাল পৰিপুষ্টি পায়। ফ্লেভূনৈদচ আৰু ৰেচভেৰেটেল নামৰ পোষক দ্ৰব্য থাকে যিয়ে হৃদৰোগ প্ৰতিৰোধ কৰে। এই দ্ৰব্যই কলেষ্টৰলৰ মাত্ৰা কমাই,

Grapes good for cholesterol control

 শিৰা উপশিৰত তেজৰ অনাৱশ্যক গোট মৰাক বাধা দিয়ে।

  ২) চকুৰ দৃষ্টিশক্তি সতেজ কৰি ৰাখিব পাৰে আঙুৰত থকা পোষক দ্ৰব্যই।

Grapes as good fruit for health

ভিটামিন A আৰু লুটিনৰ ভঁৰাল হৈছে আঙুৰ। ফলত চকুৰ ৰেটিনাৰ অবক্ষয় ৰোধ হ’ব।

  ৩) চিৰযৌৱনা হৈ থাকিবলৈ আঙুৰ খাওক। এয়া সম্ভৱ আঙুৰত অন্তৰ্নিহিত এন্টী -অক্সিডেণ্ট সমূহৰ বাবে।  এন্টী অক্সিডেণ্ট ৰ বাবে মগজুৰ ক্ৰিয়া কলাপ সক্ৰিয় হৈ পৰে, তেজৰ প্ৰবাহ সক্ৰিয় হৈ থাকে আৰু দেহৰ আভ্যন্তৰীণ অংগ সমূহৰ অনাৱশ্যক ইনফ্লেমেচন ৰোধ হয়।

Grapes good for brain and neuron

ফলত মগজুৰ তীক্ষ্ণতাই দৃঢ়তা পায়, স্মৃতি শক্তি বৃদ্ধি হয়, দেহৰ ছাল বয়সলৈ সতেজ হৈ থাকে। কলা আৰু ৰঙা আঙুৰত ‘কোৱাৰচেটিন’ বেছিকৈ পোৱা যায় যিয়ে মগজুৰ আৰু স্নায়ুকোষৰ অবক্ষয় ৰোধ কৰিব পাৰে, “এলজেমৰ ৰোগ” ক দূৰৈত ৰাখিব পাৰে।

  ৪) ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ খাওক আঙুৰ। এন্টী অক্সিডেণ্ট ভৰপূৰ আৰু চেনীৰ পৰিমাণ অতি কম ঠাকে বাবেই এই আঙুৰ সেৱন কৰিলে টাইপ ২ ডায়েবেটিচ নিয়ন্ত্ৰণ হয়।

 ৫) বাঢ়ি অহা লৰা ছোৱালী ক স্মৃতি শক্তি বৰ্ধক হিচাপে খোৱাওক আঙুৰ।

  ৬) আৰথ্ৰাইটিচ ৰোগীয়ে বিষ উপশমৰ বাবে খাওক আঙুৰ।

  ৭) কেঞ্চাৰ ৰোগ নহবলৈ খাওক আঙুৰ। পলিফেনল নামৰ জৈৱ পদাৰ্থ বিধ হৈছে এবিধ শক্তিশালী এন্টী অক্সিডেণ্ট যি আঙুৰত পোৱা যায় আৰু ইয়াৰ ফলতে দেহৰ কোষৰ ইনফ্লেমেচন ৰোধ হয়। খাদ্যনলীৰ কেঞ্চাৰ, যকৃত কেঞ্চাৰ, স্তন কেঞ্চাৰ, ছালৰ কেঞ্চাৰ আৰু লিউকেমিয়া প্ৰতিৰোধ হয়।

  ৮) বহুদিন যিকোনো ৰোগত ভুগি থাকিলে ৰোগ প্ৰসমনৰ বাবে খাওক আঙুৰ। কিয়নো আঙুৰ সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কাৰণ আঙুৰ ৭ প্রকাৰৰ এন্টী অক্সিডেণ্ট ৰ ভঁৰাল হোৱাৰ লগতে ভিটামিন C থাকে ।

  ৯) কিডনি দুটা পৰিষ্কাৰ কৰি ৰাখিবলৈ খাওঁক আঙুৰ। আঙুৰৰ গুটি বোৰৰো থাকে এন্টী অক্সিডেণ্ট গুণ যিয়ে কিডনিৰ নেফ্ৰন সমূহক সক্ৰিয় কৰি ৰাখিব পাৰে।

  ১০) কোষ্ঠ কাঠিন্য দূৰ হবলৈ খাওক আঙুৰ।

  ১১) মাইগ্ৰেইন উঠাৰ সময়ত বিষ উপশমৰ বাবে খাওক আঙুৰ।

 ১২) দেহৰ ওজন কমাবলৈ খাওক আঙুৰ।

 ১৩) এলাৰ্জি আৰু এজমা ৰোগ থকা সকলেও ৰোগ নিৰ্মূলৰ বাবে খাওক আঙুৰ।

 ১৪) আঙুৰ খালে টোপনিৰ সমস্যা দূৰ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *