WALKING BEST MEDICINE FOR HEART AND LUNGS

হৃদযন্ত্ৰ মজবুট হয় খোজকাঢ়িলে!!কিমান আৰু কোন সময়ত খোজকাঢ়িব?

খোজ কেতিয়া কাঢ়িব? কিমান সময় খোজ কাঢ়িব? কি লাভ পাব খোজকাঢ়িলে ??

স্বাস্থ্যই পৰম সম্পদ । আৰু বহু সম্পদ অনৰ্থক যদিহে দেহ ৰুগীয়া হৈ পৰে।  সুন্দৰ স্বাস্থ্য গঢ়ি তুলি তাক অটুট ৰাখিবলৈ প্ৰয়োজন কিছু শাৰীৰিক ব্যায়ামৰ। খোজ কাঢ়া, দৌৰা আদি হ’ল এক উত্তম ব্যায়াম। দৈনিক কমেও ৩৫ মিনিট খোজ কাঢ়িলে পাব পাৰি বহুতো স্বাস্থ্য উপকাৰ। সেইবোৰ হ’ল :-

WALKING IS GOOD FOR HEART AND LUNGS

১) খোজ কাঢ়িলে পাচন তন্ত্ৰ সক্ৰিয় হয় ফলত কোষ্ঠ্য কাঠিন্য সমস্যা দূৰ হয়, বদহজম, গেছৰ সমস্যা নাইকিয়া হয়।

২) খোজ কাঢ়িলে হৃদযন্ত্ৰৰ ব্যায়াম হয় ফলত হৃদযন্ত্ৰ মজবুট হ’ব আৰু বিভিন্ন প্ৰকাৰৰ হৃদৰোগ দূৰৈত থাকিব।

REGULAR WALKING IMPROVE HEART FUNCTIONS

 দিনৰ দিনটো অফিচত বা ব্যৱসায়ত বহি থকা লোকৰ বাবে খোজকাঢ়া অতি উত্তম ব্যায়াম।

৩) খোজকাঢ়িলে দেহৰ অতিৰিক্ত কেলৰি খৰছ হয়। ৩০ মিনিটত প্ৰায় ২০০ কেলৰি খৰছ হয় সেয়ে দেহত জমা হোৱা চৰ্বী সমূহ নাইকীয়া হৈ শৰীৰ সুন্দৰ হয় খোজকাঢ়িলে।

৩) ৰক্তচাপ নিয়ন্ত্ৰণ হয়। চুটি উশাহৰ সমস্যা দূৰ হয়।

WALKING IMPROVES LUNGS FUNCTIONS

কিয়নো খোজকাঢ়িলে হাওফাও মজবুট হৈ পৰে।

৪) তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ ৰাখিব পাৰি খোজকাঢ়িলে।

৫) দেহত তেজৰ সঞ্চালন বৃদ্ধি হয় যি মগজুৰ বাবে উপকাৰী।

5 BAD HABITS DAMAGE BRAIN

তেজৰ সঞ্চালন বৃদ্ধি হ’লে তেজৰ কলেষ্টৰল নিয়ন্ত্ৰণ হয়।

৬) শৰীৰৰ হাড় মজবুত কৰে আৰু শৰীৰলৈ স্থিৰতা আনে।

৭) নিয়মিত খোজ কাঢ়িলে টোপনিৰ সমস্যা দূৰ হয়।

৮) মনৰ চিন্তা আৰু অৱসাদ দূৰ হয়।

৯) খোজকাঢ়িলে মগজু প্ৰখৰ হয়, বুদ্ধিমত্তা বৃদ্ধি পায় আৰু মনোযোগ বাঢ়ে।

১০) নিয়মিত খোজ কাঢ়ি ভাল পোৱা লোকে দীঘলীয়া জীৱন উপভোগ কৰে।

কেতিয়া খোজ কাঢ়িব ৰাতিপুৱা নে আবেলি ??

ৰাতিপুৱা খালিপেটত খোজ কাঢ়া উত্তম। অৰ্থাৎ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতেই খোজ কাঢ়িলে উত্তম বুলি বিভিন্ন গৱেষণাত প্রকাশ পাইছে।

 এজন সুস্থ লোকে সকলো সময়তে খোজকাঢ়িব পাৰে কিন্তু যদিহে হৃদৰোগ থকা লোকে খোজ কাঢ়িছে তেন্তে খালিপেটত খোজকাঢ়িব লাগে কেতিয়াও ভোজন কৰাৰ পিছত খোজ নাকাঢ়িব। কিয়নো খাদ্য খোৱাৰ পিছত প্ৰায় এক ডেৰ ঘণ্টালৈ খাদ্যনলীক বেছিকৈ মানে প্ৰায় দুগুণ ৰক্তসঞ্চালনৰ প্ৰয়োজন হৈ পৰে। আৰু খোজ কাঢ়িলে হৃদযন্ত্ৰত ও দুগুণ তেজ সঞ্চালনৰ প্ৰয়োজন হয়। কিন্তু এই দুই অংগত হৃদযন্ত্ৰই একে সময়তে পৰ্যাপ্ত পৰিমাণৰ তেজৰ সঞ্চালন কৰিব নোৱাৰি হৃদযন্ত্ৰৰ বিষৰোগ ( Angina ) হব পাৰে ফলত হৃদযন্ত্ৰ বিকল হব পাৰে। সেয়ে ভোজনৰ পিছত এক ঘণ্টা কমেও জোৰ কাম বা ব্যায়াম কৰিব নালাগে। হৃদৰোগ থকা লোকে যদিহে  সময় অভাৱত আবেলি খোজকাঢ়ে তেন্তে পেট খালি ৰখা দৰকাৰী। অৱশ্যে নিৰোগী লোকে দিনৰ যিকোনো সময়ত খোজ কাঢ়িলে কিবা সমস্যা হ’ব বুলি বিজ্ঞান ভিত্তিক তথ্য নাই।

কিমান সময় খোজ কাঢ়িব ??

এজন সুস্থ লোকে দৈনিক কমেও ৩৫ মিনিটকৈ মাহত কমেও ২৫ দিন খোজকাঢ়িলে খোজকাঢ়াৰ স্বাস্থ্যগুণ সমূহ উপভোগ কৰিব পাৰিব। ইয়াতকৈ বেছি সময় খোজকাঢ়িলেও ক্ষতি নহয় বৰং লাভহে হ’ব। আৰু বিজ্ঞানসন্মত ভাবে কবলৈ হ’লে দৈনিক ৭ হাজাৰৰ পৰা ৮ হাজাৰ খোজ দিব লাগে। আৰু এই মাত্ৰাত উপনীত হবলৈ মিনিটত কমেও ১১০ ৰ পৰা ১২০ খোজ দিব লাগিব।

কিন্তু হৃদৰোগ থকা লোক আৰু গৰ্ভৱতী মহিলাই খোজ কাঢ়িলে মিনিটত ৬০-৭০ খোজহে দিব, লাগিলে খোজ কাঢ়া সময় বঢ়াব কিন্ত খোজৰ গতি নবঢ়াব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *