বাৰে বাৰে প্ৰস্ৰাৱ কৰাটোও কিডনী ৰোগ নেকি ?

বাৰে বাৰে প্ৰস্ৰাৱ কৰাটোও কিডনী ৰোগ নেকি ? কিডনী ৰোগৰ আগজাননী বোৰ কি :-

 

  কিডনী ৰোগসমূহ চিকিৎসাৰে সম্পূৰ্ণ ৰূপে ভাল কৰিব পাৰি যদিহে ইয়াক আৰম্ভণিতে ধৰা পেলাব পাৰি। সেয়ে সৰ্বসাধাৰণ লোকেও কিডনী ৰোগৰ কিছু সৰু সৰু কথা জানিলে ভৱিষ্যতে হব পৰা কিডনী ৰোগৰ অনুমান কৰিব পাৰে। আৰু আৰম্ভনিতে যদি এই লক্ষণ সমূহ গম পোৱা যায় তেতিয়াই তেওঁ ৰক্ষা পৰিব পাৰিব কিডনী ফেইলৰ হোৱাৰ পৰা। এনে আঠটা লক্ষণ তলত দাঙি ধৰা হল যিকেইটা লক্ষণ আৰম্ভণিতে চিকিৎসা নকৰিলে বৃক্ক দুটি নষ্ট হৈ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে।

  ১) সঘনাই পেচাব লগা। মহিলাৰ ক্ষেত্ৰত সঘনাই পেচাব কৰাটো পেছাবৰ নলীত বীজাণু সংক্ৰমন (UTI) বুজাই। আৰু পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হলে পেচাব ঘনকৈ কৰা সমস্যা দেখা যায়। আৰু এই বীজাণু সংক্ৰমণ বাঢ়ি গৈ গৈ এদিন বৃক্ক বিকল হব পাৰে।

2) প্ৰস্ৰাৱৰ সৈতে তেজ নিৰ্গত হোৱা। যেতিয়া কিডনী কোষসমূহ ( যাক নেফ্ৰন বুলি কোৱা হয় ) দুৰ্বল হৈ বৃক্কৰ মাজেৰে পৰিবাহী তেজ ধৰি ৰাখিব নোৱাৰে তেতিয়াই পেচাবৰ লগত তেজৰ চেকুৰা ওলাই আহে আৰু পেচাবৰ ৰং ৰঙা হৈ পৰে। এই তেজৰ চেকুৰা পেচাবত উপলব্ধ হোৱা পৰিঘটনাই দুৰ্বল কিডনীৰ আগজাননী দিব।

  ৩) পেচাব ফেন ফেনকৈ হোৱা। এই পৰিঘটনাই পেচাবত এলবুমিন নামৰ প্ৰটিন নিৰ্গত হোৱা বুজাব। এয়াও কিডনী দুৰ্বল হোৱাৰ আগজাননী ।

CAN FREQUENT MICTURATION BE THE SYMPTOMS OF KIDNRY FAILURE?

৪) যদিহে হাত ভৰি ফুলা ফুলা হয়। যদিহে বৃক্কৰ সক্ৰিয়তা হ্ৰাস পাই তেতিয়াই দেহৰ কোষত নিমখ (চডিয়াম) ৰ পৰিমাণ বাঢ়ি যায় ; ফলত কোষত পানী জমা হৈ পৰে । এই ফুলা ফুলা পৰিঘটনা প্ৰথমতে পতা আৰু গোৰুহাত হব আৰু লাহে লাহে আগহাততো হব।

  ৫) মুখমণ্ডল ফুলা ফুলা অনুভৱ হোৱা। এনে ঘটনা ঘটে পেচাবত বেছিকৈ প্ৰটিন নিৰ্গত হোৱাৰ বাবে।

  ৬) দেহৰ মাংসপেশী বোৰ টানি টানি ধৰা, ভৰিৰ কলাফুল খামুচি ধৰা। খুব বেছিকৈ এনে ঘটনা বেছিকৈ হলে খুব কম দিনত কিডনী বিকল হোৱাৰ আশংকা থাকিব পাৰে। এয়া ঘটে দেহত ইলেক্ট্ৰলাইট (চডিয়াম, পটাছিয়াম, মেগনেচীয়াম আদি আয়ন ) ৰ তাৰতম্য হোৱাৰ ফলত ।

 

  ৭) বেছিকৈ ভাগৰ লগা আৰু দুৰ্বল হৈ পৰা। কিডনীৰ সক্ৰিয়তা হ্ৰাস হলে তেজত বিষাক্ত দ্ৰব্য যেনে:- ইউৰিক এচিড, ইউৰিয়া, ক্ৰিয়েটেনিন, এমনীয়া আদি জমা হয় অৰ্থত কিডনিয়ে এই সমূহ নিষ্কাশন কৰিবলৈ অসমৰ্থ হয়। লগতে এই বিষাক্ত দ্ৰব্য বোৰে তেজৰ হিমগ্লবিন সমূহ ধ্বংস কৰে যাৰ ফলশ্ৰুতিত দেহ বহুত দুৰ্বল হৈ পৰে।

  ৮) গাৰ ছালৰ অদ্ভুত খজুৱতি। কিডনীয়ে যেতিয়া মিনাৰেল, পোষক দ্ৰব্য আদিৰ ব্যৱহাৰ সমতুল কৰিব নোৱাৰা হৈ পৰে তেতিয়া গাৰ ছাল টুকুৰাই পৰিপুষ্টি নাপাব আৰু তেতিয়া ছালখন শুকান হৈ পৰিব আৰু ছালত খজুৱতি হব।

  এনেবোৰ লক্ষণ দেখা মাত্ৰকে নিজৰ চিকিৎসকৰ ওচৰলৈ যোৱাটো বাঞ্ছনীয়। আপোনাৰ অকণমান সাৱধানতাই আপোনাক ৰক্ষা কৰিব কিডনী বিকলৰ দৰে এক ভয়ংকৰ বিপদৰ পৰা।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *