শাওণত ব্ৰত ৰাখিলে কি খাব ? শিৱলিংগত কি ধালিলে ফল পাব?

পৱিত্ৰ শাওণ মাহত ব্ৰত ৰাখিলে কি খাব আৰু শিৱলিংগত কি ধালিলে ফল পাব:-

ভক্তিয়ে ভগবান!! কিয়নো ভক্তিৰ মাজেৰে ভক্তই লগ পাই নেদেখাজনক। ভক্তি নাথাকিলে ভগৱানক যিমানে পূজা অৰ্চনা নকৰক যিমান নেই বলিবিধান নিদিয়ক তাৰ কোনো লাভ নাই।

    সকলোৱে জানে শিৱ দেৱতাক পূজা অৰ্চনা কৰাৰ উত্তম সময় হ’ল এই পবিত্র শাওণৰ মাহ। বহু ভক্তপ্ৰাণ লোকে এই মাহত মহাদেৱৰ শুভদৃষ্টি পাবলৈ প্ৰতি সোমবাৰে ব্ৰত ৰাখে আৰু শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত অভিষেক কৰে।

   মন কৰিবলগীয়া কথা হ’ল এই মাহত ব্ৰত ৰাখিলে যথেষ্ট পৰিমানে পানী ফলমুল, বুট আৰু মগু আদি লঘু আহাৰহে খাব লাগে। চাহ কফি আদি পনিয়া খাব নালাগে । এই সময়ছোৱাত নিমখ খাব নালাগে। ব্ৰত ৰখা সময়খিনিত মছুৰ ডাইল, মাহৰ ডাইল, মাছ মাংস, কণী, নহৰু আৰু পিয়াঁজৰ লগতে মচলা সেৱন কৰিব নালাগে। ব্ৰত ৰখাৰ দিনা ৰাতি ভাত খালেও কম পৰিমাণৰ নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু এয়া সন্ধিয়া ৭ বজাৰ আগতে সমাপ্ত কৰিব লাগে। আৰু আহাৰত মাই মচলা দিব নালাগে।

    আৰু শিৱ লিংগত অভিষেক কৰোঁতে পঞ্চ অমৃটেৰে কৰিব পাৰিলে উত্তম। কিয়নো এই মাহত শিৱ লিংগত অভিষেক কৰিলে আমাৰ মন আৰু আত্মা শুদ্ধ হয়। সুগন্ধি যুক্ত পানীৰে অভিষেক কৰিলে সন্তান নোহোৱা দম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে। বেলফলৰে নবদ্য প্ৰদান কৰিলে ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। গাখীৰৰ দ্বাৰা অভিষেক কৰিলে মনৰ শান্তি ঘূৰাই আনিব পাৰি। কুঁহিয়াৰ ৰসৰ দ্বাৰা অভিষেক কৰিলে সম্পদ আৰু সুখ প্ৰাপ্তি হয়। ভাঙ অৰ্পণ কৰিলে শত্ৰুৰ পৰা দূৰৈত থাকিব পাৰি আৰু মনৰ বাঞ্ছা পূৰণ হয়। আৰু গঙ্গা জ্বল অৰ্পণ কৰিব পাৰিলে মৃত্যুৰ পিছত মোক্ষ লাভ হয়।

  আৰু এনেকৈ অভিষেক নিবেদন কৰিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব পাৰি।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *