2020 olimpic bronze medalist lovelina borgohain

মেখেলা চাঁদৰ পিন্ধাৰ ভয়ত বক্সিঙ খেলা লাভলীনাই আনিলে অলিম্পিক মেডেল

 

গোলাঘাট জিলাৰ বাৰমুখীয়াগাঁৱৰ পৰা টকিও অলিম্পিকৰ ব্ৰঞ্জ মেডেল পোৱালৈ এক অনন্য যাত্ৰা:-

     ২০১২ চনত গুৱাহাটীৰ চাই ( SAI :- SPORTS AUTHORITY OF INDIA) অনুষ্ঠানলৈ প্ৰশিক্ষণ লবলৈ গৈ প্ৰায় ৯ বছৰৰ কঠোৰ পৰিশ্ৰম ; জীৱনৰ বহু ঘাট প্ৰতিঘাত নেওচি সফলতা অৰ্জন কৰিলে আমাৰ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ নয়নৰ মণি লাভলিনা বৰগোঁহাই। তেওঁ ২০২০ বৰ্ষৰ জাপানৰ টকিওত অনুষ্ঠিত অলিম্পিকত ৬৯ কে জী শাখাৰ বক্সিঙ প্ৰতিযোগিতাত ভাৰতৰ হৈ দ্বিতীয়টি মেডেল কঢ়িয়াই আনি সমগ্র দেশবাসীক গৌৰৱানন্দিত কৰি তুলিছে। তাতকৈ আনন্দৰ কথাটো যে তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ যিয়ে অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰি পদক লাভ কৰিলে।

olimpic medalist lovelina borgohain

   লাভলিনা বৰগোহাঁইৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত। ২০১৮ আৰু ১৯ চনত মহিলা বিশ্ব চেম্পিয়নচিপত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই। ইয়াৰ উপৰিও মুক্ত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা, নতুন দিল্লীত এটা সোণৰ পদক আৰু দ্বিতীয় মুক্ত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা, গুৱাহাটীত এটা ৰূপৰ পদক লাভ কৰিছিল। লাভলিনাই হ’ল ষষ্ঠজন অসমীয়া যিয়ে অৰ্জুন বটাৰ সন্মান লাভ কৰিছে।

2020 TOKIO OLYMPIC MEDALIST

    লাভলীনাৰ পিতৃ শ্ৰী টিকেন বৰগোঁহাই আৰু মাক মামণি বৰগোঁহাই এটি নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক। পিতৃ টিকেন বৰগোহাই এ জনোৱা মতে লাভলীনাই কোনো খেল খেলি ভাল নাপাইছিল কিন্তু যেতিয়া লাভলীনা অষ্টম শ্ৰেণীত উঠিছিল তেতিয়া তাই বায়েকৰ মেখেলা চাদৰ যোৰ পিন্ধি চাইকেল খন লৈ স্কুললৈ অহা যোৱা কৰিছিল।

OLIMPIC MADELIST LOVELINA BORGOHAIN PARENTS

  মজাৰ কথাটো হ’ল লাভলীনা বেছি ওখ হোৱা হেতুকে বায়েকৰ মেখেলা খন পিন্ধোতে লাভলীনাৰ গাত চুটি চুটি দেখা গৈছিল আৰু তাৰ বাবেই লাভলীনৰ কিছু লাজ অনুভৱ হৈছিল। আৰু বহুদিন স্কুল নোযোৱা বাবে অষ্টম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাত ফেইল কৰিছিল। সাধাৰণতে চুলি চুটিকৈ কটোৱা লাভলীনাই ঘৰত থাকিলে বা বজাৰ সামৰলৈ গলে এটা  পেন্ট আৰু এটি  টি চাৰ্ট আৰু মূৰত এটি টুপী পিন্ধিছিল। সেই বাবে এদিন দেখা লোকে বা বজাৰৰ দোকানীয়ে লাভলীনাক ভাইটি বুলিহে মাতিছিল। মেখেলা চাদৰ পিন্ধি স্কুললৈ যাবলৈ অতি টান পোৱা লাভলীনাই মাক দেউতাকক সুধিছিল যদি খেলা ধুলা ভালকৈ কৰে স্কুললৈ নগলেও হব নেকি বুলি। আৰু তেনেকৈ মাক দেউতাকে উৎসাহ যোগোৱা লাভলীনা সোমাই পৰিছিল বক্সিঙৰ ৰিঙৰ ভিতৰত যত তাইৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছিল জয় জয় আৰু জয়।

OLIMPIC MEDALIST LOVELINA BORGOHAIN

   ২০১১ চনত লাভলীনাই যোৰহাটৰ প্ৰশান্ত দাসৰ ওচৰত প্ৰথমতে “মাৰচিয়াল আৰ্টছ” শিকিবলৈ লৈছিল। তাৰ পিছত ২০১২ চনত গুৱাহাটীৰ SAI অনুষ্ঠানত নামভৰ্তি কৰিছিল।

INDIAN MEDALIST LOVELINA BORGOHAI BIOGRAPHY

   দুখীয়া লোকক সহায় কৰি ভালপোৱা লাভলীনাই মাছ পুহি ভাল পায়। আজৰি সময়ত লাভলীনাই খেতি পথাৰৰ কাম আৰু বৃক্ষ ৰোপণ কৰি ভাল পায়।

 লাভলীনালৈ জনালোঁ শত কোটি শুভেচ্ছা আৰু আশীৰ্বাদ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *