উত্তম আমিষ খাদ্য হ’ল লোকেল চিকেন !!

উত্তম আমিষ খাদ্য হ’ল লোকেল চিকেন,,ধংশ হব খোজা DNA সংৰক্ষণ কৰিব পাৰে….

  থলুৱা প্ৰজাতিৰ মুৰ্গী মাংস ( ঘৰতে পালন কৰা মূৰ্গী ) স্বাস্থ্যৰ কাৰণে বহুত বেছি লাভজনক আৰু এই থলুৱা প্ৰজাতিৰ মূ্ৰ্গীৰ মাংস খাই দেহৰ ওজন ইচ্ছা অনুযায়ী বঢ়াব আৰু কমাবও পাৰি । মূৰ্গীৰ মাংস প্ৰত্যেক দিনা খালেও উচ্চ ৰক্তচাপ আৰু কলোষ্টৰল সাধাৰণ অৱস্থাত থাকে অৰ্থাৎ বাঢ়ি নাযাব।

    মূৰ্গীৰ মাংস ভাজি নাখায় সিজাই ( boil) খালে বহুত বেছি স্বাস্থ্য উপকাৰ পোৱা যায় আৰু শৰীৰত   কোনো ধৰণৰ পাৰ্চক্ৰিয়া নহয়।

   মূৰ্গীৰ মাংস খালে দেহে সক্ৰিয় পোষক দ্ৰব্য  লাভ কৰিব আৰু এই পোষক দ্ৰব্যই শৰীৰক সুস্বাস্থ্য প্ৰদান কৰিব।

    ঘৰুৱা আৰু থলুৱা প্ৰজাতিৰ মূৰ্গীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন; ভিটামিন যেনে:- B6, B12, C ; মিনাৰেল যেনে:- কেলচিয়াম, মেগনেচিয়াম, পটাছিয়াম, ফছফ’ৰাছ, জিংক ছেলেনিয়াম আৰু নিয়াচিন পোৱা যায়। এইবোৰৰ উপৰিও থাকে এই মুৰ্গীত বহুত পৰিমাণৰ এন্টিএক্সিডেন্ট।

  এই পোষক দ্ৰব্য সমূহ শৰীৰৰ বিভিন্ন ক্ৰিয়াৰ কলাপৰ বাবে অতি প্ৰয়োজনীয়। এই পোষক দ্ৰব্যই দেহত জমা হোৱা বিষাক্ত দ্ৰব্য অৰ্থাৎ ফ্ৰি ৰেডিকেলৰ লগত যূদ্ধ কৰি সেইবোৰ দেহৰ পৰা নিষ্কাশন কৰে ।

 এই চিকেন খোৱাৰ বিভিন্ন লাভ সমূহ হল:-

  ১) শৰীৰক সুন্দৰ পুষ্টি, দেহগঠন আৰু সুস্বাস্থ্য প্ৰদান কৰে ।

 

  ২) মানসিক চাপ দূৰ কৰিব পাৰে এই মাংসই। এই মাংসত তৃপ্তফেন নামৰ এমিনো এচিড থাকে। ফলত এই চিকেন খালে তৃপ্তফেনে মগজুৰ চেৰ’তিনিন হৰমন ক্ষৰণ বৃদ্ধি হোৱাত সহায় কৰিব ফলত মানসিক চাপ, চিন্তা আদি দূৰ হব আৰু টোপনি ভাল হব।

 ৩) এই চিকেনৰ প্ৰটিনে হাড়ৰ ক্ষয় ৰোধ কৰিব। ফলত এই চিকেন খালে বয়সষ্ঠ লোকৰ ৰোগ অষ্টিওপৰছিছ আৰু আৰথ্ৰাইটিচ ৰোধ হব।

  ৪) এই চিকেন খালে দেহত থকা এবিধ এমিন এচিড হমচিষ্টীনৰ মাত্ৰা নিয়ন্ত্ৰণ হব। যি হমচিষ্টীনৰ মাত্ৰা বেছি হলে হৃদৰোগ হব পাৰে।

  ৫) ফচফৰাৰছৰ ভঁৰাল হৈছে চিকেন আৰু ইয়াৰ বাবে দাঁত মজবুত হয়; যকৃত, কিডনী আৰু শিৰ (nerve) মজবুত হৈ থাকিব।

  ৬) চিকেনত এবিধ পোষক দ্ৰব্য চেলেনীয়াম থাকে যিয়ে নিয়ন্ত্ৰণ কৰিব দেহৰ থাইৰয়ড হৰমন ক্ষৰণক, পাক বিপাক প্ৰক্ৰিয়াবোৰক আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক।

 ৭) চিকেনত ভিটামিন B কম্প্লেক্স থাকে বাবে এই চিকেন খালে দেহৰ মিঠায়লেচন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ হব যাৰ ফলশ্ৰুতিত তেজৰ শিৰ উপশিৰ সমুহ সক্ৰিয় হৈ থাকিব লগতে দেহৰ ওজন নিয়ন্ত্ৰণ হৈ ৰব।

  ৮) এই চিকেনত নিয়াচীন নামৰ ভিটামিন থাকে যিয়ে দেহৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব আৰু বংশানুক্ৰম সুন্দৰ কৰি ৰাখিব

  ৯) চিকেন ত থাকে ৰেটিনল, বিটা কেৰতিন আৰু লাইকপেন সেয়ে এই চিকেন খালে চকুৰ দৃষ্টি শক্তি ভালে ৰব।

  ১০) এই চিকেনৰ লিভাৰত থাকে ভিটামিন B কম্প্লেক্স সেয়ে চিকেন খালে বিভিন্ন ছালৰ সমস্যা যেনে:- ওঁঠ ফটা, গোৰহা ফটা, মুখৰ ভিতৰৰ ঘাঁ আদিক প্ৰতিৰোধ কৰিব।

   সেয়ে চিকেন খালে মানে লোকেল ( ঘৰতে প্ৰতিপালন কৰা থলুৱা) চিকেন খাওক। উপৰোক্ত সকলো তথ্য এই ঘৰুৱা চিকেনৰ ক্ষেত্ৰতহে যুগুতাই দিয়া হৈছে।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কমলপুৰ এক্সপ্ৰেছে এয়া নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *