শৰীৰ চিৰ যৌৱনা হৈ পৰিব ঔটেঙা খালে!!

বতৰৰ ফল ঔটেঙা কিমানদূৰ উপকাৰী ? নতুন প্ৰজন্মই জানেনে ইয়াৰ গুণ !!

   ঔটেঙাত প্ৰাকৃতিক ভাবে সমৃদ্ধ উপাদান সমুহ:- ১০০ গ্ৰাম ঔটেঙাত ৫৯ কিলো কেলৰি শক্তি থকাৰ উপৰিও ইয়াত প্ৰটিন থাকে ৮ গ্ৰাম, ২.৫ গ্ৰাম ফাইবাৰ, ১৬ মি গ্ৰাম কেলচিয়াম, ২৬ মি গ্ৰাম ফচফৰাচ আৰু ৪ মি গ্ৰাম ভিটামিন C থাকে। তাৰ উপৰিও থাকে ভিটামিন B কম্প্লেক্স যেনে:- থায়মিন, ৰাইবফ্লেভিন; ভিটামিন A, ফ্লেভনৈদচ,আইৰন, চৰ্বী, ষ্টেৰল, চেপনিন, টেনিন, বিটা কেৰোটিন, এন্টী অক্সিডেণ্ট উপলব্ধ।

    ঔটেঙা ৰ গছ পৃথিৱীৰ সকলো প্ৰান্তত উপলব্ধ নহয়। ই উপলব্ধ হয় দক্ষিণ এছিয়াৰ দেশ সমূহত আৰু এই দক্ষিণ এছিয়াৰ দেশৰ ভিতৰতে এই উদ্ভিদ বিধ বেছিকৈ আছে আমাৰ ৰাজ্য অসমত। গাঁওৰ চহা লোকৰ এবিধ অতি প্ৰিয় ব্যঞ্জন হল এই টেঙা ৰ জোল। গৰমৰ দিনত মাছ আৰু ঔটেঙাৰ জোলৰ কথা শুনিলেই জিভাৰ পানী নিগৰি আহে। গাঁওৰ লোকৰ উপৰিও চহৰৰ লোক যিসকলে ইয়াৰ লাভ বুজে তেওঁলোকৰ ও প্রিয় এই ব্যঞ্জনবিধ। অকল মানুহৰে নহয় হাতীৰ ও প্রিয় এই ঔটেঙা আৰু সেই বাবেই ইয়াৰ ইংৰাজী নাম ELEPHANT APPLE । শুনিবলৈ আচৰিত যদিওবা হাতীয়ে ঔটেঙা ৰ বিজটো খাই আৰু ফলটো নভঙাকৈয়ে হাতীয়ে বিজটো উলিয়াই খাব পাৰে। হাতীৰ উপৰিও বান্দৰ, হৰিণা, পহু কেৰ্কেটুৱা আদিৰো প্রিয় খাদ্য ঔটেঙা।

ঔটেঙাৰ কিদৰে / কেনেদৰে ব্যৱহাৰ হয়:-

   অসমীয়া পৰিয়ালত ঔটেঙাৰে মাছৰ আঞ্জাৰ জোল, ঔটেঙা দাইলত দি টেঙা জোল, ঔটেঙাৰ চৰবত, ঔটেঙা পুৰি চাটনি আৰু আচাৰ আদি প্ৰচলিত ব্যঞ্জন।

  ইয়াৰ উপৰিও মাটিডাইল ঔটেঙাৰ আঞ্জা ; মছুৰ ডাইল, ঔটেঙা আৰু ঢেকীয়াৰ তৰকাৰী; সুতুৰা শাক, কচু, ঔটেঙা আৰু মাছৰ ব্যঞ্জন; কুমলীয়া ঔটেঙাৰ কলিৰ চৰছৰী ভাজি; ভাতৰ লগতে ঔটেঙা সিজাই পিটিকা বনোৱা আদি। আনকি ঔটেঙা সৰু সৰুকৈ কুটি নিমখ সানি শুকুৱাই থোৱাও দেখা যায়।

বৈজ্ঞানিক নাম:- Dillenia indica.

বিভিন্ন ভাষাত ইয়াৰ নাম সমূহ :-

সংস্কৃত:- আভাট্ৰাকি।
অসমীয়া:- ঔটেঙা।
হিন্দী :- কৰমবেল, চলটা।
বাংলা:- চালাটা।
নেপালী:- ৰামফল, পাঁচপানে, পাঁচ ফল।

গছৰ চমু বৰ্ণনা :- ১৫ মিটাৰ বা তাতোকৈ ওখ চিৰসেউজ উদ্ভিদ। ১৫-৩৬ চে মি দীঘল পাত বোৰ খহটা আৰু সিৰাবিন্যাস স্পষ্ট । ফল ৫-১০ চে মি ব্যাসাৰ্ধৰ। আৰম্ভণিতে ফল ফলবিধো সেউজীয়া পিছত পকিলে হালিধীয়া হৈ পৰে। এই ফলত পোন্ধৰতা পাহি থাকে যাৰ ভিতৰত পাঁচোটা কৈ গুটি থাকে যি বিজলুৱা হয়। ইয়াৰ তলসৰা গুটি গঁজালি মেলি পুলি হয়।

  ঔটেঙাত প্ৰাকৃতিক ভাবে সমৃদ্ধ উপাদান সমুহ:- ১০০ গ্ৰাম ঔটেঙাত ৫৯ কিলো কেলৰি শক্তি থকাৰ উপৰিও ইয়াত প্ৰটিন থাকে ৮ গ্ৰাম, ২.৫ গ্ৰাম ফাইবাৰ, ১৬ মি গ্ৰাম কেলচিয়াম, ২৬ মি গ্ৰাম ফচফৰাচ আৰু ৪ মি গ্ৰাম ভিটামিন C থাকে। তাৰ উপৰিও থাকে ভিটামিন B কম্প্লেক্স যেনে:- থায়মিন, ৰাইবফ্লেভিন, ভিটামিন A, ফ্লেভনৈদচ,আইৰন, চৰ্বী, ষ্টেৰল, চেপনিন, টেনিন, বিটা কেৰোটিন, এন্টী অক্সিডেণ্ট উপলব্ধ।

  জানি আচৰিত হব যে ঔটেঙাৰ আছে বহুত স্বাস্থ্য উপকাৰ। বিভিন্ন গৱেষণাত প্ৰকাশ যে নিয়মিত ঔটেঙা খালে বিভিন্ন ৰোগ আৰু ইয়াৰ উপসৰ্গ সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে। ঔটেঙাৰ বিভিন্ন স্বাস্থ্য উপকাৰ সমূহ তলত দাঙি ধৰা হল:-

  ১) ঔটেঙা হৃদয়ৰ টনিক। ৰক্তচাপ নিয়ন্ত্ৰণ হয় ঔটেঙা খালে। ঔটেঙাত প্ৰচুৰ পৰিমাণে পতাচিয়াম থাকে। সেই বাবেই তেজৰ কলেষ্টেৰল হ্ৰাস পায়, হৃদয়ৰ গতি সমতুল হৈ থাকিব যাৰ ফলত হৃদযন্ত্ৰ মজবুত আৰু সুঠাম হৈ থাকিব ঔটেঙা খালে। সেয়ে দৈনিক এচকল হলেও ঔটেঙা খোৱা হৃদয়ৰ টনিক খোৱাৰ নিচিনা।

  ২) তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়। ঔটেঙা নিয়মীয়া কৈ খালে ডায়েবেটিচ ৰোগী সকলৰ ভৱিষ্যতে হব পৰা বিসংগতি আৰু উপসৰ্গ ( complications) সমূহক কৰিব বাধা প্ৰদান।

  ৩) ঔটেঙা খালে দেহলৈ বাৰ্ধক্য দেৰিকৈ আহে। এই টেঙাৰ ফ্লেভনৈদচ, ভিটামিন C, ভিটামিন E, এন্টী অক্সিডেণ্ট য়ে দেহৰ ছালৰ কলাজেন প্ৰটিনক পৰিপুষ্টি প্ৰদান কৰি ছাল ৰ সতেজতা আনিব পাৰে যাৰ ফলত শৰীৰ চিৰ যৌৱনা হৈ পৰিব। তদুপৰি বৃদ্ধ লোকৰ ছালৰ সোতোৰা পৰা দুৰ কৰিব।

  ৪) দেহৰ আভ্যন্তৰীণ পাক বিপাকীয় কাৰ্য্যৰ বাবে উপযোগী এই ঔটেঙা। মনৰ সতেজতা বৃদ্ধি হবলৈ মানসিক চাপ আঁতৰাবলৈ স্মৃতি শক্তি বৃদ্ধিৰ বাবে খাব লাগে ঔটেঙা। টোপনি ভাল হয় ঔটেঙা খালে কিয়নো ইয়াত পোৱা যায় চেপুনিন আৰু টেনিন আদি উপাদান।

  ৫) এন্টী অক্সিডেণ্ট সমৃদ্ধিশালী এই তেঙা খালে বৃক্কৰ ৰোগ কমকৈ হব। কিয়নো এন্টী অক্সিডেণ্ট বোৰে দেহৰ যিকোনো অংগ বিশেষত জমা হোৱা বিষাক্ত দ্ৰব্য ফ্ৰি ৰেদিকেল সমূহ নিষ্কাশন কৰি বৃক্ক দুটিৰ কাম লাঘৱ কৰিব। সেয়ে ঔটেঙাৰ ৰস দেহৰ বাবে এক উত্তম দিতক্স ৰূপে প্ৰমাণিত।

  ৬) চকুৰ পৰিপুষ্টি ৰ বাবে ভিটামিন A ৰ প্ৰয়োজন। আৰু সেয়ে ঔটেঙা খালে চকুৰ দৃষ্টিশক্তি সদায় ভাল থাকিব।

  ৭) টেনিন সমৃদ্ধ খাদ্য পেটৰ বাবে ভাল। সেয়ে ঔটেঙাৰ ৰস ডায়েৰীয়া, ডিচেন্ত্ৰী, গেছৰ সমস্যাৰ সমাধানৰ বাবে ভাল। পুৰণি কালত কলেৰা ৰোগ নিৰাময়ৰ বাবে বহুল ভাৱে ব্যৱহাৰৰ হৈছিল ঔটেঙা আৰু ইয়াৰ পাত আৰু ডালৰ ৰস।

  ৮) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ঔটেঙা খালে। কিয়নো ইয়াত পোৱা যায় ভিটামিন C, ভিটামিন E আৰু এন্টী অক্সিডেণ্ট। ফলতে কৰ্কট ৰোগৰ পৰাও দূৰৈত থাকিব পাৰি ঔটেঙা খালে।

     (Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কমলপুৰ এক্সপ্ৰেছে এয়া নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *