হে দোস্তৌৰ জনপ্ৰিয়তাৰ গোপন অস্ত্ৰ কি ?

দিম্পু বৰুৱাৰ বিষয়ে কিছু কথা জানো আহক (BIOGRAPHY):-

  কোন কেনেকৈ কেতিয়া বিখ্যাত হৈ পৰে, কাৰ নাম কেতিয়া জনমানসত জনপ্ৰিয় হৈ পৰিব সেইটো কিছু ভাগ্যৰ ওপৰটো নিৰ্ভৰ কৰে যদিও বেছিখিনি নিৰ্ভৰ কৰে ব্যক্তি বিশেষৰ আত্মবিশ্বাস, লক্ষ্য, উদ্দেশ্য আৰু সেই লক্ষ্যত উপনীত হবলৈ কৰা গধুৰ শ্ৰম আৰু মানসিক বলৰ ওপৰত। আৰু এনেদৰে নিজৰ লক্ষ্যত সফলতা লাভ কৰা ব্যক্তিৰ উদাহৰণ বহুত আছে। নিশ্চয়কৈ আজি আমি “হে দোস্তৌ — বলক ভিডিঅ টো আৰম্ভ কৰো” খ্যাত অসমৰ অতি জনপ্ৰিয়, মৰমিয়াল আৰু সহজ সৰল youtuber দিম্পু বৰুৱাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা আলোকপাত কৰিব বিচাৰিছোঁ, কিদৰে তেওঁ আজিৰ তাৰিখত অসমৰ প্ৰথম গৰাকী জনপ্ৰিয় youtuber ৰূপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হল। যিজন youtuber ৰ হাতত আছে  দুখনকৈ YOUTUBE য়ে প্ৰদান কৰা সোণ আৰু ৰূপৰ পত্ৰিকা ( GOLD AND SILVER PLAY BUTTON)ৰ সন্মান। YOUTUBE জীৱনৰ পাঁচটা বর্ষতে এই সন্মানেই দিম্পু বৰুয়াক তেওঁৰ অনুৰাগী সকলৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছে আৰু জনমানসত তেওঁ চৰ্চিত হৈ ৰব পাৰিছে।


নাম :- শ্ৰী দিম্পু বৰুৱা।
পিতা:- শ্ৰী পীতাম্বৰ বৰুৱা।
মা:- শ্ৰীমতী লটিকা বৰুৱা।
জন্ম:- ০৬/০৮/১৯৯৫
জন্মস্থান:- নলবাৰী।
ধৰ্ম :- হিন্দু ।
ৰাজ্য :- অসম।
ঘৰ :- নলবাৰী। বৰ্তমানৰ দিম্পু বৰুৱাৰ বাসস্থান নলবাৰী ত যদিও তেওঁৰ দেউতাকৰ পুৰণি ঘৰ আছিল দৰঙ জিলাৰ মঙ্গলদৈ নিকটৱৰ্তী লখিমপুৰ গাঁৱত।

জন্মৰ এবছৰ বয়সৰ পৰা দিম্পু বৰুৱা পাঠশালাত মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল।

শিক্ষা জীৱন:-

প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ :-

 ১৯৯৭-২০০১ চনলৈ পাঠশালাৰ ১২১২ নং মধ্য প্ৰাথমিক বিদ্যালয়। তাৰ পিছত ২০০৩ ৰ পৰা ২০০৬ চনলৈ তেওঁ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠম শ্ৰেণীলৈ পাঠশালাৰ চক্ষুতি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। ২০০৭ ৰ পৰা ২০০৮ চনলৈ সপ্তম শ্ৰেণীৰ পৰা তেওঁ নলবাৰীৰ ব্ৰজলক্ষ্মী বিদ্যালয়ত পঢ়ে। ২০০৮ ৰ পৰা ২০১০ লৈ অষ্টম শ্ৰেণীৰ পৰা নলবাৰীৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰি তাৰ পৰাই মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয়।

উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ :-

ব্ৰহ্মপুত্ৰ ভেলি ষ্টাৰ একাডেমী জুনিয়ৰ কলেজ , নলবাৰী আৰু ইয়াৰ পৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

স্নাতক শিক্ষা :- ইংৰাজী বিভাগ, নলবাৰী মহাবিদ্যালয়।

ইয়াৰ পিছত দিম্পু বৰুৱাই দুবছৰীয়া দি এল এদ পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ Idol ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰি ইংৰাজী বিষয়ত বৰ্তমান অধ্যয়নৰত ছাত্ৰ।

কৰ্মজীৱন :- আংশিক কৰ্ম ( part time) হিচাপে তেওঁ স্কুল শিক্ষক হিচাপে বৰ্তমান ও ইংৰাজী শিকাই।

দেহৰ ওজন :- ৫৫ কেজি।
উচ্চতা :- ৫ ফুট ৬ ইঞ্চি।
প্রিয় খাদ্য:- ছাগলী মাংস।
প্রিয় অভিনেতা:- ৰবি শৰ্মা।
প্রিয় অভিনেত্ৰী:- বৰষা ৰাণী বিষয়া।
প্রিয় খেল:- ফুটবল।
Hobby :- ছবি অঁকা, ভ্ৰমণ, গাড়ী চলোৱা।

তেওঁ জড়িত সামাজিক মাধ্যম সমূহ :-

  ভাৰতৰ্ষৰ দুগৰাকী জনপ্ৰিয় Youtuber মুম্বাইৰকাৰ নিখিল আৰু টেকনিকাল গুৰুজীৰ দ্বাৰা অনুপ্ৰাণিত হৈ youtube জগতলৈ অনুপ্ৰৱেশ ঘটিছিল দিম্পু বৰুৱাৰ। আৰু বৰ্তমান তেওঁ দুটা চেনেলৰ গৰাকী হোৱাৰ লগতে ইনষ্টাগ্ৰাম, ফেচবুক আদিতো আছে তেওঁৰ অসংখ্য অনুৰাগী।

YOUTUBE :-
১) Dipmpu Barua :- ২০১৭ চনত আৰম্ভ কৰা এই চেনেলত ১.২ + মিলয়ণ SUBSCRIBER আছে।
২) DIMPU’S VLOG :- ২০১৮ চনত আৰম্ভ কৰা এই চেনেলত ১.৭ + মিলয়ণ SUBSCRIBER আছে।

FACEBOOK :- ৮৫৭,৬৩৭ + follower।

ইনষ্টাগ্ৰাম :- ৫৫০.০০০ + follower।

G mail :- [email protected]

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *