টোপনি কম হোৱাটো মানসিক বিকাৰ নেকি? টোপনি কিয় কমি যায়?

টোপনি কম হোৱা এক মানসিক বিকাৰ!! সঠিক সময় টোপনি যোৱা কিমান স্বাস্থ্য সন্মত ??

   হয় আদি পুৰাণৰ পৰা মুখে মুখে চলি আহিছে যে পেটৰ ভোক মৰে পাকঘৰত মগজুৰ ভোক কমে টোপনিত। গতিকে সঠিক সময়ত সঠিক পৰিমাণে টোপনি যোৱা স্বাস্থ্য সন্মত। ইংৰাজীত এটি প্ৰবাদ আছে  “‘If you are not sleeping well you are playing with fire weapon !! “” । অৰ্থাৎ দৈনিক ৭-৮ ঘণ্টা টোপনি নামাৰিলে স্বাস্থ্যৰ ভয়ংকৰ ক্ষতি হব।

কি কি কাৰণত এজন ব্যক্তি বিশেষৰ টোপনি কমে বা টোপনিৰ অভাৱ হয় ?

   ভাল স্বাস্থ্য পৰিপূৰক টোপনিৰ বাবে প্ৰয়োজন এটি পৰিৱেশ ৰ যাক চিকিৎসা বিজ্ঞানত SLEEP HYGENE বুলি কোৱা হয়। অৰ্থত ভাল টোপনি আহিবলৈ কিছু বিধি মানিব লাগিব। প্ৰথমে জানিব লাগিব যে কিছুমান উপাদানে মগজুক উত্তেজিত কৰে বাবে বিছনাত বাগৰি থাকিলেও বহু লোকৰ টোপনি নাহে। সেই কাৰণ সমূহৰ হল:- সুষম আহাৰৰ অভাৱ, এখন আৰাম দায়ক বিছনাৰ অভাৱ, এটি শব্দ নোহোৱা কোঠাৰ অভাৱ, পৰিশ্রমৰ অভাৱ অৰ্থাৎ দিনৰ দিন বহি কটোৱা, অতিৰিক্ত চিন্তা ভাৱনা, অত্যাধিক শাৰীৰিক পৰিশ্ৰম, ৰাতিৰ ভাগত চাহ, কফি সেৱন কৰা; চিগাৰেট, অধিক মদ্যপান কৰা ইত্যাদি। আনকি টোপনিৰ আগত অধিক পৰিমাণে আহাৰ গ্ৰহণ কৰিলেও টোপনি ব্যাঘাত হব পাৰে।

টোপনি অভাৱৰ পাৰ্শ্বক্ৰিয়া :-

    টোপনি কম হোৱাৰ ফলত বা বাৰে বাৰে টোপনি ভাগি যোৱাৰ ফলত মগজুত উদ্বেগ, উদ্দীগ্নতা আৰু উৎকণ্ঠা বৃদ্ধি হয় যি স্বাস্থ্যৰ বাবে বিপদজনক। যাৰ ফলতে দেহত কিছু অবাঞ্চিত লক্ষণ দেখা যাব যেনে:- কথা পাহৰি যোৱা যাক চিকিৎসা বিজ্ঞানত short term memory loss বুলি কোৱা হয়, অন্যমনস্থ হোৱা, হঠাতে খং উঠা, কোনো কাৰণ নোহোৱাকৈ বা সূক্ষ্ম কাৰণতে হতাশাত ভোগা, অসংগলগ্ন আচৰণৰ প্ৰতিফলন হোৱা আদি নানান সমস্যা। ইয়াৰ বাবে মানসিক ৰোগ আহিব। লগতে দীৰ্ঘদিন টোপনিৰ অভাৱত লাহে লাহে দেহৰ কোষ সমূহত কিছু বিষাক্ত দ্ৰব্য যাক চিকিৎসা শাস্ত্ৰত যাক free redicle বুলি কোৱা হয় সেইবোৰ জমা হৈ পৰিব। ইয়াৰ উপৰিও তেজত কিছু বিষাক্ত দ্ৰব্য যেনে C – REACTIVE PROTEIN আদি বৃদ্ধি হৈ পৰিব যিবোৰ দ্ৰৱ্য মাত্ৰ সঠিক টোপনি মাৰিলেই দেহৰ পৰা বৰ্জিত দ্ৰব্য হিচাপে নিষ্কাশন হয়। যাৰ ফলতে লাহে লাহে টোপনিৰ অভাৱত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব, দেহৰ ওজন বৃদ্ধি হব, ৰক্তচাপ বৃদ্ধি হব, তেজৰ শৰ্কৰা বৃদ্ধি হব, বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ ৰোগ আহিব, হৃদৰোগ আৰম্ভ হব আৰু যদিহে ইয়াৰ প্ৰতিকাৰ নকৰে অৱশেষত খুব সোনকালে কম বয়সতে ষ্ট্ৰ’ক হব।

টোপনি কিমান সময় যাব লাগে ?

কোনে কিমান সময় টোপনি মাৰিব সেয়া নিৰ্ভৰ কৰিব বয়সৰ ওপৰত। এক সমীক্ষা মতে যদি এজন ৭৫ বছৰৰ লোকে কোনো দিনে টোপনি ক্ষতি নকৰাকৈ শুইছে অৰ্থাৎ ৮ ঘন্টাকৈ তেন্তে গণনা কৰিলে ওলাব যে তেওৰ জীৱন কালত ২৫ বছৰ ৯১২৫ ঘন্টা টোপনি মাৰিছে । বিজ্ঞান সন্মত ভাবে কোনে কিমান দৈনিক টোপনি মাৰিব তাৰ এখন তালিকা দাঙি ধৰা হল:-

নবজাত শিশু (০-৩ মাহ) :- ১৪ -১৭ ঘণ্টা।
নবজাত শিশু (৪-১১ মাহ) :- ১২ – ১৫ ঘণ্টা।
শিশু ( ১- ২ বছৰ) :- ১১ – ১৪ ঘণ্টা।
শিশু ( ৩- ৫ বছৰ) :- ১০- ১৩ ঘণ্টা।
শিশু ( ৬ – ১৩ বছৰ) :- ৯ – ১১ ঘণ্টা।
কিশোৰ/কিশোৰী ( ১২- ১৭ বছৰ):- ৮ – ১০ ঘণ্টা।
পূৰ্ণবয়স্ক ( ১৮ – ২৪) :- ৭ – ৯ ঘণ্টা।
প্ৰাপ্তবয়স্ক( ২৫- ৬৪) :- ৭ – ৯ ঘণ্টা।
বৃদ্ধ লোক ( ৬৫ বছৰ ওপৰত) :- ৭ – ৮ ঘন্টা।

ভাল টোপনি কেনেকৈ আনিব :- যদিহে আপোনাৰ ৰাতিৰ কোনো কাম নাথাকে তেন্তে দিনত টোপনি মৰা বন্ধ কৰিব লাগে। সদায় এটা সময়ত টোপনি মাৰিব আৰু একে সময়তে উঠিবলৈ যত্নপৰ হব লাগে। চিগাৰেট সেৱন, মদ্যপান আদি বৰ্জন কৰিব লাগে নাইবা গ্ৰহণ কৰিলেও কমেও টোপনি যোৱাৰ চাৰি ঘণ্টা আগত এই কাম শেষ কৰিব লাগে। টোপনিৰ সময়ত বা আগত গুৰু ভোজন কৰা পৰিহাৰ কৰিলে টোপনি ভাল হয়। প্ৰকৃততে টোপনিৰ দুঘন্টা আগতেই ভোজন কৰিব লাগে। বিছনাত যোৱাৰ আগতে কমেও ১০ মিনিট খোজ কাঢ়িলে টোপনি ভাল হয়। টোপনিৰ সময়ত ইণ্টাৰনেট ব্যৱহাৰ পৰিহাৰ কৰিলে টোপনি ভাল হয়।কিয়নো সামাজিক মাধ্যমে মগজুক উত্তেজিত কৰি ৰাখে। ইয়াৰ উপৰিও দৈনিক খোজ কাঢ়া , যোগ প্রাণায়ম কৰা আদিয়ে গুণগত টোপনি অনাত সহায়ক হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *