পবিত্ৰ শাওনৰ মাহত কি কৰিলে অমংগল হব?

 পবিত্ৰ শাওনৰ মাহত কি কৰিলে কি নকৰিলে অমংগল দূৰ হব ?? 

    পবিত্ৰ শাওন মাহৰ বিশেষ গুৰুত্ব থকা বুলি শিৱ পুৰাণত বিশদ ভাবে বৰ্ণিত আছে। এই মাহ হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। কিয়নো এই মাহত শিৱ পূজা কৰা হয় আৰু এই মাহ শিৱৰ অতি প্ৰিয় মাহ। আপোনালোকে জানে শিৱ সৰ্বশক্তিমান আৰু শিৱক আদিযোগী বুলি কোৱা হয়। সেয়ে এই মাহত কিছু কৰ্ম কৰিলে শিৱ সন্তুষ্ট হব আৰু কিছু কাম কৰিলে ৰুষ্ট হব। সেয়ে যদি আপুনি শিৱভক্ত হয় আৰু শাওনৰ মাহত শিৱব্রত ৰাখিব খোজে তেন্তে তলৰ কথাবোৰ মন কৰিব।

  শাওনৰ আগতে ঘৰত যদি এনেকুৱা কিছু বস্তু আছে আজিয়ে দূৰ কৰি দিয়ক। ১) ঘৰত যদি এলান্ধু আৰু মকৰা জাল আছে সেইবোৰ দূৰ কৰক। ২) যদিহে ঘৰত ভগা চিগা আইনা আছে আজিয়েই দূৰ কৰক। ভগা চিগা আইনা ঘৰত ৰাখিলে ঘৰৰ দুৰ্ভাগ্য নামি আহিব। ই দৰিদ্ৰতাৰ লক্ষণ । ৩) ঘৰত ফটা চিগা পেলনীয়া বস্ত্ৰ আদি থাকিলে দূৰ কৰক নহলে মা লক্ষ্মী ৰ লগতে সকলো দেৱ দেৱতা ৰুষ্ট হৈ পৰিব। ৪) শাওন মাহৰ আগতেই ঘৰৰ চাৰিওফালে থকা আৱৰ্জনা পৰিস্কাৰ কৰি ৰাখক কিয়নো কদৰ্যমই আৰু লেতেৰা পৰিৱেশ দেখিলে আপোনাৰ ঘৰলৈ কেতিয়াও ভগবান শিৱ প্ৰৱেশ নকৰে। ফলত ঘৰখন দৰিদ্ৰতাৰে ভৰি থাকিব।

শাওন মাহত এই কাম ভুলটো নকৰিব :- ১) এই মাহত সাপ নিধন কেতিয়াও নকৰিব। সাপ হৈছে ভগবান শিৱ বাবা অৰ্থাৎ মহাদেৱৰ গলমণি। শাওন বুলিয়ে নহয় সাপ কেতিয়াও মাৰিব নালাগে। সাপ মাৰিলে অমংগল নিশ্চিত। ২) এই মাহত আপোনাৰ মাছৰ পুখুৰীত থকা মাছক খাদ্য নিদিয়াকৈ নাথাকিব। কিয়নো এই মাহত মাছক খাদ্য দিয়া অতি মংগলজনক। ৩) এই মাহত মাছ মাংস খোৱাৰ পৰা বিৰত থাকক। এনে কৰিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব। ৪) এই মাহত বেঙেনা ভক্ষণ কৰিব নালাগে। ৫) এই মাহত আনৰ সৈতে হাই কাজিয়া নকৰিব। এনেবোৰ কৰিলে আপোনাৰ ওপৰত মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপাই অমংগল আহিব।

শাওন মাহত দেখা সপোন কেনেকৈ ফলিয়াই ? এই মাহত যদি পাঁচ ধৰণৰ সপোন দেখে তেন্তে আপোনাৰ জীৱনলৈ বহুত ভাল দিন আহিব। যদিহে এই মাহত সপোনত শিৱলিঙ্গ দেখিছে তেন্তে জানিব আপুনি বৰ ভাগ্যবান। কিয়নো মহাদেৱৰ শুভদৃষ্টি পৰা বাবেহে এয়া সম্ভৱ হয়।আৰু এনে সপোন দেখাৰ লগে লগেই এটি সোমবাৰে শিৱ লিংগক পূজা অৰ্পণ কৰক। ২) এই মাহত যদিহে সাপৰ সপোন দেখিছে তেন্তে ই বৰ মংগলজনক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সুখ বাঢ়িব আৰু আৰ্থিক নাটনি দূৰ হব। ৩) এই মাহত যদি গংগা নদীৰ পানীৰ সোঁতৰ সপোন বা গঙ্গাৰ ধাৰ দেখিছে তেন্তে ই ধনী হোৱাৰ সংকেত। ৪) যদিহে ভেকুলী মাতা সপোন বা পানীত মাছ দৌৰি ফুৰা দেখে তেন্তে মানুহ অত্যন্ত ভাগ্যশালী হোৱা সুচাব। ৫) যদি এই মাহত কোনো পবিত্ৰ ধৰ্মীয় ঠাইলৈ যোৱা বা কোনো দেৱ দেৱীৰ মূৰ্তি ৰ সপোন দেখে জানিব আপুনি বৃহৎ সফলতাৰ দিশে আগবাঢ়িছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *