শিশুৰ স্মৃতি শক্তি আৰু হাড় মজবুত হয় পকা জামু খালে//

শিশুৰ স্মৃতি শক্তি আৰু হাড় মজবুত হয় জাম খালে:- 

 বতৰৰ এবিধ উত্তম ফল হৈছে জাম। আমাৰ দেশত  ইয়াক Black plum, Java plum, Malabor plum, Indian blacberry  ইত্যাদি নানান নামেৰে জনা যায়।

সক্ৰিয় স্বাস্থ্য ৰক্ষক পদাৰ্থ বুলিলে কলা জামত যথেষ্ট পৰিমানৰ আইৰন, পটাচিআম, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাচ, ভিটামিন B1, B6, C  আৰু এন্টী-অক্সিডেণ্ট।

  ইয়াৰ চমৎকাৰী উপকাৰ সমূহ :-

১) এন্টী-অক্সিডেণ্ট সমৃদ্ধ জাম খালে কেন্সাৰ ৰোগ প্ৰতিৰোধ হয়।

২) ভিটামিন সমূহ যেনে ভিটামিন B1, B6, C আদিৰ বাবে জাম খালে দেহ আৰু মুখমণ্ডলৰ ছাল সজীৱ আৰু ধুনীয়া কৰি ৰাখিব। মুখমণ্ডলৰ ৰিংকুল (wrinkle) নাইকিয়া কৰিব।

৩) ডায়েবেটিচ ৰোগীৰ বাবে উত্তম এইবিধ ফল। জাম সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়। আনকি জামৰ গুটিৰ গুৰি উপযুক্ত মাত্ৰাত সেৱন কৰিলেও শৰ্কৰা নিয়ন্ত্ৰণ হয়। বিভিন্ন হাৰ্বেল ঔষধ উদ্যোগ সমূহে জামৰ গুটি ডায়েবেটিচ ৰোগৰ ঔষধি প্রস্তুত কৰোঁতে ব্যৱহাৰ কৰে।

   জামৰ গুটিৰ গুড়িয়ে ইনচুলিন হৰমনৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এই গুৰি খালে এমাইলেজ উৎসেচকৰ ক্ৰিয়া কিছু হ্ৰাস হয় ফলত মানুহৰ খাদ্যনলীৰ সৰু আৰু বৃহৎ অন্ট্ৰত কাৰ্বোহাইড্ৰেটৰ বিপাক কমকৈ হব যাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমিব । ডায়েবেটিচ নিয়ন্ত্ৰণৰ বাবে এই গুড়ি দৈনিক আধা চামুচকৈ দুবাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সেৱন কৰিব।

৪) ফচফৰাচ আৰু কেলচিয়াম থকা বাবে বাঢ়ি অহা শিশুক জাম খাবলৈ দিয়ক ই হাড়ৰ গঠনত মজবুত প্ৰদান কৰিব । বয়সষ্ঠ লোকে জাম সেৱন কৰিলে হাড়ৰ OSTEOPOROSIS ৰোগ নিয়ন্ত্ৰণ হব।

৫) এন্টী- অক্সিডেণ্ট আৰু ভিটামিন C প্ৰচুৰ পৰিমাণে থকা বাবে জাম সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুগুণ বৃদ্ধি হব আৰু কাহ কফ আৰু ফ্লু ৰোগ প্ৰতিৰোধ কৰিব যি বৰ্তমান সময়ত অতি প্ৰয়োজনীয়।

৬) পটাচিয়াম, মেগনেছিয়াম আৰু ভিটামিন C, এন্টী-অক্সিডেণ্ট ৰ ভঁৰাল হোৱা বাবে জাম খালে হৃদযন্ত্ৰ মজবুত হৈ ৰব।

৭) আইৰনৰ ভঁৰাল হোৱা বাবে জাম সেৱন কৰিলে আইৰনৰ অভাৱত হোৱা ৰোক্তহীনতা ৰোগ দূৰ হব।

৮) কণ কণ শিশুৰ মগজুৰ বিকাশৰ বাবে খুয়াব জাম। ভিটামিন B1, B6, C , কেলচিয়ামৰ উৎস জাম হোৱা বাবেই জাম খালে স্মৃতিশক্তি আৰু চিন্তা শক্তি বৃদ্ধি হয় জাম সেৱন কৰিলে।

৯) মেগনেছিয়াম আৰু পটাচিয়াম থকা বাবে তেজৰ কলেষ্টৰল কমিব আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হব জাম খালে।

১০) মুখমণ্ডল আৰু দাঁত পৰিষ্কাৰ হয় জাম খালে । মুখৰ বেয়া গোন্ধ দূৰ হয় জাম সেৱন কৰিলে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *