নৱজাতকক কেনেকৈ শুবলৈ দিয়া বিপজ্জনক!!

নৱজাতক শিশুক টোপনিৰ সঠিক পদ্ধতি পালন নকৰালে হ’ব মাৰাত্মক ক্ষতি :-

       কেনেদৰে শুব লাগে আপোনাৰ নৱজাতক শিশু ? আপোনাৰ কনমাণিয়ে সঠিক ধৰণে টোপনি মাৰেনে ? কেনেদৰে শুৱাই দিব লাগে শিশুক ? আৰু কেনেদৰে শুৱাব নোৱাৰিব নৱজাতকক ? এই আটাইবোৰ প্ৰশ্ন এবাৰো মনলৈ আহেনে ? যদি আহে কাৰোবাৰ পৰামৰ্শ লৈছেনে ?

       অকল শিশুৰ বাবেই নহয় সঠিক সময়ত সঠিক ধৰণে আৰু সঠিক পদ্ধতি/ধৰণ (posture) ত টোপনি যোৱা সকলো বয়সৰ লোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

     নানান গৱেষণা আৰু সমীক্ষা মৰ্মে জন্মৰ পৰা এবছৰ বয়সলৈকে নবজাত শিশু ওপৰলৈ মুখ কৰি বিচনাত পিঠিদি হাত ভৰি দীঘলীয়া কৈ (Supine Position)  শুৱাই ৰখা অতি উত্তম। যাৰ ফলত শিশুৰ “চাঁদেন ইনফেন্ট দেথ চিণ্ড্ৰম” ( অৰ্থাৎ Sudden infant death syndrome) আশাংকা কম হয়। কিয়নো এই ধৰণে শুলে শিশুৰ উশাহ লোৱাত কষ্ট নহয়। এই পদ্ধতিত শুলে বহু অভিভাৱকে শিশুটিয়ে বমি কৰিব বুলি আশংকা কৰে যদিও এই কথা ভুল। কিয়নো এই পদ্ধতিত শুলে শিশুৰ “ৰিফ্লাক্স” (যাৰ ফলত বমি আৰু উদ্গাৰ আহে) ৰ আশাংকা হ্ৰাস হে হয়। আৰু যদিও কোনো তৰল পদাৰ্থ শিশুৰ মুখমণ্ডললৈ আহিও যায় এই পদ্ধতিত শুলে শিশুটিয়ে সহজতে গিলিবলৈ সক্ষম হ’ব।

   কিন্তু উবুৰি হৈ অৰ্থাৎ পেট পেলাই নৱজাতক শিশুক শুবলৈ দিয়াটো বিপদজনক। এনেকৈ শুলে শিশুৰ দেহৰ সমস্ত ভৰ শিশুটিৰ পেটৰ ওপৰত পৰে ফলত শিশুৱে বমি কৰিব পাৰে, উশাহত কষ্ট পাব পাৰে। আনকি শিশুৰ স্পাইনেল কৰ্ড (Spinal Cord) ত কূপ্ৰভাব পৰিব। আৰু যদি লেতেৰা অপৰিষ্কাৰ বিছনাত শিশুটি এই ধৰণে পেট পেলাই শুই থাকে বিছনাত থকা বেক্টেৰিয়া, ভেঁকুৰ আদি সহজতে উশাহৰ সৈতে দেহৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হব। এইবোৰ কাৰণতে শিশুৰ “চাডেন ইনফেন্ট দেথ চিণ্ড্ৰম”ৰ আশংকা বৃদ্ধি হব। কিন্তু শিশু য়ে যেতিয়া খেলিব তেতিয়া যিকোনো ধৰণে আনকি পেট পেলাই উবুৰি হৈও খেলিব পাৰিব মাত্ৰ টোপনি যোৱাৰ সময়ত এই পদ্ধতি পৰিহাৰ কৰা বাঞ্চনীয়।

শিশুৱে শুবৰ সময়ত মন কৰিবলগীয়া কথা :-

১) নৱজাত শিশুৰ টোপনি যোৱা কথা পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা দৰকাৰী।
২) অতি কোমল নৰম , পৰিষ্কাৰ গাদীৰ ওপৰত শুবলৈ দিয়া উচিত।
৩) অকলে শুবলৈ নিদি ওচৰত কোনো এজন থকা উচিত।
৪) খুব মোটা কম্বল গাৰ ওপৰত ঢাকি দিয়া বিপদজনক।
৫) শুবলৈ মুৰত কেতিয়াও বালিছ নিদিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *