শৰীৰ SLIM ৰাখিব নেকি?? ন’বেল বঁটা বিজয়ী চিকিৎসকৰ দিহা পালন কৰক

“১৬ – ৮” ফৰ্মুলাৰে লাঘৱ কৰক দেহৰ অপ্ৰয়োজনীয় চৰ্বী আৰু নিৰোগী হৈ পৰক :-

   আগতে হয়তো আপুনি দেহৰ ওজন কমাবলৈ বা চৰ্বী কমাবলৈ বিভিন্ন দিহা পৰামৰ্শ পাইছে। কিন্তু আমি আজি দিব খোজা পৰামৰ্শ সম্পূৰ্ণ বিজ্ঞানসন্মত। আৰু এই সুত্ৰৰ বাবেই জাপানৰ ভেষজ বিজ্ঞানী যোশীনৰি অহচূডমী য়ে ২০১৬ চনত ন’বেল বঁটা বিজয় কৰিছিল। এই ১৬ – ৮ সুত্ৰৰ পৰামৰ্শৰ দ্বাৰা কোনো ধৰণৰ খাদ্যভাগ খোৱা বন্ধ নকৰাকৈ দুমাহৰ ভিতৰত ৬ পৰা ১০ কিলোগ্ৰাম ওজন হ্ৰাস কৰিব পাৰি।

“১৬ – ৮” ফৰ্মূলা কি ? :-

এই সূত্ৰ অনুসৰি আপুনি দিনটোৰ ২৪ ঘন্টাৰ ৮ ঘন্টাহে খাদ্য খাব পাৰিব আৰু ১৬ ঘন্টা লঘোণ দিব লাগিব। অৰ্থাৎ ১৬ ঘন্টা পানীৰ বাহিৰে অইন একো খাদ্য নাখাব। খাব মন গলে চেনী নোহোৱাকৈ ৰঙা চাহ অথবা ব্লেক কফি খাব পাৰে। কিন্তু যঠেষ্ট পৰিমাণে পানী খাবলৈ নাপাহৰিব। এনে কৰিলে এই সময়ছোৱাত দেহত গ্ৰৌঠ হ’ৰমন ক্ষৰণ বৃদ্ধি হব আৰু ইয়াৰ ফলত “অট’ফেজী” পৰিঘটনাৰ দ্বাৰা শৰীৰ বিভিন্ন ঠাইত জমা হৈ থকা অতিৰিক্ত চৰ্বী বিয়োজন হ’ব। লগতে দেহৰ কোষ সমুহত দৈনন্দিনৰ বিপাক পক্ৰিয়াত উৎপাদিত ফ্ৰি-ৰেডিকেল (শৰীৰৰ বাবে হানিকাৰক) দ্ৰব্য সমুহো নিস্কাষিত হয়। উদাহৰণ স্বৰূপে যদিহে আপুনি ৰাতি ১০ বজাত আহাৰ গ্ৰহণ কৰিছে তেন্তে পিছদিনা দুপৰীয়া ২.০০ বজাতহে আকৌ আহাৰ গ্ৰহণ কৰক। দুপৰীয়া ২.০০ বজাৰ পৰা পুনৰ ৰাতি ১০.০০ বজালৈ যি মন যায় চেনী আৰু চেনীৰে প্ৰস্তুত কৰা খাদ্যৰ বাহিৰে সকলো খাদ্য গ্ৰহণ কৰক কোনো অসুবিধা নাই।

এই ফৰ্মূলাৰ পাৰ্শ্বক্ৰিয়া :- প্ৰথম কেইদিনমান অকণমান দেহ দুৰ্বল আৰু এচিডিটি সমস্যা অনুভৱ কৰিব যদিওবা লাহে লাহে আপুনি অভ্যস্ত হৈ পৰিব।

কাৰ বাবে এই ফৰ্মুলা বিপদজনক :- অতি ক্ষীণ, ১৮ বছৰ অনুৰ্ধ্ব , গৰ্ভৱতী মহিলা , স্তন্যপায়ী মাতৃ , অইন ৰোগৰ চিকিৎসা হৈ থকা লোক আদিয়ে এই দিহা পালন নকৰিব।

এই সূত্ৰৰ পৰা কি লাভ হব :- ইয়াৰ দ্বাৰা দেহৰ ওজন বা অকল মেদবহুলতা কমিব এনে নহয় যদিহে প্ৰতি বছৰত দূটি মাহ ও আপুনি এই সুত্ৰ পালন কৰে তেন্তে হৃদৰোগ, মধুমেহ ৰোগ, কৰ্কট ৰোগ, ষ্ট্ৰ’ক আদিৰ পৰা বহু দুৰৈত অৱস্থান কৰিবলৈ সক্ষম হব।

Prepared by :- Dr Azimuddin Ahmed

 

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *