ঘৰৰ কভিড ৰোগীৰ আছুতীয়া কক্ষ এনেকৈ SANITIZE কৰক//

  ঘৰত ISOLATION ত ৰখা  কভিদ ৰোগীৰ কোঠালি কেনেকৈ SANITIZE কৰিব ??

  ঘৰতে হওক বা কভিদ চেন্টাৰত ৰোগীৰ কোঠালি, আচবাব আৰু শৌচাগাৰৰ পৰিষ্কাৰ কৰি ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ। কভিদ চেন্টাৰত এই কাম কৰ্তৃপক্ষৰ অভিজ্ঞ লোকে সম্পাদন কৰিব। কিন্তু যদি ৰোগীজন নিজৰ ঘৰতে আছুতীয়া কক্ষত ৰখা হৈছে তেন্তে পৰিয়ালৰ লোকে জানিব লাগিব এই  SANITIZATION প্ৰক্ৰিয়াটো।

  কোঠালিৰ SANITIZATION :-

    ইয়াৰ বাবে আপুনি  সহজলভ্য ব্লিচিং পাউদাৰ আৰু ডেটল ব্যৱহাৰ কৰিব পাৰে। কোঠালিৰ মজিয়া আৰু দৰ্জা খিৰিকীৰ যিবোৰ ঠাই হাতেৰে স্পৰ্শ হয় সেইবোৰ প্ৰথমতে পৰিষ্কাৰ পানীৰে মচিব আৰু লগে লগেই ব্লিচিং পানীৰ মিশ্ৰণ ১% ৰে মচিব দিনত দুবাৰকৈ।

  ১% ব্লিচিং মিশ্ৰণ প্ৰস্তুতৰ বাবে ৬ চামুচ ব্লিচিং পাউদাৰ ১ লিটাৰ পানীত মিহলাই (আপোনাক যিমানেই প্ৰয়োজন এই অংকৰে মিশ্ৰণ প্ৰস্তুত কৰি) ল’ব । মন কৰিব যে মজিয়া খন মচি কমেও ২০-২৫ মিনিট ফেন নিদিব ইয়াক প্ৰাকৃতিক বতাহত শুকাবলৈ দিয়ক। মনত ৰাখিব লাগিব যে মজিয়া কেতিয়াও ঝাৰু মাৰিব নালাগে মাত্ৰ মচিব লাগে।

     নাইবা, ব্লিচিং পাউদাৰ উপলব্ধ নহ’লে এই কামৰ বাবে ডেটল ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে ৩০ মিলি লিটাৰ ডেটল এক লিটাৰ পানীত মিহলাই ল’ব আৰু একেধৰণে এফালৰপৰা মচিব।

    কোঠালিৰ আচবাব :-

    অৰ্থাৎ টেবুল, চকী, টিভিৰ ৰিমৰ্ট বিচনাৰ ওলাই থকা অংশ যিবোৰ ব্লিচিং মিশ্ৰণেৰে মিলে ৰং নষ্ট হ’ব পাৰে সেইবোৰ আচবাব ওপৰত উল্লেখিত পৰিমাণৰ ডেটল মিশ্ৰণ ব্যৱহাৰ কৰি দিনে দুবাৰকৈ ঘহিব।

কাপোৰ :- বিচনাৰ কাপোৰ, পিন্ধা কাপোৰ চাৰ্ফ পানীত কমেও আধা ঘন্টা তিয়াই লৈ ধুই শুকাই ল’ব।

শৌচাগাৰ :- দিনে তিনিবাৰকৈ ১% ব্লিচিং মিশ্ৰণেৰে মচি থাকক।

মনত ৰাখিব কভিদ ৰোগী আছুতীয়া কক্ষৰ খিৰিকী, দৰ্জা আৰু ভেন্টিলেচন যিমানেই সম্ভব খুলি ৰাখিব  লাগে। 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *