হৃদযন্ত্ৰ আৰু হাওঁফাওঁ বন্ধ হোৱাৰ পিছতো জীয়াই ৰাখক BLS পদ্ধতিৰ দ্বাৰা..

হৃদযন্ত্ৰ আৰু হাওঁফাওঁ বন্ধ হোৱাৰ পিছতো জীয়াই ৰাখক আপোনজনক এটি সহজ পদ্ধতিৰ দ্বাৰা:-

  আপুনি হঠাতে যদি আপোনাৰ ওচৰে পাজৰে বা নিজৰ ঘৰতে কোনো লোকক বাগৰি পৰি মাত কথা বন্ধ হৈ যোৱা পাইছে তেন্তে আপুনি কি কৰিব ? প্ৰথম আপোনাৰ দায়িত্ব হ’ল এম্বুলেন্সক ফোন কৰা আৰু এম্বুলেন্স আহি পোৱা সময় খিনিৰ পৰা চিকিৎসকৰ ওচৰ পোৱালৈ আপোনাৰ আহি পৰিব দ্বিতীয় দায়িত্ব। অকল এম্বুলেন্সক ফোন কৰি বহি থাকিলে দ্বিতীয় দায়িত্ব পালন কৰিবলৈ সক্ষম নহব আৰু তাৰ ফলত হয়তো মৃত্যু মুখত পৰিব ব্যক্তিজন যদিহে তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁ বিকল হৈ পৰিছে। কিন্তু যদি আপুনি আপোনাৰ দ্বিতীয় দায়িত্ব ভালদৰে পালন কৰিব পাৰে তেন্তে আপুনি সেই লোকজনক জীৱন দান দিব পাৰিব। আৰু এই দায়িত্ব পালন কৰিবলৈ আপুনি জানিব লাগিব এটি সৰু আৰু সহজ পদ্ধতি যাক চিকিৎসা বিজ্ঞানত প্ৰাথমিক জীৱন সঞ্জীৱনী (BASIC LIFE SUPPORT) বুলি কোৱা হয়।

Video 👇👇

কি এই BASIC LIFE SUPPORT (BLS) ??

  প্ৰথমতে আপুনি বাগৰি থকা লোক জনক ভালদৰে পৰীক্ষা কৰক যে তেওঁৰ মাত কথা আছেনে নাই, যদি নাই তেন্তে দ্বিতীয়তে চাওক তেওঁ উশাহ-নিশাহ লৈ আছেনে নাই আৰু তৃতীয়তে চাওক বুকুৰ ধপধপনি আছেনে নাই । আৰু শেষত কেৰতিদ পালচ আছেনে নাই ১০ ছেকেণ্ড সময় চাওক ।যদি একোৱেই নাই তেন্তে আপুনি দেৰি নকৰি BLS পদ্ধতি অৱলম্বন কৰক ।

  তলৰ ভিদিঅত দেখুওৱা ধৰনে লোক জনক ওপৰলৈ মুখ কৰি শুৱাই লওক তাৰে পিছত আপোনাৰ সোওহাতৰ তলুৱাখন লোক জনৰ বাওঁফালৰ বুকুৰ ওপৰত ৰাখি বাওঁহাতখন আপোনাৰ সোওহাতখনৰ ওপৰত থৈ লোকজনৰ বুকুখন তলফালে হেচক আৰু এৰি দিয়ক। এই কাম কমেও এক মিনিটত ১০০ৰ পৰা ১২০ বাৰ কৰিব। আৰু প্ৰত্যেক ৩০ বাৰৰ মুৰত আপুনি আপোনাৰ মুখখন তেওঁৰ মুখত লগাই দুবাৰকৈ ফুৱাই অক্সিজেন যোগান ধৰক ।

VIDEO 👇👇

 

   লক্ষ্য কৰিব বুকুখন হেচোতে যেন বুকুখন কমেও ২ ইঞ্চি উঠা নমা দেখা যায়। আৰু তেতিয়াই বিকল হোৱা হৃদযন্ত্ৰ সংকোচন প্ৰসাৰণ হৈ মগজুলৈ অক্সিজেন প্ৰবাহিত হ’ব। লক্ষ্য কৰিব যাতে বুকুখন হেচোতে ২.৪ ইঞ্চিতকৈ বেছি সংকোচন হ’ব নালাগে। এনেদৰে এম্বুলেন্স এখন আহি নোপোৱালৈকে আপুনি এই BLS পদ্ধতিৰে লোকজনৰ মগজুলৈ অক্সিজেন যোগান ধৰিলে আপুনি তেওঁক জীয়াই ৰাখিব পাৰিব।

  উন্নত দেশসমূহত এই BLS প্ৰণালীৰ প্ৰশিক্ষণ লোৱা সকলো স্তৰতে যেনে:- স্কুল, কলেজ, অফিচ, উদ্দোগ আদিত বাধ্যতামূলক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *