ক’ৰণা ৰোগীৰ মৃতদেহত কিমান সময়লৈ ভাইৰাছ সক্ৰিয় হৈ থাকে?

ক’ৰোণাত মৃত্যু ব্যক্তিৰ দেহৰ পৰা  সুস্থ ব্যক্তিলৈ সংক্ৰমণ হব পাৰে নেকি?

    ক’ৰোণাত মৃত্যু ব্যক্তিৰ দেহত কিমান সময়লৈকে ক’ৰণা বিজানু জীয়াই থাকে বা কিমান সময়ৰ ব্যাৱধানলৈ ভাইৰাছ অইন লোকৰ দেহলৈ সংক্ৰমণ ৰ আশাংকা থাকিব?

  এই কথা ঠিৰাং কৰিবলৈ এইমচ চিকিৎসালয়ৰ ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সুধীৰ গুপ্তাই প্ৰায় ১০০জন ক’ৰোণা আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা যিসকল লোকৰ মৃতদেহ আইনজনিত কাৰণ (Medico-legal purpose) ৰ বাবে মৰোনোত্তৰ পৰীক্ষা কৰা হৈছিল সেই সমুহ মৃতদেহৰ গাত মৃত্যুৰ ১২ ঘন্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ক’ভিড টেষ্টৰ ফলাফল ঋণাত্মক পাইছিল  ।

  এই গৱেষণাৰ পিছত ডাঃ গুপ্তাই ঘোষণা কৰে যে ক’ৰোণা আক্ৰান্ত মৃতদেহৰ নাক আৰু মুখগহ্বৰত কভিড ১৯ ভাইৰাচ বীজাণু ১২ ৰ পৰা ২৪ ঘন্টাৰ ভিতৰত অসক্ৰিয় হৈ পৰে অৰ্থাৎ সুস্থ ব্যক্তিলৈ সংক্ৰমিত হব নোৱাৰে।

    অৱশ্যে, সাৱধানতাৰ বাবে মৃতদেহৰ নাক, মুখ, চকু , কাণ, মূত্রদ্বাৰ, শৌচদ্বাৰ আদি শৰীৰৰ ৰন্ধ্ৰবোৰ কপাহৰে বন্ধ কৰিব লাগে। ৰোগীৰ দেহত সংস্থাপন কৰা ৰাইলছ টিউব , কেথেটাৰ ইত্যাদি সজুলিবোৰ বীজানুনাশক ঔষধৰে ধুই দাহ কৰিব লাগিব।

  লগতে তেওঁ উল্লেখ কৰে যে মৃতদেহৰ অস্থি ,চিতাভষ্ম ইত্যাদিৰ পৰা কৰণা সংক্ৰমণ নহয়।

 সেয়েহে কভিড ৰোগীৰ মৃতদেহ‌ চিতাভষ্ম কৰিবলৈ বা কবৰস্থ ইত্যাদি অন্তিম প্ৰক্ৰিয়া কৰিবলৈ পৰিয়াল বা আত্মীয়ক কমেও ২৪ ঘণ্টা অপেক্ষা কৰিবলৈ ডাঃ গুপ্তই আহ্বান জনায়।

Source:- Internet

 

 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *