আনন্দ মিশ্ৰা চৰ্চিত কিয়??আৰক্ষীৰ IPS বিষয়া জনপ্ৰিয়তাৰ গোপন অস্ত্ৰ কি?

   নাম:- আনন্দ মিশ্ৰা ।
  জন্ম:- কলিকতা।
  জন্মৰ তাৰিখ:- ১ জুন ১৯৮১ চন।
  ঘৰ:– বিহাৰ ৰাজ্যৰ ভোজপুৰ জিলাত।

পত্নীৰ নাম :- অৰ্চনা তিৱাৰী মিশ্ৰা।
শিক্ষা গ্ৰহণ :- যিহেতু তেওঁৰ পিতৃ এজন অভিযন্তা আছিল আৰু তেওঁ কলিকতাৰ হিন্দু্ুস্তান মটৰত কাৰ্যনিৰ্বাহ কৰিছিল সেই সুত্ৰে আনন্দ মিশ্ৰাই  সকলো শিক্ষা কলিকতাতেই গ্ৰহণ কৰিছিল।

  শিক্ষাগত অৰ্হতা :- স্নাতক।
২০০৫ চন :- পশ্চিম বংগ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ।
২০১১ চন:- ভাৰতীয় আৰক্ষী সেৱা পৰীক্ষাত উত্তীৰ্ণ ।

 

  কৰ্মজীৱন:-

২০০৫ চনৰ পৰা ২০১১ চনলৈ পশ্চিম বংগ চৰকাৰৰ প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৩ চনৰ পৰা ভাৰতীয় আৰক্ষী সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ পোন প্ৰথমবাৰৰ বাবে মেঘালয় চৰকাৰৰ এজন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰি ২০১৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

মেঘালয় চৰকাৰৰ চাকৰিৰ পৰা বদলি হৈ তেওঁ পুনৰায় অসম চৰকাৰৰ অধীনত পোন প্ৰথমবাৰৰ বাবে চৰাইদেউ জীলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে। পৰবৰ্তীকালত তেওঁ ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আৰু বৰ্তমান সময়ত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

আনন্দ মিশ্ৰা চৰ্চিত কিয় ??

  আনন্দ মিশ্ৰা অইন আৰক্ষী অধীক্ষক সকলতকৈ অলপ বেলেগ। তেওঁ মানুহ ভাল পায় , জনতাৰ কথা আৰু সমস্যাবোৰ অন্তঃকৰণে শুনি তাৰ সমাধানৰ চেষ্টা কৰি ভাল পায়। সেইবাবেই তেওঁ জনমানসত উজ্বল ভোটা তৰা হৈ জিলিকি উঠিছে। প্ৰখৰ বুদ্ধিমত্তাৰে আনন্দ মিশ্ৰাই সৃষ্টি কৰিছে অনুৰাগীৰ এক বৃহৎ মানৱ শৃংখল। তেওঁ নিজকে জনতাৰ চাকৰ (public servant) বুলি অভিহিত কৰে বাবেই অনুৰাগী সকলেও দিছে তেওক উৎসাহ আৰু মৰম।

কৰ্মজীৱনৰ সফলতা :-

   ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ জিলা খনৰ বহুজন দাগি অপৰাধি, ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰি দৃষ্টান্ত মুলক শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছিল। অপৰাধ আৰু অপৰাধিৰ প্ৰতি শুন্য সহনশীল আনন্দ মিশ্ৰাই নতুন প্ৰজন্মক ড্ৰাগছ আশক্তিৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল। তেওঁৰ কাৰ্যকালত জিলাখনৰ অপৰাধৰ হাৰ প্ৰায় ৫০% তললৈ হ্ৰাস পাইছিল। আৰু বৰ্তমান নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও একেই আশা কৰিছে সমগ্ৰ অসমবাসীয়ে।

  ইণ্ডিয়া ফেম’ আলোচনীৰ ২০২১ চনৰ সমীক্ষা অনুসৰি আনন্দ মিশ্ৰা ভাৰতবৰ্ষৰ ৫০ জন জনপ্ৰিয় আৰক্ষী বিষয়াৰ ভিতৰত এজন। ২০২০ চনত আনন্দ মিশ্ৰাই অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা বটা (CM’S POLICE MEDAL FOR OUTSTANDING SERVICES ) লাভ কৰে।

গীত গাই, গীটাৰ বজাই, ফটো উঠি আৰু বাইক চলাই, টাইকোৱাণ্ড খেলি ভালপোৱা আনন্দ মিশ্ৰা সদায় জনমানসত এনেদৰেই জিলিকি থাকক।

তথ্য উৎস:- ইন্টাৰনেত।

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *