কৃত্ৰিম অক্সিজেন অবিহনেই অক্সিজেন লেভেল বৃদ্ধি কৰক এটি সহজ উপায়েৰে:-

 

  বৰ্তমান সময়ত ভগৱানৰ পিছতেই কৃটিম অক্সিজেনৰ ওপৰতে বহু গুণে নিৰ্ভৰ কৰিছে মানব জীৱন। আপুনি হয়তো জানিবলৈ পায় আনন্দিত হব আমাৰ এই ৰিপ’ৰ্ট। যদিহে আপুনি আপোনাৰ অক্সিজেন মাত্ৰা জোখ লোৱাৰ পিছত কিছু কম পাইছে তাৰ বাবে অতিকৈ ভয় নাখাব বা ভয় খোৱাৰ প্ৰয়োজন নাই। কিয়নো ভগৱান প্ৰদত্ত আৰু এটি অক্সিজেন চিলিণ্ডাৰ আপোনাৰ দেহত আছে মাত্ৰ বিপদ সংকুল সময়ত, ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাতোহে মুখ্য কথা। এই কাল্পনিক চিলিণ্ডাৰ কামত লগোৱাৰ আপোনাক দিলোঁ এটি দিহা আৰু এই দিহাৰ পৰাই আপুনি দেহৰ অক্সিজেন ৫ শতাংশৰ পৰা ১০ শতাংশ  SPo2 লৈ বৃদ্ধি কৰিবলৈ সক্ষম হব।

  এজন সুস্থ মানুহৰ দেহত ৯৫ – ১০০ % SPo2 অক্সিজেন মাত্ৰা থাকে কিন্তু যদি কোনো কাৰনতে এই মাত্ৰা ৮৫ % লৈও হ্ৰাস পায় তেন্তে পলম নকৰি সোনকালেই তলত দিয়া পন্থা অৱলম্বন কৰি অক্সিজেন ৰ মাত্ৰা আকৌ স্বাভাৱিক কৰি তুলিব পাৰি আৰু ই চিকিৎসা বিজ্ঞানত যুগে যুগে প্ৰমাণিত।

  ১) দিনটোৰ ভিতৰত যিমানেই সম্ভৱ পেট তলৰ ফালে কৰি টোপনি মাৰক। ইয়াক চিকিৎসা বিজ্ঞানত PRONE POSITION বুলি কোৱা হয়। মন কৰিব যাতে গাৰু এটা বুকুৰ তলত , এটা গাৰু ককালৰ তলত আৰু এটা ভৰিৰ তলত ল’বলৈ নাপাহৰিব।

                                                       

  ২) দেহৰ সোওফালে কাটি হৈ (RIGHT LATERAL POSITION) আধাঘন্টাৰ পৰা দুঘন্টা শুৱক ।

  ৩) দেহৰ বাওঁফালে কাটি হৈ (LEFT LATERAL POSITION) আধাঘন্টাৰ পৰা দুঘন্টা শুৱক। আৰু

  ৪) দুয়োখন ভৰি মেলি দি পিঠিৰ ফালে হেঁচা প্ৰয়োগ কৰি (SUPINE POSITION) আধাঘন্টাৰ পৰা দুঘণ্টা বহক।

  এই চাৰিটা পন্থা অৱলম্বন কৰিলে আপোনাৰ অক্সিজেন মাত্ৰা প্ৰায় ১০ শতাংশৰ SPo2 বৃদ্ধি হব। আপুনি ঘৰতেই থাকক অথবা চিকিৎসালয়ত ভৰ্ত্তি হৈ থাকক কোনো কথা নাই মাত্ৰ অনুসৰণ কৰক।

  এতিয়া প্ৰশ্ন হ’ল এনে কৰিলে কিয় অক্সিজেনৰ মাত্ৰা বৃদ্ধি হব ? আপুনি হয়তো জানিবলৈ পায় আনন্দিত হব যে ভগৱান প্ৰদত্ত এটি ভৰপূৰ অক্সিজেন চিলিণ্ডাৰ আপোনাৰ বিপদৰ সময়ৰ বাবে আপোনাৰ দেহত সংৰক্ষিত হৈ আছে মাত্ৰ এই পন্থাৰ দ্বাৰা সেই চিলিণ্ডাৰটো ব্যৱহাৰহে কৰিব লাগে।

  অৰ্থাৎ আমি দৈনিক যেনেদৰে চাল চলন বা উঠা বহা ও টোপনি মাৰো তেতিয়া আমাৰ হাওঁফাওঁৰ কোষবোৰৰ কিছু সংখ্যক কোষ (যাক এলভিউলি বুলি কোৱা হয়) কৰ্মৰত হৈ থাকে আৰু কিছু সংখ্যক কোষ সংৰক্ষিত হৈ থাকে। আৰু উপৰোক্ত পন্থা অৱলম্বন কৰিলে এই সংৰক্ষিত কোষ সমুহ কৰ্মৰত হয় অক্সিজেন যোগান বৃদ্ধি কৰিবলৈ।

  জনহিতকৰ এই বাৰ্তা ঘৰে ঘৰে বিলাই দিয়ক যাতে সকলোৰে বিপদত কামত আহে। আৰু আমাৰ ভাল ভাল স্বাস্থ্য বাৰ্তা জানিবলৈ সদায় GOOGLE ত এই WEBSITE 👉 Kamalpurexpress.com ক্লিক কৰক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *