ঠাণ্ডা আৰু ইফালে চুলিত উফি !!

 শীত কালৰ এটি ঘাই সমস্যা হল মুৰত উফি হোৱা। যাৰ ফলতে আপুনি সন্মুখীন হয় বিভিন্ন সমস্যাৰ। যেনে:- যেতিয়াই তেতিয়াই মুৰত খজুৱতি উঠা, খজুৱতি ৰ বাবে  পাৰ্টীলৈ গৈ অস্বস্তিত পৰা, ৰাতি খজুৱতি ৰ বাবে টোপনি ক্ষতি হোৱা ইত্যাদি।

প্ৰথমে জানো আহক উফি কি কি কাৰণত হয় মুৰত:-

১) বেছিকৈ চুলি আৰু মুৰটো লেতেৰা কৰি ৰাখিলে উফি হোৱাটো নিশ্চিত। দৈনন্দিন ধূলি- মাকটি, ধোঁৱা ইত্যাদিৰ সৈতে মুৰটো লেতেৰা হৈ থাকিলে মুৰৰ ছালখন শুকান হৈ পৰে তাৰ ফলত ছালৰ প্ৰটিন কেৰাটিন বগা গুড়ি গুড়ি হৈ ছালৰ পৰা সৰি পৰে।

২) খুব বেছি পৰিমানে কেমিকেল চেম্পু ব্যৱহাৰ কৰা, চুলিত কেমিকেল ৰঙ খনা আৰু বিভিন্ন ধৰণৰ চুলিত ঘঁহা স্প্রেয় ইত্যাদিৰ অত্যাধিক ব্যৱহাৰৰ ফলত পাৰ্শ্বক্ৰিয়া হিচাপেও মুৰত উফি হব পাৰে।

 

৩) চুলিৰ গুৰি এবিধ ‘মেলছেজিয়া’ নামৰ ভেঁকুৰৰ দ্বাৰা অক্ৰান্ত হোৱাৰ ফলতো উফি হৱ পাৰে। দৈনন্দিনৰ মাত্ৰাধিক মানসিক চাপ, দেহৰ হৰমন সমূহৰ সন্তলনৰ ব্যাঘাত হলেও মুৰৰ ছালত ভেঁকুৰৰ দ্বাৰা আক্রান্ত হোৱাৰ সম্ভৱনা বৃদ্ধি হয়। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস হলেও ভেঁকুৰৰ আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি হয়।

 

৪) বেছি তেলীয়া মুৰৰ ছালটো উফি হব পাৰে। মূৰত তেল সানি তিনি চাৰি দিনলৈ মূৰ নুধুলে ও ভেঁকুৰ সংক্ৰমিত হৈ উফি হব পাৰে।

 

৫) মহিলাতকৈ পুৰুষৰ উফিৰ সংক্ৰমণ বেছি   যদিও কাৰণ জানা নাযায়।

 

৬) ছালৰ কিছুমান ৰোগ যেনে:- ‘চৰাইছিছ’, ‘চেবৰহিক দাৰ্মাটাইটিছ’, ‘কন্টেক্ট দাৰ্মাটাইটিছ’ আদিৰ ফলতো মুৰত উফি দেখা যাব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ বাঞ্ছনীয়।

 

     অধিক উফিৰ ফলত মুৰৰ খজুৱতি, অকালতে চুলি সৰা, চুলিৰ গুৰি দুৰ্বল হৈ পৰা, চুলি পকা, চুলিৰ গুৰিৰ ৰঙা পৰি বিষ অনুভৱ কৰা আদি লক্ষণ দেখা দিয়ে।

উফিৰ পৰা পৰিত্ৰাণৰ  দিহা:-

১) যিমান পাৰি সঘনাই পৰিষ্কাৰ পানীৰে মূৰটো ধুবলৈ যত্নপৰ হওঁক। সপ্তাহত তিনিবাৰ মূৰ ধুব পাৰিলে ভাল।

২) তিনি চামুচ নেমুৰ ৰস চেপি লৈ মুৰ ধোৱাৰ এক ঘন্টা আগত মুৰত ভালকৈ ঘহি হাতৰ তলুৱাৰে মুৰতো ১০ মিনিট মালিচ কৰি ভালদৰে ধুই লওক সাধাৰণ উফিৰ সমস্যা সহজতে দূৰ হব।

৩) মুৰ ধোৱাৰ আগদিনা ৰাতি যদিহে “এলিঅ’ ভেৰা” জেলী মুৰত ঘহি চুলিখিনি মালিচ কৰি পিছদিনাই ‘এন্টী দেনদ্ৰাফ’ চেম্পু  (অল ক্লিয়াৰ, হেড এণ্ড ছৌল্জাৰ, চেলছান, কেন্দিদ টিভি ইত্যাদি) ৰে মূৰটো ধুই দিয়ে সোনকালেই উফি দূৰ হব।

৪) বজাৰত উপলব্ধ ছালফাইট সমৃদ্ধ চেম্পু ব্যৱহাৰ পৰিহাৰ কৰা ভাল।

৫) চেম্পুৰ সৈতে যদিহে ২-৩ টোপাল ‘টি-থ্ৰী’ তেল মিহিলাই মূৰটো চেম্পু কৰে অতি সোনকালে উফি আতঁৰিব। টি-থ্ৰী তেল বজাৰত উপলব্ধ। আনকি হিমালয়া ঔষধ প্ৰতিস্থানৰ “টী-থ্ৰী অৰেগেনিক” নামৰ চেম্পু ও পোৱা যায়।

ঘৰতে তৈয়াৰ কৰক এক উফিনাশক মিশ্ৰণ :-

     চাৰি চামুচ মেথিগুটি আৰু এটুকুৰা আদা ভালদৰে ধুই আধাঘন্টা তিয়াই থৈ ভালদৰে পিচি লব তাৰ পিছত চাৰি চামুচ নাৰিকলৰ তেল মিহলাই মিশ্ৰণটো ভালদৰে চামুচেৰে ঘুটি দিয়ক ।

 

   মিশ্ৰণটোত এচামুচ নেমুৰ ৰস আৰু প্ৰায় দুই চামুচ দৈ মিহলাই পুনঃ চামুচ এখনেৰে ঘুটি আধাঘন্টা পিছত  চুলি আৰু মুৰত ঘঁহি দিয়ক।

   যেতিয়া লেপনটো শুকাব খালি পানীৰে ধুই দিয়ক কিন্তু লগে লগে চেম্পু নিদিব। অৱশ্যে পিছদিনাহে ইচ্ছা কৰিলে চেম্পু ঘঁহি মূৰ ধুব পাৰিব। এনেদৰে সপ্তাহত এদিন কৈ যদি এই মিশ্ৰণ প্ৰয়োগ কৰে এমাহৰ ভিতৰতে উফিৰ পৰা পৰিত্ৰাণ পাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *