নিগনি নামাৰিব খেদি পঠাওক !

নিগনি নামাৰিব খেদি পঠাওক!!

নিগনি হল ভগবান গণেশৰ বাহন সেয়ে বহুতে নিগনিক বিষ আদি খুয়াই মাৰিবলৈ টান পায় । সেয়ে নামাৰাকৈ নিগনি আপোনাৰ ঘৰৰ পৰা খেদি পঠিয়াৰ এক গেৰান্টি দিহা আছে ।

তাৰ বাবে আপুনি এক পেকেট চাধাৰ পেকেটতো খুলি চাধাখিনি প্লেট এখনত লওক। তাৰ পিছত দুচামুচ খাটি ঘিউৰ লগত চাধাখিনি মিহলাই লওক আৰু লগত দুচামুচ বেচন লৈ অকনমান পানীৰ সৈতে ৰুটি বনাবলৈ যেনেকৈ মাৰে তেনেকৈ মাৰি সৰু সৰু লাড়ু প্ৰস্তুত কৰক ।

 

ঘি লোৱাৰ কথা হল নিগনিয়ে ঘিউৰ গোন্ধ খুব ভাল পায়। এতিয়া এই লাড়ু বোৰ সঘনাই নিগনি দৌৰা দৌৰি কৰা ঠাই বোৰত পেলাই থব।

 

দেখিব ঘিউৰ গোন্ধ পাই নিগনি আহি লাড়ুবোৰ খাব আৰু লাড়ু খাই নিগনি ৰ নিচা লাগিব আৰু পানীৰ পিয়াঁহ ও লাগিব সেয়ে সেই ঠাইৰ পানীৰ টেপ বোৰ বা পানীৰ উৎস নিগনিয়ে ঢুকি নোপোৱাকৈ ৰাখিব।

এনেদৰে এই লাড়ু খাই নিগনি আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব ।

 

এই দিহা ব্যৱহাৰ কৰি কেনে পাই আমাক কোমেণ্ট কৰি জনাবলৈ নাপাহৰিব 🙏🙏

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *