carrot is a super food

পাচলিয়ে নহয় গাজৰ হৈছে এবিধ Super Food !!

গাজৰ ইমানেই উপকাৰী কিয় ?

উত্তম খাদ্য বোৰৰ ভিতৰত গাজৰ এবিধ । গাজৰ ক “চুপাৰ ফুড” ৰ তালিকাত গণ্য কৰা হয়। বৈজ্ঞানিক নাম Daucas carota এই গাজৰ ত থকা ঘাই উপাদান সমুহ হল :- ৮৫% পানী,

 

CARROT IS SUPER FOOD CAN PREVENT HEART STROKE১১% শৰ্কৰা, মিউচিলেজ, প্রেক্টিন, ভিটামিন C, B1,B6, B12, প্ৰৌ ভিটামিন বিটা কেৰটিনয়ড A , প্ৰটিন আৰু যথেষ্ট ফাইবাৰ। ইয়াৰ উপৰিও গাজৰৰ থাকে এন্টী অক্সিডেন্ট গুণ।

কেঁচাই হওঁক বা সিজাই গাজৰ নৈমিত্তিক সেৱন কৰিলে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা দূৰত থাকিব পাৰো।

১) গাজৰে তেজৰ কলেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰিব পাৰে ফলত হৃদযন্ত্র মজবুত হৈ থাকে আৰু হাৰ্ট এটাক ৰোধ কৰে।

 

carrot is a super food that prevent Diabetes

২) গাজৰ খালে পিত্তৰ পৰা বাইল ক্ষৰণৰ পৰিমান বৃদ্ধি হয় ফলত দেহত অদৰকাৰী চৰ্বী জমা হব নোৱাৰে।

৩) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ৰ উপৰিও দাত আৰু দাতৰ আলু মজবুত হয় গাজৰ খালে।

৪) বিটা-কেৰটিন, লুটিন আৰু জিক্সান্ঠিন নামৰ সক্ৰিয় ফাইটনিউট্ৰিয়েনছ সমৃদ্ধিশালী বাবে গাজৰ চকুৰ দৃষ্টি শক্তিৰ বাবে অতি প্ৰয়োজনীয় খাদ্য।

 

carrot being super food can prevent cancer

৫) প্ৰচুৰ পৰিমাণে এন্টী অক্সিদেন্ত সমৃদ্ধ বাবে গাজৰ খালে কেন্সাৰ ৰোগৰ পৰা দুৰৈত থাকিব পাৰি।

৬) বিটা- কেৰটিন থাকে বাবে গাজৰ খালে দেহৰ ঘাঁ সোনকালে শুকাই।

৭) মগজুৰ এলজেইমাৰ ৰোগ থকা ৰোগীৰ উত্তম খাদ্য গাজৰ।

৮) গাজৰত ফাইবাৰ আৰু পানীৰ পৰিমাণ যথেষ্ট থাকে বাবে গাজৰ খালে পেটৰ হজম শক্তি সক্ৰিয় হয়।

Carrot being super food can prevents skin diseases

 

৯) গাজৰ খালে দেহৰ কোষ সমুহ সোনকালে বৃদ্ধ নোহোৱাকৈ থকাৰ ফলত দেহৰ চাল, নখ আৰু চুলিৰ সৌন্দৰ্য বহু বয়সলৈকে অটুট থাকে।

 

আৰু পঢ়ক

krisna jonmastomy

 ক্লিক কৰি পঢ়ক 👇👇

জন্মাষ্টমীৰ শুভ সময় কেতিয়া ? জন্মাষ্টমীৰ আগতে কি কৰিলে ঘৰৰ মঙ্গল হব?

১০) বৈজ্ঞানিক সকলে ইতিমধ্যে প্ৰমাণ কৰিছে যে বিটা-কেৰটিন সমৃদ্ধ খাদ্য সেৱনে ডায়েবেটিচ ৰোগৰ আশাংকা কমাই সেয়ে ভবিষ্যতে ডায়েবেটিচ ৰোগ নহ’বৰ বাবে আৰু ডায়েবেটিচ ৰোগত ভূগি থকা ৰোগীৰ বাবে ও গাজৰ উত্তম খাদ্য।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *