নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ সৈতে পুখুৰীত পৰি যুৱকৰ কৰুণ মৃত্যু

    দৰঙৰ দেওমৰনৈত শনিবাৰে পুৱাই পথৰ কাষৰ এটি পুখুৰীত এটি যুৱক ৰ মৃত দেহ উদ্ধাৰ হয়। মঙলদৈ মাজিকুছি পথৰ পৰা দেওমৰনৈ ছোৱালী হাইস্কুল,আৰ্মী কেম্প, শ্ৰী শ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ লৈ যোৱা পথৰ কাষৰ পুখুৰী ত উদ্ধাৰ হয় এই মৃতদেহ। ওচৰ চুবুৰীয়াই প্ৰথমে পুখুৰীৰ মাজত বাইক সহ মৃত দেহ প্ৰত্যক্ষ কৰি খা খবৰ কৰি মৃত দেহ উদ্ধাৰ কৰে।

         পিছত মৃত দেহ চিনাক্তকৰণ কৰা হয়। মৃত দেহ টি খাৰখোৱা পাৰা নিৱাসী গুজৰাট ত কৰ্মসুত্ৰে থকা, লʼকডাউন ৰ সময়ত ঘৰত আহি কʼৰনা আক্ৰান্ত হোৱা যুৱক অজিত ডেকা (৩০) (পিছত আৰোগ্য লাভ কৰে)বুলি চিনাক্ত কৰা হৈছে। শুক্ৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত অজিত ডেকা খাৰখোৱা পাৰাৰ নিজ ঘৰৰ পৰা দেওমৰনৈ অভিমুখে আহিছিল, মৃত ডেকা ঘৰৰ পৰা দেওমৰনৈ আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

         ইতিমধ্যে ঘটনা সংক্ৰান্তত প্ৰশাসনক জনোৱা হৈছে আৰু প্ৰশাসনে যাবতীয় কামকাজ আৰম্ভ কৰিছে। প্ৰশাসনে ইতিমধ্যে মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰি মৃত যুৱক জন দুৰ্ঘটনাত মৃত্যু হৈছে নে আন কিবা সেয়া তদন্ত আৰম্ভ কৰিছে, তদন্তৰ পিছতহে মৃত্যুৰ কাৰন পৰিস্ফুট হ’ব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *