ড্ৰাগছ সৰবৰাহৰ সৈতে অভিনেত্ৰী ছাৰা,ৰাকুল প্ৰীত জৰিত

     নিষিদ্ধ ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ সৈতে বলিউদৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান আৰু ৰাকুল প্ৰীত সিঙ জৰিত বুলি ৰিয়া চক্ৰবৰ্তীয়ে স্বিকাৰোক্তি দিছে।

    ছাৰাৰ সৈতে সুশান্তৰ প্ৰেমৰ সম্পৰ্কৰ কথা আকৌ চৰ্চালৈ আহিছে। স্মৰ্তব্য যে ছাৰাৰ প্ৰথম ছবি কেদাৰনাথৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত আছিল গভীৰ প্ৰেম। তদন্তত ওলাইছে এই নতুন নতুন তথ্য। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা ৰিয়াই জেৰাৰ অন্তত নাম লৈছে বহুতো বলীউদৰ তাৰকাৰ। প্ৰায় ২৫ গৰাকী বলীউদৰ A- শাৰিৰ তাৰকাৰ নাম লৈছে ৰিয়া চক্ৰবৰ্তীয়ে।

     য’ত আছে বহু অভিনেতা, প্ৰযোজক, পৰিচালকৰ নাম। এতিয়া এই আটাইবোৰকে সোধা পোছা কৰিব NCB য়ে । খবৰ
অনুসৰি ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে ছাৰা আলী খান জড়িত থকাৰ অভিযোগ উঠিছে। একেই অভিযোগ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ বিৰুদ্ধেও। ছাৰাৰ সৈতে সুশান্তৰ প্ৰেমৰ সম্পৰ্কক লৈ চৰ্চা চলিছিল সৰ্বত্ৰ।

     ছাৰাৰ প্ৰথম ছবি কেদাৰনাথৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত আছিল গভীৰ প্ৰেম। এবাৰ দুয়ো একেলগে থাইলেণ্ডলৈ গৈ প্ৰায় দুদিন একেলগে কটাইছিল। এইবাৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খাইছে প্ৰাক্তন ‘প্ৰেয়সী’ ছাৰা আলী খান। সুশান্তৰ মৃত্যু ড্ৰাগছৰে সম্পৰ্কীত হোৱাৰ তথ্য পোৱা গৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই ৰিয়াই কোৱা তালিকাত কোন কোন আছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *