বহু উত্কন্ঠাৰ অন্তত গ্ৰেপ্তাৰ হল অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী //

  • বহু উত্কন্ঠাৰ অন্তত গ্ৰেপ্তাৰ হল অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী ।

     তিনিদিনৰ মাৰাথান জেৰাৰ পিছত NCB য়ে গ্ৰেপ্তাৰ কৰিলে সুশান্ত সিং ৰাজপুত হত্যা কাণ্ডৰ মুল অভিযুক্ত ৰীয়া চক্ৰৱৰ্তী । এই কথা আনুষ্ঠানিক ভাৱে স্পষ্ট কৰে NCB য়ে ।
সন্দেহ কৰা হৈছে ৰীয়া চক্ৰৱৰ্তী ক গ্ৰেপ্তাৰ কৰা পিছতে ওলাই পৰিব বালিউডৰ বহু তাৰকা জড়িত ড্ৰাগছ ৰেকেটৰ বহুতো নতুন নতুন তথ্য।
    NCB ক দিয়া চিকাৰোক্তি মৰ্মে ৰীয়া চক্ৰৱৰ্তী য়ে নিজেও ড্ৰাগছ সেৱন কৰাৰ উপৰিও সুশান্ত সিং ৰাজপুটকো ড্ৰাগছ ৰ যোগান ধৰিছিল । আৰু ড্ৰাগছ ক্ৰয় কৰাত ৰিয়াক সহযোগ কৰিছিল ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ চেমুৱেলে । স্মৰ্তব্য যে ৰিয়াৰ ভাতৃ আৰু মেনেজাৰক যোৱা শুক্ৰবাৰে NCB য়ে গ্ৰেপ্তাৰ কৰিছিল ।

    ৰীয়া চক্ৰৱৰ্তী ক গ্ৰেপ্তাৰ কৰাৰ পিছতে মন্তব্য কৰিছে সুশান্ত ভগ্নীয়ে  “ভগৱানে আমাক সহায় কৰিলে ” ।

     ইয়াৰ লগে লগে সত্য প্ৰমাণিত হল বলিউদ অভিনেত্ৰী কংকনা ৰানাৱট ৰ দাবী “বলিউডৰ ৯০ শতাংশ তাৰকাই ড্ৰাগছ সেৱন কৰে লগতে ড্ৰাগছ সৰবাহ কৰা ৰ লগত জড়িত” বুলি কোৱা কথাষাৰ । ৰীয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱা ৰ পিছতে অভিনেত্ৰী কংকনা ৰানাৱাটে পুনৰ মন্তব্য কৰে যে তেওঁ কোনো ড্ৰাগছ সেৱন আৰু সর্বৰাহ ৰ লগত জড়িত নাছিল। আৰু যদিহে কোনোবাই ড্ৰাগছ টেষ্টিং কৰি প্ৰমাণ কৰিব খোজে তেওঁ সকলো সহযোগ কৰিব । আৰু লগতে তেওঁ মুম্বাই আৰক্ষীক ধন্যবাদ জনায় । লগতে মুম্বাই আৰক্ষী অধীক্ষকক সকলো ক্ষেত্ৰতে সহায় কৰিম বুলি প্ৰকাশ কৰে 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *