PUBG নিষিদ্ধ // আত্মহত্যা কৰিলে ছাত্ৰই

PUBG নিষিদ্ধ // আত্মহত্যা কৰিলে ছাত্ৰই :

   পশ্চিম বংগৰ এজন ছাত্ৰই ইতিমধ্যে ভাৰত চৰকাৰে নিষিদ্ধ কৰা অনলাইন গেম PUBG খেলিবলৈ নাপাই আত্মহত্যা কৰিছে বুলি পশ্চিম বংগ আৰক্ষী য়ে জনাইছে।

    প্ৰীতম নামৰ যুৱক জনৰ মাতৃৰ ভাষ্য অনুসৰি ৰাতিপুৱাৰ আহাৰ গ্রহণ কৰাৰ পিছত প্ৰীতমে নিজৰ কোঠাত প্ৰৱেশ কৰে আৰু যেতিয়া মাকে তাক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতিবলৈ যায় ভিতৰৰ পৰা কোঠাটোৰ দৰ্জা বন্ধ আছিল। সেয়ে ওচৰ চুবুৰীয়া ৰ সহায় লৈ দৰ্জা ভাঙি সোমাই প্ৰীতমক চিলিং ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।
   পৰিয়ালৰ লোকৰ ভাষ্য মতে প্ৰীতমে প্রায়ে দিনৰ বেছি সময় PUBG খেলত ব্যস্ত থাকে আৰু PUBG বন্ধ হোৱাৰ পৰা অত্যন্ত মানসিক চাপত ভুগিছিল যদিও আত্মহত্যাৰ দৰে পথ লব বুলি কল্পনা কৰিবই নোৱাৰে

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *