কিডনী পাথৰ হলে কি কৰিব আৰু কি খাব কি নাখাব // DR. AZIMUDDIN AHMED

                           কিডনী পাথৰ হলে কি কৰিব ??

 * কি কি খাব :-

১. প্ৰতিদিনে ৰাতিপুৱা এটাকৈ দাৱ-নাৰিকলৰ পানী সেৱন কৰক তিনি মাহৰ বাবে।

২. কল-পছলা টুকুৰা-টুকুৰকৈ কাতি লৈ মিক্সীত ভালকৈ পিচি ৰস খিনি এগিলাচ হোৱাকৈ চেকিলৈ অকনমান নিমখ আৰু এচামুচ নেমুৰ ৰস মিহলাই প্ৰতিদিনে ৰাতিপুৱা খালি পেটত খালে এমাহৰ ভিতৰত পাথৰ ওলাই যায়।

৩. যিমানেই পাৰে নেমুৰ  ৰস খাব। এই ৰসে সৰু পাথৰ ভাগিব পাৰে। আৰু পেচাবৰ বেক্টেৰিয়া ৰ পৰিমাণ কমাই।

৪. আপেল আৰু ডালিমৰ ৰস খাব।

৫. লিং পাতৰ ৰস খাব পাৰে প্ৰতিদিনে।

৬. Apple cider ভিনেগাৰ খাব। ইয়াত এচিটিক এচিড থাকে আৰু ই পাথৰ ভাগি পেলায়।

৭. চেলেৰী বা জনীশাক ৰস খাব পাৰে।

৮. বিন আৰু ৰাজমাহ, গাজৰ খাব । ই কিডনী ভালে ৰাখিব।
৯. তিয়হ, তৰমুজ আৰু লিচু খাব।

১০. পাতেগজা আৰু aleovera ৰ ৰস খাব পাৰে।

১১. কমলা আৰু আঙুৰ খাব।

১২. দিনত কমেও সীমানখিনি পানী খাব যাৰ ফলত আপোনাৰ ৩-৪ ঘণ্টাত ২৫০-৩০০ মি লি পেচাব হব।

  * কি কি নাখাব :-

১. নিমখ কম খাব।

২. আমিষ ভোজন নকৰিব।

৩. পালেং শাক, বিলাহী, মিঠাআলু, বেঙেনা,বিট আদি নাখাব। এইবোৰত অক্সালেত বেছিকৈ থাকে যিয়ে পাথৰ গঠনত সহায়ক হয়।

৪.বাদাম আৰু কাজু নাখাব।

৫. মদ্যপান নকৰিব। ই দেহত ইউৰিক এচিড বঢ়াই আৰু ফলত কেলচিয়ামৰ সৈতে লগ হৈ পাথৰ গঠন কৰিব।

৬. ভিতামিন ‘চি’ টেবলেট দৈনিক ১০০ এম জিত কৈ বেছিকৈ নাখাব।

৬. ঠাণ্ডা পনীয় নাখাব।

৭.চকলেট নাখাব।

৮. কচু নাখাব।

৯. আলু আৰু চয়াবিন নাখাব।

যদিহে আপোনাৰ কিডনী পাথৰ ০.৫ চে মি ত কৈ সৰু তেতিয়াহে এইবোৰ দিহা কাম দিব আৰু যদি এই পাথৰ ০.৫ চে মি ত কৈ ডাঙৰ তাৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *