ইমানেই চৰ্চিত GDP আচলতে কি ?? ঋণাত্মক GDP য়ে কি প্ৰভাব পেলায় ??

 * ইমানেই চৰ্চিত GDP আচলতে কি ?? ঋণাত্মক GDP য়ে কি প্ৰভাব পেলায় ??

 ঋণাত্মক GDP আমাৰ অসম-ভাৰতৰ বাবেই নহয় সমগ্র বিশ্বৰ বাবেই এটিৰ জটিল শব্দ। কাৰোবাৰ বাবে কম আৰু আন কাৰোবাৰ বাবে বেছি । বিশ্বজুৰি কৰনা গণ-সংক্ৰমন ৰ ফলত যোৱা কেইদিনমান ধৰি দেশৰ GDP হ্ৰাসকলৈ বিভিন্ন মাধ্যমত বিশেষ ভাবে চৰ্চা হৈছে। আৰু ই স্বাভাৱিক ।

        GDP ৰ অৰ্থ হল দেশ এখনৰ ”মুঠ ঘৰুৱা উৎপাদন” । সহজভাৱে কলে দেশ এখনে এটি বিত্তীয় বৰ্ষত উৎপাদন কৰা মুঠ ‘সামগ্ৰী আৰু সেৱা’ৰ মূদ্ৰা মূল্য ৷

* GDP ৰ বৃদ্ধি বা হ্ৰাসনো কি ??

GDP বৃদ্ধি :-

ধৰা হওক ভাৰতবৰ্ষই ২০১৯-২০ বিত্তীয় বর্ষত ১০ লাখ টকাৰ সামগ্ৰী উৎপাদন কৰিছিল ৷ আৰু অহা বিত্তীয় বৰ্ষ ২০২০-২০২১ ত উৎপাদন হব লগা সামগ্ৰী মূল্য ১০ লাখৰ বৃদ্ধি হৈ ১১ লাখ হল তেন্তে GDP বৃদ্ধি হোৱা বুলি বুজিব লাগিব ৷
আৰু বৃদ্ধিৰ হাৰ হ’ব ১০%৷

GDP হ্ৰাস:-

 যদিহে GDP ৰ পৰিমান ১০ লাখ পৰা ১১ লাখলৈ বৃদ্ধি নহৈ ৯ লাখলৈ হ্ৰাস হয় তেনেহ’লে আমি GDP ১০% হ্ৰাস হোৱা বুলি ক’ম৷
আমাৰ দেশৰ ২৪% GDP হ্ৰাস মানে কি ? ই হল যদি আপুনি যোৱা বছৰত ১০০ টকা উপাৰ্জন কৰিছিল এই বছৰত আপোনাৰ উপাৰ্জন ৭৬ টকালৈ হ্ৰাস পাইছে৷ আৰু এই হ্ৰাস ৰ প্ৰভাৱ সমাজৰ প্ৰতিজন লোকলৈ প্ৰতিফলিত হব। ব্যক্তিগত ভাবে আপোনাৰ লোকচান নহব পাৰে কিন্তু আপুনি গম নোপোৱাকৈয়ে এই লোকচানৰ সমভাগী হৈ পৰিব।

ঋণাত্মক GDP ৰ কুফল :

১. অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ চাহিদা বাঢ়িব কিয়নো বজাৰত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ নাটনি হব , আৰু
২. অত্যাৱশ্যকীয় সামগ্ৰীৰ মৃল্যবৃদ্ধি হব। যাৰ ফলত লাস-বিলাসী সামগ্ৰী

যেনে:- 

৩.গাড়ী, টিভি, ফ্ৰীজ্ আদিৰ চাহিদা অস্বাভাৱিক ভাৱে হ্ৰাস পাব ৷

ফলস্বৰূপে:-

৪.গধূৰ উদ্যোগৰ কৰ্মচাৰী সকলৰ চাকৰি অনিশ্চয়তা আহি পৰিব ।

৫. বহু সংখ্যক মানুহে চাকৰি হেৰুৱাব লাগিব ৷

৬.নিবনুৱা সমস্যা আৰু বাঢ়িব।

৭. দেশত উন্নয়ন মুলক কাম কাজ হ্ৰাস পাব।

   * বৰ্তমান আমাৰ দেশ অৰ্থনৈতিক আৰু বানিজ্য চক্ৰৰ ‘মন্দাবস্থা’ আৰম্ভণি পৰ্যায়ত আছে ৷ মন্দাৱস্হাৰ আৰাম্ভনি এবাৰ হ’লে তাক নিয়ন্ত্ৰণ কৰা বৰ কঠিন আৰু অৰ্থনৈতিক স্থিতি “মহা-মন্দাৱস্হা” ৰ ফালে গতি কৰে ৷ সেয়েহে অনাগত দিনত আমাৰ দেশ বৰ কঠিন সময়ৰ মুখামুখি হবলৈ গৈ আছে।
১৯২৯ চনত আমেৰিকাত আৰাম্ভ হোৱা Great-Depression য়ে সূদীৰ্ঘ ৬ বছৰ ধৰি দেশখনৰ  অৱস্হা বৰ বেয়া কৰিছিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *