লক ডাউনৰ কিছু সু-প্ৰভাৱ

….প্ৰাণেশ্বৰ শৰ্মা….

লক ডাউনে দেশৰ তথা জনসাধাৰণৰ ভীষণ ক্ষতি সাধন কৰিব।এই সময়ছোৱাত হোৱা আৰ্থিক লোকচান পূৰণ কৰোতে পৰৱৰ্তী সময়ত অতিশয় কষ্ট হব।গতিকে দেশ তথা জনসাধাৰণ এক অনাকাংঙ্খিত দুৰ্যোগৰ মাজত সোমাই পৰিব।লক ডাউনে ক্ষতি কৰা সৰ্বসাধাৰণ দৰিদ্ৰ লোকসকলৰ প্ৰতি আমাৰ হৃদয়ে কান্দি উঠে।
কিন্তু পৰোক্ষভাৱে লক ডাউনে কিছু সুফলো কঢ়িয়াই আনিছে বা আনিব।এই লেখাত আমাৰ দৃষ্টিৰে কেইটিমান(কুৰি দফীয়া )সু-প্ৰভাৱৰ বিষয়ে আলোচনা কৰিব খুজিছো—–এই লেখাত সামগ্ৰিকভাৱে কৰণাৰ কথা আলোচনা কৰিব খোজা নাই,কেৱল কৰণাজনিত লক ডাউনৰ প্ৰসঙ্গতহে আলোচনা কৰিব বিচাৰিছো।সেয়া ইয়াত সামগ্ৰিক প্ৰেক্ষাপটৰ কিছু কথা অন্তৰ্ভুক্ত নহব ।

1.সমগ্ৰ দেশ বা ৰাজ্যত যিহেতু বৰ্তমান যান-বাহনৰ চলাচল হোৱা নাই (কৰণা সম্পৰ্কীয় কৰ্তব্যৰ বাহিৰে), সেয়ে দুৰ্ঘটনাজনিত ঘটনা বা মৃত্যু ঘটা নাই।

2.গাড়ী মটৰ আৰু কল-কাৰখানা বন্ধ হৈ থকা বাবে প্ৰদূষণ নিয়ন্ত্ৰণ হৈ আছে।প্ৰদূষণৰ এই দীঘলীয়া সময়ৰ হ্ৰাসকৰণে পৰিবেশৰ যথেষ্ট উন্নতি সাধন কৰিছে আৰু ইয়াৰ সুফল পৰৱৰ্তী বহুদিনলৈকে থাকিব।

3.পৰিবেশ নিকা হৈ থকা বাবে আৰু সকলোৱে এক নিয়ন্ত্ৰিত তথা শৃংখলিত জীৱন যাপন কৰা বাবে মানুহৰ কিছুমান বেমাৰ-আজাৰৰ পৰিমাণ কমি থাকিব ।

4.মানুহৰ চলন ফুৰণ, খোৱা-বোৱা, আচাৰ-নীতি শৃংখলিত হব।

5.ঘৰুৱা কাম কৰাৰ অভ্যাস বাঢ়িব।সাধাৰণতে বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় যে চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক বৃত্তিগত কামৰ তাগিদাত নিজৰ ঘৰৰ কামবোৰ pending হৈ থাকে।এই সময়ছোৱাত সেইবোৰ আগবাঢ়িব।
6.মানুহৰ, আনকি আমাৰ নিচিনা ধোদ সকলৰো ঘৰুৱা বা অন্যান্য কাম কৰাৰ প্ৰৱনতা বাঢ়িব তথা অভ্যাস সৃষ্টি হব।

7.লোকসকলে সৃষ্টিশীল তথা কলাসুলভ কামত মনোনিবেশ কৰিব, ফলত মানুহৰ মনবোৰো কলাসুলভ হৈ উঠিব পাৰে।এইকেইদিনৰ কলাসুলভতাৰ প্ৰভাৱ সুদুৰপ্ৰসাৰীও হব পাৰে।

8.সকলোৱে নিজৰ ঘৰৰ পৰিয়ালৰ লগত সময় দিবৰ সুবিধা পাইছে।ফলত পৰিয়ালৰ পাৰস্পৰিক ভাৱৰ আদান-প্ৰদান, বুজা-বুজি আদি বাঢ়িব।

9.মিতব্যয়িতাৰ ক্ষেত্ৰত সচেতনতা বাঢ়িব।

10.আপদকালিন অৱস্থাৰ বাবে বিভিন্ন ধৰণে নিজকে প্ৰস্তুত কৰি ৰখাৰ লগতে সঞ্চয়ৰ চিন্তা মানুহৰ মনলৈ আহিব।

11.এই সময়ছোৱাত কিছুমান বেয়া অভ্যাস আতৰ কৰাত সহায়ক হব।যেনে–নিচাসক্ত সকলে দীৰ্ঘদিন নিচা নোখোৱাকৈ থকাৰ ফলত পৰৱৰ্তী সময়ত ইচ্ছা কৰিলে একেবাৰে এৰি দিব পাৰিব।কিছু মানুহৰ এনেই ঘৰে ঘৰে বা চকে চকে ঘূৰি ফুৰাৰ স্বভাৱ আছে।সেইসকল লোকৰ প্ৰতিদিনে নিৰ্দিষ্ট সময়ত ওলাই যাবলৈ উচপিচনি লাগে।এতিয়া সেই অভ্যাস আতৰাব পাৰিব।

12.কিছু বিষয়ত মানুহৰ খৰছ যথেষ্ট ৰাহি হব।যেনে—গাড়ীৰ তেলৰ খৰছ, মাছ-মাংসৰ খৰছ,পকেট খৰছ, আলহী আপ্যায়নৰ খৰছ আৰু অন্যান্য আব-জাব খৰছ।লক ডাউন বেছি দীঘলীয়া হলে কিছুমান বেমাৰ-আজাৰৰ চিকিৎসাৰ খৰছো কমিব।যেনে–গেষ্ট্ৰিকৰ টেবলেটৰ খৰছ।

13.যথাসম্ভৱ প্ৰাকৃতিক খাদ্য খোৱাৰ ফলত বেমাৰ-আজাৰ কমিব।

14.কিতাপ পঢ়া,লিখা-মেলা,শিল্প চৰ্চা আদিৰ অভ্যাস গঠন হব।

15.কেইবাদিনো ধৰি কৰা কাম এটা অভ্যাসত পৰিণত হয়।গতিকে এই সময়ছোৱাত কিছুমান সু-অভ্যাস গঠন হব আৰু কিছুমান বদভ্যাস বাতিল হব।আনহাতে, অভ্যাসেই আকৌ চৰিত্ৰ গঠন কৰে।

16.ঘৰে ঘৰে ফুৰি পৰচৰ্চা কৰা বা কুৎসা ৰটনা কৰাটো কমিব।

17.ওচৰ চুবুৰীয়াৰ মাজৰ হাই উৰুমি, কাজিয়া পেচাল কমিব।কিন্তু চলিব নাজানিলে নিজৰ ঘৰৰ মাজত কাজিয়া বঢ়াৰ আশংকা আছে।(যিহেতু মই আজি সাহাৰ্য প্ৰদান সম্পৰ্কীয় বিষয়ত সামান্য ওলাই যাওতে এটা পৰিয়ালৰ কাজিয়া দেখি আহিছো, মই যোৱাৰ পৰা ঘূৰি অহালৈকে)

18.ধোদ সকল কৰ্মী হোৱাৰ সম্ভাৱনা আছে।(আকৌ কৰ্মীসকল ধোদ হোৱাৰো আশংকা আছে)

19.বৃত্তিগত বা অন্যান্য কাৰণত যিসকলে দেশৰ খবৰ লবলৈ আহৰি নাপায়,সেইসকলে এই সময়ছোৱাত তথ্য বিশেষজ্ঞ হৈ উঠাৰ সম্ভাৱনা আছে।

20, ফেচবুকত আগতে পোষ্ট নিদিয়া(মানে দিবলৈ সময় নোপোৱা) বহুতো বন্ধুৰ পৰাই এই সময়ছোৱাত বহুতো মূল্যৱান পোষ্ট পাইছো।গতিকে,ফেচবুক ক্ষেত্ৰখনো আগতকৈ জীপাল আৰু উৰ্বৰ হৈ উঠিছে।

    বিশেষ দ্ৰষ্টব্য------
চৰিত্ৰগত কাৰণত যিসকল পুৰুষে নিজৰ পৰিবাৰ আৰু যিসকল মহিলাই নিজৰ স্বামী ঘৰত থকাটো  নিবিচাৰে,

সেইসকলৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো–লক ডাউন অতি সোনকালে শেষ হওক।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *