এগছ চাকি আৰু ধৰ্মবোধ 🙏🙏

(সাহিত্যিক প্ৰাণেশ্বৰ শৰ্মাৰ লিখনিৰ পৰা)
মই যিটো বিষয়ে লিখিব ওলাইছো,সেইটো এগৰাকী বন্ধুৰ এটি পোষ্টৰ উদ্ধৃতিৰে আৰম্ভ কৰো—
মাননীয় প্ৰধানমন্ত্ৰীয়ে এপ্ৰিলৰ 5তাৰিখে চাকি আৰু মমবাতি জ্বলাবলৈ দিয়া আহ্বানৰ প্ৰসঙ্গত তেখেতে লিখিছে–RIP, Digital India(পোষ্টটো চমুকৈ উল্লেখ কৰিছো)
এতিয়া কথা হ’ল, আমি ইমানেই দিজিটেল হৈ গলোনে যে আমি এগছি চাকি বা এডাল মমবাতি জ্বলোৱাৰো প্ৰাসংগিকতা নোহোৱা হৈ পৰিল ?
দিজিটেল ব্যৱস্থাই বাৰু চাকি মমবাতি জ্বলোৱাটো অস্বীকাৰ কৰে নেকি?বা চাকি মমবাতি জ্বলালে দিজিটেলাইজেচনত কিবা অসুবিধা হব পাৰে নেকি?
ভাৰতীয় বৈদিক দৰ্শনক সমগ্ৰ বিশ্বই স্বীকাৰ কৰে।এই দৰ্শন নিসৃত পৰম্পৰাৰ সুফল আমি পাই আহিছো সদায়েই।ভাৰতীয় মানুহৰ যি শুচিবায়ুগ্ৰস্ততা, তাৰ প্ৰাসংগিকতা বাৰু কৰণাই কঢ়িয়াই অনা নাইনে?
ইছলাম সকলে পাচবাৰ নামাজ পঢ়োতে পাচবাৰ অজু কৰিব লাগে।এতিয়া কৰণাই বাৰে বাৰে সকলোকে অজু কৰোৱা নাইনে?
শংখ বজোৱাটো হাওঁফাওঁৰ বাবে অতি উপকাৰী।কিন্তু দিজিটেলাইজেচনৰ নামতে আমি শংখ ত্যাগ কৰিম নেকি?
গোবৰ আৰু গোমূত্ৰৰ ব্যৱহাৰকলৈ বহুতে উপহাস কৰে।কিন্তু তাৰ দ্বাৰা নিজৰ জ্ঞানৰ দৈন্যতাকে প্ৰকাশ কৰা নাইনে?গোবৰে বহুতো বিজানু ধ্বংস কৰিব পাৰে, সেয়ে গোবৰেৰে ঠাই মচাৰ পোষকতা কৰি থৈছে প্ৰাচীন পৰম্পৰাই।
গোমূত্ৰ, তুলসীৰ পাত আদি পূজাত লাগে।তুলসীৰ উপকাৰীতা কোনোবা বিবেকবান লোকে অস্বীকাৰ কৰিব পাৰিবনে?
গম পাইছো যে ভাৰতীয় সকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে বেছি।ইয়াৰ এটা কাৰণ হল ভাৰতীয় বৈদিক দৰ্শন নিসৃত আধ্যাত্মিকতা।
তেনেহলে এই আধ্যাত্মিকতাক আমি অমান্য কৰিবলগীয়া হল কিয়?বিদ্ৰুপ কৰিবলগীয়া হল কিয়?
নে মোদীয়ে কোৱাৰ বাবেই আমি অমান্য কৰিম?তেখেতৰ ৰাজনৈতিক আহ্বান আমি নামানিব পাৰো, কিন্তু জনগণৰ কল্যাণৰ হকে বিজ্ঞানী সকলৰ পৰামৰ্শ অনুসৰি দিয়া আহ্বানো আমি নামানিমনে?আমি নিজৰ নাক কাণ কাটি হলেও সকলো ক্ষেত্ৰতে বিৰোধেই কৰা উচিতনে?
এটা তথ্যৰ পৰা গম পাইছো যে, কৰণা ভাইৰাছ আৰু চগা পোকৰ এটি দিশত সাদৃশ্য আছে।সেয়া হল–সিহতে জুই বা পোহৰত আত্মজাহ দিয়ে।গতিকে একেদিনাই একে সময়তে যদি সমগ্ৰ দেশত চাকি আৰু মমবাতি জ্বলোৱা যায়, তেতিয়া সেইবোৰ ধ্বংস হোৱাত কিছু হলেও সহায়ক নহবনে?অৱশ্যে তাৰ বাবে বিজুলী চাকি নুমাই থৈ সিহতক চাকি মমবাতিলৈ আকৰ্ষিত কৰিব লাগিব।
এনেকুৱা বিজ্ঞানসন্মত যুক্তি সম্বলিত আহ্বানক কেৱল বিৰোধ আৰু উপলুঙা কৰাৰ স্বাৰ্থতেই আমি বাৰু সস্তীয়া কথাৰে উৰুৱাই দিয়া উচিতনে?
আমি যিমানেই আধ্যাত্মিকতা আৰু বৈদিক পৰম্পৰাৰ পৰা আতৰি আল্ট্ৰা মডাৰ্ণ হবলৈ গৈ আছো, সিমানেই অধপতিত হৈ গৈ আছো।শাৰীৰিক আৰু মানসিকভাৱে নিস্তেজ হৈ গৈ আছো।
কিছুমান কাৰ্যৰ পৰা উপকাৰ নহলেও অপকাৰো নহয়।চাকি আৰু মমবাতি জ্বলোৱাৰ পৰা বাৰু কি কি অপকাৰ হব?
এদিন কৰা একোটা ভাল কামৰ সুফল জীৱনটোলৈকে পাব পাৰে,আকৌ এদিন কৰা এটা বেয়া কামৰ কুফলো গোটেই জীৱন ভুগিব পাৰে।চাকি মমবাতি জ্বলোৱা,শংখ বজোৱা আদি বেদসন্মত তথা বিজ্ঞানসন্মত কামে কৰণা খেদিব নোৱাৰিলেও নিশ্চয় সামান্য হলেও অন্য সুফল কঢ়িয়াই আনিব।
শেষত সকলোকে আহ্বান জনাও, কিছুমান উৰা বাতৰি বা দুষ্ট চক্ৰই দিয়া সমিধান অনুসৰণ কৰাতকৈ বিজ্ঞানীসকলে দিয়া পৰামৰ্শ অনুসৰণ কৰক।সেই পৰামৰ্শ হয়তো কাৰোবাৰ অপ্ৰিয়জনৰ মুখেৰেও প্ৰদান কৰা হব পাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *