::ক’ৰনা ভাইৰাছ আৰু কিছু উপলব্ধি::


……হামজা চৌধুৰী……

গোটেই বিশ্বত প্ৰায় ৮০০ কোটি মানুহ আছে। তাৰে এক-চতুৰ্থাংশ(২০০ কোটি) নিৰিশ্বৰবাদীক বাদ দিলেও ৬০০ কোটি ইশ্বৰ বিশ্বাসী মানুহে মনে প্ৰাণে অহৰহ দিনে নিশাই প্ৰাৰ্থনা কৰি আছে এই ক’ৰনা ভাইৰাছৰ বিশ্বত্ৰাশৰ পৰা মুক্তি পাবলৈ। সৃষ্টিকৰ্তা বিশ্বাসী এই ৬০০ কোটি মানুহৰ প্ৰতি জন মানুহৰে মাত্ৰ এটাই প্ৰাৰ্থনা হোৱাৰ পিছতো কিন্তু এই প্ৰাৰ্থনা শুনি কোনো সৃষ্টিকৰ্তাই ইয়াৰ পৰা উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাই। আনকি পৃথিৱীৰ সমস্ত জীৱকুল মৰি থাকিলেও ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় বা‌ বিকল্প এই প্ৰাৰ্থনাৰ পৰা নোলায়। আমি যিমানেই প্ৰাৰ্থনা নকৰোঁ কিয় কেতিয়াও সচাঁ অৰ্থত কামত নাহে কাৰণ প্ৰাৰ্থনা শুনিবলৈ সচাঁকৈয়ে আমি বিশ্বাস কৰাৰ দৰে কোনো সৃষ্টিকৰ্তা নায়েই।

গুৰুত্ব পূৰ্ণ কথাটো হ’ল, আমি সাধাৰণতে শুনি থাকো যে পৃথিৱীত বহু আধ্যাত্মিক গুণসম্পন্ন লোক থাকে। তেওঁ লোক আছে বাবেই বোলে পৃথিৱীখন সুস্থভাৱে চলি থাকে। সাধাৰণ মানুহৰ কথা বাদ দিলেও গোটেই বিশ্বৰ সমস্ত এই আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি সকলেও এই ক্ষেত্ৰত একো এটা আশা দিব পৰা নাই। বৰং তেওঁলোক নিজেও ক’ৰনাত আক্ৰান্ত হে হৈছে বা হোৱাৰ সম্ভাৱনা আছে। ইয়েই প্ৰমাণ কৰে যে পৃথিৱীত আধ্যাত্মিক কোনো বিশেষ শক্তি আচলতে নায়েই।

ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ পৰা পৃথিৱীৰ মানুহক যদি কোনোবাই মুক্ত কৰিব পাৰে সেয়া নিচ্ছয় কোনোবা বৈজ্ঞানিকৰ গবেষণাৰ পৰাহে ওলাব। যেতিয়া লৈকে ইয়াৰ কোনো উচিত প্ৰতিষেধক বা চিকিৎসা নোলায় আমি চৰকাৰৰ নীতি নিৰ্দেশনা মানি “social distancing” ৰ যোগেদি আৰু সকলো অন্ধবিশ্বাস পৰিহাৰ কৰি সাহসেৰে যুঁজি যাব লগিব।

হামজা চৌধুৰী
০২.০৪.২০২০.

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *