তথাকথিত ধৰ্মান্ধ ধৰ্মগুৰুৰ বিষবাষ্পই ‌পংগু কৰিলে আমাক

…..জেহেৰুল ৰাজু হক….

বিশ্বায়নৰ এই যুগতো কিছুমান তথাকথিত ধৰ্মান্ধ ধৰ্মগুৰু(?) আৰু অন্ধ অনুগামীৰ ধৰ্মৰ নামত বিয়পাই ফুৰা গোড়ামীৰ বিষবাষ্পই গোটেই সামাজিক ব্যৱস্থাটোকেই কলুষিত কৰাই নহয় একপ্ৰকাৰ পংগু কৰি পেলাইছে যি কথা আমি সময়ে সময়ে কৈ আহিছিলো আৰু তাৰ প্ৰমাণ আজি সকলোৰে হাতে হাতে।
বহু দূৰলৈ নগৈ আমাৰ অসমৰ এইকেইদিনৰ প্ৰেক্ষাপটৰ কথাই কব খুজিছো। যিসকল অসমীয়া মুছলমানে নিজৰ ধৰ্মটোক সহৃদয়তাৰে মানি লৈও অসমীয়া ভাষা-সংস্কৃতি আৰু সমাজ জীৱনৰ প্ৰতি নিজকে সমৰ্পিত কৰি আহিছে সেই সকলৰ প্ৰতি ওপৰত উল্লেখ কৰা বিধৰ মৌলৱী বা ব্যক্তিবোৰে সদায় এক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰি আহিছে আৰু ইয়াৰ মূলতে কেইবাটাও কথা আছে তাৰ ভিতৰত মূলত হ’ল-

১)বেছি সংখ্যক মৌলৱীয়েই প্ৰাথমিক শিক্ষা সাং নকৰাকৈ ইছলামীক শিক্ষা গ্ৰহণ কৰা মৌলানা যিসকলে পবিত্ৰ কোৰাণৰ সঠিক ব্যাখ্যা আগবঢ়াব নোৱাৰে।

(২)অশিক্ষিত লোক সকলক প্ৰকৃত কথা নুবুজাই অতিৰঞ্জিতভাৱে মৃত্যুৰ পিছত হব লগা ভয় দেখুৱাই নিজৰ অনুগামী কৰা আদি।

কোৰাণৰ সঠিক ব্যাখ্যা দিয়াহেতেন আজি ইচলামক সকলোৱে সন্মানৰ দৃষ্টিৰেই চালেহেতেন।তেওঁলোকে কেতিয়াও কোৰাণত উল্লেখিত”তুমি যি দেশত থাকিবা সেই দেশৰ নীতি আদৰ্শ,সংস্কৃতি আৰু ৰজাৰ আদেশ মানি চলিবা,সেই দেশৰ হৈ মৃত্যু বৰণ কৰিলে তোমাক জান্নাতত স্থান দিয়া হব”এনেধৰণৰ কথা আলোচনা নকৰে।যিকোনো প্ৰকাৰে মানুহক সাধাৰণ শিক্ষাৰ পৰিৱৰ্তে ধৰ্মীয় শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰি একপক্ষীয় চিন্তাধাৰাৰে গঢ়ি তোলে ।বৈজ্ঞানিক দৃষ্টিভংগী তেওঁলোকৰ কাৰণে অনৰ্থক।অসমৰ বাহিৰৰ বিশেষকৈ সংখ্যালঘু অঞ্চলত প্ৰতি বছৰে আগমন ঘটে বাংলাদেশৰ এচাম ধৰ্মগুৰু(?)যাৰ লাখ লাখ অনুগামী আছে অসমত।ধৰ্মীয় আবেগ সৃষ্ট কথাৰে মানুহক ধৰ্মান্ধৰ শাৰীলৈ নিয়াত এইসকল সকলোতকৈ আগত।অনুগামী যিমানেই বাঢ়িব মুনাফা সিমানেই বেছি। লাখৰ হাৰত টকা সংগ্ৰহ কৰি লৈ যায় এইসকলে।সংখ্যালঘু অঞ্চলত ইয়াৰ প্ৰকোপ বেছি। ভগবান সদৃশ জ্ঞান কৰে এচামে এইসকলক যিটোক নেকি ইচলামত শ্বিৰ্ক (মহাপাপ)বুলি গণ্য কৰা হয়।সচেতন মুছলিম এইসকলৰ পৰা সদায় দূৰৈত অৱস্থান কৰে।তবলীগ জামাতৰো লক্ষ্য আৰু উদ্দেশ্য যিধৰণৰ হব লাগিছিল সেয়া নহৈ এচাম ধৰ্মভীৰু সৃষ্টি কৰা কাৰখানালৈ ৰপান্তৰ হৈছে।প্ৰকৃত লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত হৈছে তবলীগ জামাত শেহতীয়া কাণ্ড-কাৰখানা তাৰ উদাহৰণ। অবাধ হাৰত চলা তবলীগি পদ্ধতিৰ ওপৰতো কঠোৰ হওঁক প্ৰশাসন।অসমৰ বিজ্ঞ ধৰ্মগুৰুসকলে আৰম্ভনিতেই চৰকাৰে দিয়া আদেশ মানি চলাৰ লগতে ঘৰতে নামাজ পঢ়িবলৈ বিভিন্ন মাধ্যমযোগে আহ্বান জনোৱাৰ বিপৰীতে বহুতো বাংলাদেশী ধৰ্মগুৰুৱে(?)ধৰ্মীয় সভাত কৰ’ণাক লৈ মানুহৰ মাজত এক কাণ্ডজ্ঞানহীন (হাস্যকৰ)ব্যাখ্যা আগবঢ়োৱা সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে।অসমৰ ভাষা সংস্কৃতিৰ ওপৰত কোনো জ্ঞান নথকা আৰু অসমৰ সহজ সৰল মানুহক ধৰ্মান্ধতাৰ পাঠ শিকাব অহা এইচামৰ প্ৰৱেশ নিশিদ্ধ কৰিব লাগে অসমত।এনেকুৱা এচামৰ কাৰণে এতিয়া ৰাষ্টাত ধৰ্মৰ প্ৰতিযোগিতা চলে।আজি তেনে এচামৰ কু কৃতিৰ কাৰণে সচেতন অসমীয়া মুছলমানসকল লজ্জানত হব লগা হৈছে যিসকলে পলাই ফুৰি সকলোৰে কাৰণে বিপদ কঢ়িয়াই লৈ ফুৰিছে। সকলোৱে জানে কৰ’ণাৰ বীজাণু তেওঁলোকে নিজে আনো বুলি কোনেও লৈ আহা নাই কিন্তু পৰৱৰ্তী সময়ত চিকিৎসক প্ৰশাসনক সহযোগিতা নকৰাৰ কাৰণ কি?এইবোৰকেই শিকোৱা হয় নেকি তবলীগ জামাতত?আমি জনাত তবলীগ জামাতৰ অৰ্থটোতো এয়া নহয়।এই সকলোবোৰ জাৱৰ নিষ্কাশণৰ দায়িত্ব আহি পৰিছে প্ৰতিজন শিক্ষিত জ্ঞানী ধৰ্মগুৰু,সচেতন মুছলমান ব্যক্তিসকলৰ ওপৰত নহলে পদে পদে লজ্জা আৰু অপমানৰ ভাৰ কঢ়িয়াই লৈ ফুৰিব লাগিব।এইখন অসম হয় ইয়াত সংস্কৃতি আগত।ধৰ্ম নিজৰ হৃদয়ত ৰাখক।এই পবিত্ৰ ভূমি কেৱল অসমীয়াৰ কোনো ধৰ্মৰ নহয়।শ্বৰীয়তী আইন চলাবলৈ এইখন আৰৱীয় দেশ নহয়।।।। 
বিঃদ্ৰঃসকলোকে কাতৰ অনুৰোধ মুষ্টিমেয় কেইজনমানৰ লগত সকলোকে সাধাৰনীকৰণ নকৰিব।কিয়নো কিছূুসংখ্যকৰ বাহিৰে সকলোৱে আপোনালোকৰ দৰেই নিজকে ঘৰতে আৱদ্ধ কৰি ৰাখি প্ৰজাধৰ্ম পালন কৰি আছে।
(যুক্তিসংগত হলে share কৰিব পাৰে)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *