নিমখ

…..ডাঃ আজিমুদ্দিন আহমেদ….

বিভুতি সিঁচি সিচিঁ হেলাৰঙে
বিষাদৰ ভগ্ন পৰ্বত নালাগে
আৰু সপোনবোৰৰ অবাস্তব

তিঘিল-ঘিলাই হাহিঁ হাহিঁ
অভিনয়ি পপীয়া তৰাবোৰ
হৃদয়কামী শক্তি অতীতৰ !
এনাজৰীৰ অচল চুম্বকীয় শক্তি
হৃদয় থকবক ব্যহত পৃথিবীৰ
হলগৈ চক্ৰবেহু নিমখ !

মধু -অম্ল বিপৰীত স্বাদৰ অনন্য
একাঠু দন্তালটোৰে সম্পৰ্ক
গভীৰতাত সাতমোন লুনীয়া অবয়ব |

বহুল হাতী জাকটোৰ অনুকৰন
মধুমেহৰ ভালপোৱাৰ বিপৰীত
তয়ে নিমখ বহুৰঙী জ্বলাধাৰী |

তিক্ত – কচায় নহয় যাৰ স্বাদ
মিলন মৃতপায় কেচু – কুমতিৰ
খৌদ গাঁতৰ চৰম বিফলতা
সচানে এয়া গোকাট মিছা ?

আছিলো মই অভ্যস্ত সোৱাদত
স্বাদ ভিন্নতাৰ অব্যঞ্জন মুহুৰ্ত
খেপিয়াই খেপিয়াই আজি বক্ৰ অচলতা
বাধ্য বাধকতাৰ সজিব আহ্বান
মাথোন ই যেন লুনীয়া |

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *