জালুকবাৰী

…..ডাঃ আজিমুদ্দন আহমেদ…..

হেৰাল নেকি তোমাৰ ঠিকনা?
চাগৈ তোমাৰ নতুন প্ৰেমিক আহিল !
আৰ চি চি ২ ,আয়ুৰ্বেদিক কিন্বা ইংজিনিয়াৰিং
তোমাৰেই ভালপোৱাৰ শপত
কৃষ্ণচূড়াৰ কাষৰ ঠেঙাল আহত !

জালুকবাৰী ! হবানে তুমি সাক্ষী এবুকু
সপোন আৰু মৰম প্ৰেমৰ
হালধীয়া ঠন ধৰি কবানে মোৰ সোনাৰু ?
তেওঁ জানো নাছিল মোৰ, মাথোন মোৰ !

দুবৰিৰ শিপা বোৰেও কৈছিল মোক
অশান্ত ন’হবা থমকি নাযাবা
সেই ৰঙীন প্ৰেমিকৰ সাধু !

লিখিবা কবিতা নেউচিবা বাধা
গৰ্জন ধুমুহাতো থমকি নৰবা
নিদিবা এৰি অবয়ব প্ৰেমৰ
ৰাখিবা ধৰি জোট শিপা
তুমিয়ে শিকাইছিলা …
সচা প্ৰেমৰ শপত !

জালুকবাৰী !
আজি হাহাঁকাৰ মই
ঠিকনা তোমাৰ
বিচাৰি মোৰ অতীতৰ ..

জালুকবাৰী ! অপেক্ষাৰত মই
জীৱনৰ বৃদ্ধা , পংগু আধাকাল
নিঃকিন আছিল নেকি ভালপোৱাবোৰ ?
চফ্টৱেৰ মাৰিলা সলনি ইনবুল্ট
সলনি কৰি প্ৰেমৰ সংজ্ঞা ?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *