মই আৰু মোৰ ছাঁ

…..ডাঃ আজিমুদ্দিন আহমেদ….

জানোচা শব্দ হেৰাওঁ মোৰ
বিতচকুৰে লাখুতি আৰু কম্বল !
,
অৰ্ধচন্দ্ৰ এন্ধাঁৰৰ অমাবশ্যা ও
জোনাকৰ ভোটা তৰাৰে মিতিৰালি
আপেক্ষিক নিয়মৰ অসহ্য হুমুনীয়াহ !
,
ৰৈ ৰৈ গাম ইনাই বিনাই
পুন: সেই ওমলা ঘৰত সগোপনে
উভতনী যাত্ৰাৰ গান !
,
মই আৰু মোৰ ছাঁ বিৰাজমান
প্ৰশ্নৰ বিপৰীত জানোছা প্ৰত্যাহ্বান
ইটো সিটো ধেমালিৰে সাজি বালিঘৰ
লৰালিতে অজানিতে !
,,
চুনামী হ’ল আশা প্ৰত্যাশাৰ থল
ঠন ঠনকৈ ভগা সপোনৰ কাচ
পয়ালগা যৌৱনৰ দেওলগা দু:সংবাদ
প্ৰতাৰনাৰ পয়োভৰ !
,,
হায় হায় ! বিজতৰীয়া আবতৰিয়া
লাখুতিৰ বৃদ্ধাবস্থাৰ গান !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *