…..এম.আমিন…..
নিমাওমাও প্ৰতিখন গাওঁ আৰু চহৰ
অভাৱৰ বোজাত
ভাৰাক্ৰান্ত মানৱ,
বেলি লহিয়ালেই
নামি আহে এআকাশ আন্ধাৰ,
গাঁৱৰ নিৰ্জনতা ফালি বৈ আহে
সৰ্বস্ব হেৰুওৱা কোনোবা গৰখীয়াৰ
বাঁহীৰ বিৰহ সুৰ,
চহৰৰ নিয়ন লাইটত বহি কুৰুলিয়াই থকা
ফেঁচাৰ নিউ-নিউ মাতত
জয়াল হয় নিশাটো,
উখহি যোৱা বেৰৰ ফাঁকেৰে
ভাঁহি আহে আৰ্তনাদ
জীয়া ভোকৰ,
শুকান পিয়াহত মুখ গুজি
কোনোবা দেৱশিশুৰ
অমৃতৰ সন্ধান,
হুমুনিয়াহৰ ভৰত নোহোৱা হয় বুকুৰ মঙহ
ক্ষুধাৰ্ত পেটত সংগ্ৰামৰ ৰেখা
স্পষ্ট ,
কপালত আয়ুস ৰেখা।
“বিশ্বাসে মিলয় হৰি”
সাৰোগত কৰি
অন্ধকাৰ কোঠাত কৰে ঈশ্বৰৰ সন্ধান,
আঁকি যায় ছবি সময়ৰ
ইখনৰ পাছত সিখন
মাথোঁ অভাৱ আৰু অনাটনৰ।