ক’ভিড 19

……ড°বীণাপাণি মহন্ত……

স্তব্ধ পৃথিৱী
আতংকিত প্ৰতিজন
চকুৰ সন্মুখত যেন
ৰৈ আছে মৃত্যু
হাঁহাকাৰ সৰ্বত্ৰতে ।
অচল বিশ্ব
মাথো মৃত্যুৰ কিৰিলি
যন্ত্ৰনাৰ চটফটনি
শিশুৰ পৰা বৃদ্ধলৈ
যুঁজি যুঁজি হাৰ মানিছে
জীৱন আৰু মৃত্যুৰ যুঁজত ।
মাতৃভূমি য়ুহানৰ পৰা
যাত্ৰা কৰা ক’ভিড 19ৰ
সংহাৰী ৰূপ পৃথিৱীজুৰি
ৰোমৰ সেই সুন্দৰতা
বৃটেইন ৱাচিংটনৰ দৰ্প
চূৰ্ণ হৈ গ’ল মূহূৰ্ততে
ইটালী স্পেইন ফ্ৰান্স জাৰ্মানী-
পৃথিৱীৰ শক্তিশালী দেশবোৰ
আজি কাৰাবন্দী
প্ৰতিখন চহৰ পৰিণত
মৃত্যু উপত্যকাত ।
স্থবিৰ সমগ্ৰ বিশ্বৰ অৰ্থনীতি
ৰাজনীতি-কূটনীতি আজি
সকলো অৰ্থহীন
জনশূণ্য ৰাজপথ
নিস্তব্ধ চৌদিশ
মানৱজাতি জীয়াই থকাৰ
এক বৃহৎ প্ৰত্যাহ্বান
শিৰনত কৰিবলৈ
বাধ্য হ’ল প্ৰতাপী মানৱ
ক’ভিড 19ৰ মহা পৰাক্ৰমত ।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *