গীতা আৰু বেদত উল্লেখিত এক শক্তিশালী মহামন্ত্ৰ !

    ভাৰতীয় শাস্ত্ৰত উল্লেখযোগ্য আৰু পবিত্ৰ গ্ৰন্থ হৈছে বেদ আৰু এই বেদত উল্লেখ আছে যে এটি সৰ্বশ্ৰেষ্ঠ মন্ত্ৰৰ বিষয়ে যাৰ নাম সাবিত্ৰী মন্ত্ৰ , যাক আমি সকলোৱে গায়ত্ৰী মন্ত্ৰ বুলি জানো। আৰু এই মন্ত্ৰৰ মহত্বৰ কথা বেদ ৰ উপৰিও গীতা, উপনিষদ, পুৰাণ আদি সকলোতে উল্লেখ আছে। এই মন্ত্ৰ ইমানেই উচ্চ ক্ষমতা সম্পন্ন যে এই মন্ত্ৰই মানুহৰ অন্তৰ আত্মাক বিকশিত কৰিব পাৰে ; মানুহৰ কৰ্মক্ষমতা আৰু আত্মিক জ্ঞান বৃদ্ধি কৰিবলৈ এই মন্ত্ৰই যেনেদৰে সহায় কৰে ঠিক একেদৰে এই মন্ত্ৰই মনৰ সকলো ধৰণৰ দুঃচিন্তা দূৰ কৰিবলৈ সক্ষমতা ৰাখে। এই মন্ত্ৰটিক গীতাত সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হৈছে।

Spiritual lesion of lifemeditation and good health

   আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই মন্ত্ৰ সকলোৱে উচ্চাৰণ কৰিব পাৰে সেয়া কোনো নাৰী হওঁক বা পুৰুষ, সেয়া কোনো হিন্দু , ইছলাম, বৌদ্ধ হওঁক বা খ্ৰীষ্টান । কিয়নো এই মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ পৰম ব্ৰহ্মাৰ প্ৰতি প্ৰাৰ্থনা কৰা হয়, যাৰ কোনো নিৰ্দিষ্ট আকাৰ নাই।

meditation and good healthGerman as tourist venue
   সৰ্বপ্ৰথম মহৰ্ষি বিশ্বমিত্ৰই এই মন্ত্ৰৰ প্ৰচাৰ কৰে , আৰু তাৰ পিছত যুগ যুগ ধৰি এটি জনগোষ্ঠীৰ মাজত এই মন্ত্ৰ সীমাবদ্ধ আছিল আৰু তাৰ পিছত যুগ যুগ ধৰি ধৰ্ম সংস্কাৰৰ যোগেদি আজি এই মন্ত্ৰ সৰ্বজনৰ অধিকাৰ প্ৰাপ্ত হৈছে। আৰু যিসকলে কব খোজে যে এই মন্ত্ৰ সকলো মানুহৰ বাবে নহয় তেন্তে সেয়া ভুল বাখ্যা ।

Hunza valley an adventuretourist place Cocos island
  তলত এই সৰ্বশক্তিম, সৰ্বশ্ৰেষ্ঠ আৰু অপাৰ মহিমা থকা মন্ত্ৰটি উল্লেখ কৰা হৈছে।

” ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात् “।

Spiritual lesion of lifeSpiritual lesion of life

  এই মন্ত্ৰ জপ কৰাৰ আগতে এই মন্ত্ৰৰ অৰ্থ অনুধাৱন কৰা অতি দৰকাৰী ; এই মন্ত্ৰৰ প্ৰথম শব্দ হৈছে “ॐ” যাৰ অৰ্থ হৈছে পৰমব্ৰহ্ম যিজন হৈছে পালনকৰ্তা, সৃষ্টিকৰ্তা আৰু বিনাশ কৰোঁতা। আৰু শাস্ত্ৰ অনুসৰি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰক একেটা শব্দৰে প্ৰাৰ্থনা কৰা হয় ॐ বুলি। তাৰ পিছত আছে ” भूर्भुवः स्वः ” যাৰ অৰ্থ হৈছে ট্ৰিলোক অৰ্থাৎ ‘ भू ‘ হৈছে পৃথিৱী, ‘ र्भुवः ‘ হৈছে আকাশ আৰু ‘ स्वः ‘ হৈছে স্বৰ্গলোক আৰু ইয়াৰ সামগ্ৰীক অৰ্থ হৈছে বিশ্বব্ৰহ্মাণ্ড।

MORITIOUS AS TOURIST VENUEGood times by the lord to followerswhat happens to soul after death of a person
   তাৰ পিছৰ শব্দ হৈছে ‘ तत्सवितुर्वरेण्यं ‘ যাৰ অৰ্থ হৈছে যি ভগৱানে আলোক প্ৰদান কৰিছে যিজন হৈছে সকলোৰে উৎস তেওঁক প্ৰণাম কৰো । তাৰ পিছৰ শব্দ ‘ भर्गो ‘ যাৰ অৰ্থ হৈছে আধ্যাত্মিক শক্তি , ‘ देवस्य ‘ শব্দৰ অৰ্থ হৈছে দেৱ সত্তা যাৰ অলৌকিক গুণ আছে , তাৰ পিছত ‘ धीमहि ‘ অৰ্থাৎ ধ্যান কৰা হৈছে। তাৰ পিছত আছে ‘ धियो ‘ যাৰ অৰ্থ হৈছে জ্ঞান , তাৰ পিছত ‘ यो नः ‘ যাৰ অৰ্থ আমি নিজকে ; তাৰ পিছত ‘ प्रचोदयात् ‘ যাৰ অৰ্থ হৈছে আলোক প্ৰাপ্তি বা প্ৰদান কৰা।

   এতিয়া এই মন্ত্ৰৰ সম্পূৰ্ণ অৰ্থ বুজিব লাগিলে কব লাগিব যে মই সেই মহৎ শক্তিৰ উপাসনা কৰিছোঁ যিজন এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, তেওঁ যাতে মোক সদায় আশা আশংকা আৰু আলোক প্ৰাপ্তিৰ পথত লৈ যায়।

Super spiritual lesson of ShivaBulgaria as tourist venue
   এই মন্ত্ৰ পাঠ কৰাৰ বা শ্ৰৱণ কৰাৰ উত্তম সময় হৈছে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ সময়ত ; অৰ্থাৎ ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠি মাত্ৰ আঠবাৰ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পৰিলেই যথেষ্ট । ৰাতিপুৱাৰ সময়ত সম্ভৱ নহলে সূৰ্যাস্তৰ সময়তো এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰি। ইয়াৰ উপৰিও দিনৰ যি সময়তে পূজা অৰ্চনা কৰা হয় সেই সময়তো তিনিবাৰ কৈ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰি। খাদ্য সেৱনৰ সময়ত আৰু খাদ্য গ্ৰহণৰ পূৰ্বে তিনিবাৰ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিলে সেই খাদ্য অমৃতলৈ পৰিণত হয়।

নাৰীৰ প্ৰতি আকৰ্ষণ ৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি ?জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

নাৰীৰ প্ৰতি আকৰ্ষণ ৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি ?

ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় !জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় !

  আৰু এই মন্ত্ৰ জপ কৰাৰ ফলত আপোনাৰ বৰ্তমান সুৰক্ষিত হৈ পৰিব আৰু ভৱিষ্যতে মনৰ ইচ্ছা আশংকা পূৰণ হৈ পৰিব। লগতে কোনো গুৰুত্বপূৰ্ণ কামত গৃহৰ বাহিৰলৈ ওলালে পাঁচবাৰ বা এঘাৰ বাৰ এই গায়ত্ৰী মন্ত্ৰ শুদ্ধচিত্তে জপ কৰি গলে সেই কামত সাফল্য লাভ কৰাটো গেৰাণ্টি।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *