Dreams human sees before death

   টোপনিৰ সময়ত দেখা কিছু সপোনে মানুহক এনে কিছুমান সংকেত দিয়ে যিটো আশ্বৰ্যজনক হোৱাৰ উপৰিও ভয়াবহ ও হৈ পৰিব পাৰে, যি কথা স্বপ্ন শাস্ত্ৰত স্পষ্টকৈ উল্লেখিত আছে। স্বপ্ন শাস্ত্ৰ অনুসৰি কিছুমান সপোন দেখিলে মানুহে মৃত্যুৰ দিন সমাগত হোৱাৰ কথা অনুমান কৰিব পাৰে অৰ্থাৎ তেনেবোৰ সপোনে মানুহৰ মৃত্যুৰ সংকেত বহন কৰে।

never do this in bed
স্বপ্ন শাস্ত্ৰৰ মাধ্যমত মানুহে জীৱনৰ প্ৰত্যেক ধৰণৰ অৱস্থা আৰু ঘটনাৱলীৰ উত্তৰ সংকেতৰ দ্বাৰা পাব পাৰে। সেই স্বপ্ন শাস্ত্ৰ অনুসৰি কোনো লোকে যদি তেওঁৰ ইষ্ট দেৱতা বা দেৱীৰ প্ৰতিমা ভাঙি যোৱা সপোনত প্ৰত্যক্ষ কৰে তেনেহলে এইটো বুজিব লাগিব যে তেনে স্বপ্নদ্ৰষ্টাৰ মৃত্য খুব নিকট। ইয়াৰ উপৰিও কোনো ব্যক্তিয়ে যদি খুব ভয়ানক ভয়ানক সপোন দেখে তেন্তে জানিব লাগিব যে তেওঁৰ মৃত্যু আগন্তুক দিনত সোনকালে হ’ব পাৰে।

never do this in bed
কোনো ব্যক্তিয়ে যদি কৰবালৈ ফুৰিব যোৱা সপোনত দেখিছে তেন্তে তেওঁ যদি বাস্তৱত অতি শীঘ্ৰে কৰবালৈ যাব লগীয়া পৰিকল্পনা আছে তেওঁ সেই পৰিকল্পনা সোনকালে বাতিল কৰা উচিত , নহলে সেই যাত্ৰা ভয়ংকৰ আৰু ভয়াবহ হৈ পৰিব পাৰে আনকি সেই ব্যক্তি দুৰ্ঘটনা গ্ৰস্ত হৈ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে।

never do this in bed
সপোনত যদি কোনো পুৰুষে তেওঁক কোনো ৰঙা বস্ত্ৰ পৰিধান কৰা মহিলাই আলিংগন কৰিছে নাইবা শুকাই যোৱা ফুলৰ মালা পিন্ধাইছে তেন্তে সেই পুৰুষে বুজি লোৱা উচিত যে তেওঁৰ মৃত্যু আগন্তুক দিনত সোনকালে সমাগত।

never do this in bed
যদিহে কোনো লোকে শ্মশানত বহি আৰু পৰ্বতৰ ওখ শিখৰত বহি মদিৰা পান কৰা সপোন দেখে তেন্তে বুজিব লাগিব যে সেই ব্যক্তিৰ মৃত্যু আগন্তুক কিছু মাহৰ ভিতৰত হ’বলৈ গৈ আছে।

the ultimate car
লগতে স্বপ্ন শাস্ত্ৰত কোৱা হৈছে যে যদি কোনোবাই কলা বস্ত্ৰ পৰিধান কৰি কলা ঘোঁৰাৰ পিঠিত উঠি নিজে বিচৰণ কৰা সপোন দেখিছে আৰু গছৰ ওপৰৰ পৰা পৰি যোৱা দেখিছে তেন্তে জানি লোৱা ভাল যে সেই ব্যাক্তি সোনকালে কোনো ভয়ানক ৰোগত আক্ৰান্ত হৈ পৰা শংকা ঘনীভূত হৈছে আৰু যি ৰোগ হয়তো তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে।

Super spiritual lesson
মানুহৰ যেতিয়া কালসৰ্প যোগ আৰম্ভ হয় আৰু ৰাহু কেতুৰ দশা বেয়া হয় তেতিয়াই এই সপোন সমূহ মানুহে দেখিবলৈ পাব আৰম্ভ কৰে। এই গ্ৰহদোষ আৰু মৃত্যুৰ যোগ খণ্ডন কৰিবলৈ হলে মহা মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা খুব মংগলজনক।

punishment in hell
ইয়াৰ উপৰিও যদি কোনো লোকে নিজে স্তনপান কৰা সপোন দেখিবলৈ পাই অথবা বিবস্ত্ৰ মহিলাক সপোনত প্ৰত্যক্ষ কৰে তেতিয়া জানিব যে তেওঁৰ মৃত্যু আগন্তুক দিনত সোনকালে সমাগত আৰু সেয়াই সত্য।

punishment in hell
কোনোবাই যদি লাও, নেমু , কেৰেলা, তৰমুজ অথবা তিয়ঁহ জাতীয় কিবা খোৱা সপোন দেখিবলৈ পাই তেন্তে জানি থোৱা ভাল যে তেওঁৰ মৃত্যু আগন্তুক দিনত সোনকালে সমাগত । আৰু যদিও মৃত্যু নহয়ো তেতিয়াও জানি থোৱা উচিত যে তেওঁ মৃত্যুসম আঘাত পোৱাটো নিশ্চিত।

When to wash the used bed cover ?
স্বপ্ন শাস্ত্ৰ অনুসৰি যি লোকে ৰামধেনু দেখা পাই সপোনত আৰু সপোনতে দিনৰ ভাগত আকাশত তৰা ওলোৱা দেখা পাই সেই ব্যক্তিয়ে জানি লোৱা ভাল যে তেওঁৰ মৃত্যু আগন্তুক।

Three best sleeping positions

যদি কোনো লোকে কোনো মাংসভোজী পক্ষী নিজৰ মূৰৰ ওপৰৰে উৰি যোৱা সপোনত প্ৰত্যক্ষ কৰিছে তেন্তে জানিব যে সেই সপোন খুবেই ভয়ংকৰ , যাৰ অৰ্থ এই যে সেই স্বপ্নদ্ৰষ্টা অতি শীঘ্ৰে ভয়ংকৰ আৰু দুখজনক মৃত্যুৰ সন্মুখীন হ’বলগীয়া হ’বলৈ গৈ আছে।

journey of death

সপোনত যদি কোনো ব্যক্তিয়ে নিজৰ মুণ্ডণ হোৱা দেখিছে আৰু সেই সেই মুণ্ডণৰ সময়ত ভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনা গৈছে তেন্তে বুজি লোৱা উচিত যে সেই ব্যক্তিৰ গৃহৰ কোনো বৃদ্ধ লোক অতি সোনকালে পৰলোকগামী হ’বলৈ গৈ আছে।

journey of death
স্বপ্ন শাস্ত্ৰ অনুসৰি যদি কোনো লোকে সপোনত প্ৰদীপ নুমাই যোৱা দেখিবলৈ পাই অথবা কোনো বিবাহিতা মহিলাই নিজৰ কলা চুলি বগা দেখিবলৈ পাই তেনেহলে বুজিব লাগিব যে সেই স্ত্ৰীৰ নিজৰ স্বামীৰ মৃত্যু অনিবাৰ্য ।

story of dead man

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ !

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

কোনো লোকে যদি অইন কোনো লোকক অংগক্ষত হোৱা সপোনত দেখিবলৈ পাই তেন্তে জানিব যে সেই স্বপ্নদ্ৰষ্টাই অতি শীঘ্ৰে নিজৰ কোনো আত্মীয় স্বজনক সোনকালে হেৰুৱাবলৈ গৈ আছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *