মানুহৰ মনলৈ বেয়া চিন্তা কিয় আহে ? নিজে নিবিচাৰিলেও মনলৈ বেয়া চিন্তা আহি যায় কিয় ; কিয় মন মানুহৰ ডাঙৰ শত্ৰু , আৰু কেতিয়াবা কিয় মন মানুহৰ আটাইতকৈ ডাঙৰ বন্ধু হৈ পৰে ?
মানুহে যেতিয়া নিজৰ মনৰ হিচাপত চলে তেতিয়া তেওঁ বিভ্ৰান্ত হৈ পৰে আৰু যেতিয়া মানুহে মনটোক বশ কৰিবলৈ শিকে তেতিয়া তেওঁ জীৱনত সকলো পাবলৈ সক্ষম হয়। কিন্তু মানুহে নিজৰ মনলৈ অহা বেয়া চিন্তা সমূহক বাধা দিবলৈ বহুত চেষ্টা কৰে যদিও বেয়া চিন্তা কেতিয়াও দূৰ নহয় ; কিয়নো কথা এষাৰ আছে মানুহে যি বস্তুৰ পৰা দূৰৈত যোৱাৰ চেষ্টা কৰে সেই বস্তুবিধ বেছি ওচৰ চাপিহে আহে । সেয়ে সেই বেয়া চিন্তাৰ পৰা দূৰৈত যোৱাৰ চেষ্টা নকৰি তাক নিজৰ বশলৈ অনাৰ চেষ্টা কৰা দৰকাৰী।
এবাৰ এজন যুৱকে গৌতম বুদ্ধৰ ওচৰলৈ গৈ বিনয়ী হৈ প্ৰশ্ন কৰিছিল, ” হে বুদ্ধ, মোৰ মনলৈ ইমান বেয়া চিন্তা কিয় আহে , মই নিবিচাৰিলেও মোৰ মনত কাম বাসনাই ভৰি থাকে কিয় , সেই বিষয়ে চিন্তা কৰি কৰি বিব্ৰত হৈ পৰো মই , মোৰ শক্তি আৰু সময় এই চিন্তাই সদায় নষ্ট কৰি পেলাই, এই চিন্তাৰ পৰা মই কেতিয়াও শান্ত হ’ব পৰা নাই, সকলো সময়তে স্ত্ৰী – যুৱতী দেখি মই মোহিত হৈ পৰো, নিজক কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰো”।
বুদ্ধই হাঁহিৰে উত্তৰ দিছিল, ” তুমি জানানে আচলতে কাম বাসনা কি”? তেতিয়া যুৱকজনে কৈছিল, ” মই নাজানো , কিন্তু এটা কথা জানো যে এয়া খুব বেয়া বস্তু “।
তেতিয়া বুদ্ধই কৈছিল, ” প্ৰথমে তুমি বুজিব লাগিব যে প্ৰাকৃতিক ভাবে মানুহৰ ভিতৰত যি আছে সেইসমূহ কেতিয়াও বেয়া নহয়, মানুহৰ জীৱনৰ সেইবোৰৰো কিবা নহয় কিবা প্ৰয়োজন নিশ্চয় আছে ; বাসনা কেতিয়াও বেয়া নহয় , সেয়া মনৰ ভিতৰৰ এক ভাৱনা যিয়ে মানুহৰ জীৱনৰ কোনো চাহিদাৰ কথা নিৰ্দেশ কৰে, আৰু তেতিয়া মানুহে সেই বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পৰে”। বুদ্ধই পুনৰ কৈছিল, ” যেতিয়া তোমাৰ ধন সম্পত্তি কম থাকে তেতিয়া তোমাৰ মনত এই ধন সম্পত্তি উপাৰ্জন কৰাৰ বাসনাৰ সৃষ্টি হ’ব : অৰ্থাৎ বাসনা এক প্ৰকাৰৰ চাহিদা, যেতিয়া এই চাহিদা শাৰীৰিক হয় তেতিয়া সেয়া হৈ পৰে কাম বাসনা”।
যুৱক জনে তেতিয়াহে কাম বাসনা আচলতে কি সেয়া বুজি পাইছিল আৰু পুনৰ প্ৰশ্ন কৰিছিল ,” হে বুদ্ধ, কাম বাসনা আহে কৰ পৰা “? বুদ্ধই উত্তৰ দিছিল, ” এয়া কৰো পৰা নাহে , এয়া মানুহৰ দেহৰ ভিতৰতে থাকে , এয়া থকাটো দৰকাৰী তেতিয়াহে মানৱ জাতিৰ বিস্তাৰ হ’ব ” । তেতিয়া যুৱক জনে কৈছিল, যদিহে সেয়া মনৰ ভিতৰতে থাকে আৰু তাৰ পৰা মানৱ বিস্তাৰ হয় তেনেহলে এই কাম বাসনাক মানুহে বেয়া চকুৰে চাই কিয় “?
বুদ্ধই কৈছিল , ” মানুহে কাম বাসনাক লৈ ভুল ধাৰণা কৰে, সেইটোক মানুহে লুকাই ৰখাৰ চেষ্টা কৰি থাকে, কাম বাসনা ঘনীভূত হোৱা বেয়া নহয় কিন্তু বেয়া হৈছে কাম বাসনাক ভুল ভাৱে ব্যৱহাৰ কৰাটোহে , মানুহে যত তৃপ্তি পায় সেইটো পাবৰ বাবে ব্যস্ত হৈ থাকে আৰু সেইটো পাবলৈ লক্ষ্য কৰি লয়, যিটোই হৈছে মানুহৰ ভুল লিপ্সা “।
বুদ্ধই এইবাৰ প্ৰশ্ন কৰিছিল, “হে বালক পশু পক্ষীৰো কাম বাসনা আছে, সিহঁতে ও বংশ বিস্তাৰ কৰে, তেন্তে আমি পশু পক্ষীৰ কাম বাসনাক ভুল বুলি নকওঁ কিয় “? যুৱক জনে উত্তৰত নাজানো বুলি কৈছিল।
তেতিয়া বুদ্ধই কৈছিল, ” কিয়নো পশু পক্ষীয়ে কাম বাসনা আনন্দ আৰু তৃপ্তি প্ৰাপ্তিৰ বাবে নকৰে, মাত্ৰ বংশ বিস্তাৰৰ বাবে এই কাম বাসনাৰ প্ৰয়োগ কৰে , প্ৰকৃতিয়ে পশু পক্ষীক সেই শক্তি দিয়া নাই যে তেওঁলোকে কাম বাসনাক নিজৰ জীৱনৰ সুখৰ আধাৰ হিচাপে লব পাৰিব, আৰু ব্যতিক্ৰম যে মানুহে প্ৰকৃতিৰ পৰা পোৱা সকলো বিষয়ক নিজৰ সুখ আনন্দ তৃপ্তিৰ বাবে প্ৰয়োগ কৰে ; কাম বাসনা প্ৰকৃতিয়ে মানুহক বংশ বিস্তাৰৰ বাবেহে দিছে আনন্দ তৃপ্তিৰ বাবে নহয় ; কিন্তু মানুহে সেই কাম বাসনাক জীৱনৰ পৰম লক্ষ্য হিচাপে লৈছে, মানুহৰ মাজত কাম বাসনা লেকামহীন ঘোঁৰাৰ দৰে হৈ পৰিছে, আৰু সেয়া মানৱ জাতিৰ চৰম ভুল ধাৰণা “।
যুৱক জনে বুদ্ধক কৈছিল, ” হে মহাত্মা , মানুহৰ মাজত এই কাম বাসনা ইমান বেছি কিয় “?
বুদ্ধই কৈছিল, হে যুৱক তুমি তেনেহলে তলৰ কথাখিনি মন দি শুনি যোৱা উচিত বুলি কৈ এটি কাহিনী আৰম্ভণি কৰিছিল,, এসময়ত এখন আশ্ৰমত এজন গুৰু আৰু তেওঁৰ শিষ্যসমূহ বসবাস কৰিছিল, শিষ্য সকলে প্ৰতিদিনে গাঁৱে গাঁৱে ভিক্ষা কৰিবলৈ গৈছিল, শিষ্য সমূহৰ এজনে সদায় যি পথেৰে ভিক্ষা কৰিবলৈ যায় সেই পথৰ এজোপা গছৰ তলত হঠাতে এদিন এজন যুৱকক লুকাই থকা প্ৰত্যক্ষ কৰিছিল, আৰু শিষ্যজনে তেওঁৰ ওচৰলৈ গৈ দেখিলে যে যুৱক জনে নদীৰ ঘাটত কিছুমান যুৱতীয়ে গা ধুই থকা মনে মনে চাই আছিল, যিসমূহ যুৱতীৰ বয়স খুব বেছি চৈধ্য বা পোন্ধৰ বছৰ আছিল ।
তাকে দেখি শিষ্যজনে যুৱক জনক কৈছিল যে ইমান কেইজনী যুৱতীয়ে গা ধুই আছে সেইটো লুকাই লুকাই চোৱাৰ কি অৰ্থ আছে , কি ৰহস্য আছে । তেতিয়া যুৱক জনে শিষ্যজনক কি ৰহস্য আছে সেয়া নিজেই ভালদৰে প্ৰত্যক্ষ কৰি লবলৈ কৈছিল । যুৱকৰ কথা শুনি শিষ্যজনে সেই যুৱতীৰ ফালে চাই ৰৈছিল আৰু কিছু সময় পিছত শিষ্যজন ভয় খাই কপি উঠিছিল আৰু নিজকে উপলব্ধি কৰিছিল যে তেওঁ যিটো কৰিছে সেয়া ঠিক কৰা নাই , আৰু খুব দৌৰাদৌৰিকৈ শিষ্য জনে সেই স্থান ত্যাগ কৰিছিল। আশ্ৰমলৈ উভতি শিষ্যজনে নিজৰ কামত লাগিছিল যদিও তেওঁৰ মনলৈ নদীৰ ঘাটত দেখি যোৱা দৃশ্য সমুহ বাৰে বাৰে আহিব ধৰিছিল , ফলত তেওঁৰ মনত সেইবোৰ বাৰে বাৰে চোৱাৰ বাসনা জাগি উঠিছিল , তেওঁ কোনো কামত মন লগাব পৰা নাছিল ।
পিছদিনা ৰাতিপুৱা সেই শিষ্য একে পথেৰে গৈ নদীৰ ঘাটত উপস্থিত হৈ লুকাই লুকাই গা ধুই থকা যুৱতী বোৰৰ ফালে আকৌ চাবলৈ আৰম্ভণি কৰিছিল, আৰু তেনেদৰে প্ৰতিদিনে শিষ্যজনৰ সেই একে কাম কৰাৰ অভ্যাস গঢ়ি উঠিছিল , প্ৰতিদিনে নদীৰ ঘাটৰ পৰা উভতি শিষ্যজনে আশ্ৰমত কোনো কামত মন লগাব নোৱাৰা হৈ পৰিছিল, নে তেওঁ ভালদৰে টোপনি মাৰিব পাৰিছিল নে ভালদৰে খাব পাৰিছিল ,সকলো সময়তে তেওঁৰ মন উদাস হৈ পৰিছিল , তেওঁৰ মন সেই নদীৰ ঘাটৰ যুৱতীৰ লালায়িত চাবলৈ ব্যাকুল হৈ থাকিছিল, গুৰুৰ ওচৰলৈ গলেও তেওঁ উদাসীন হৈ থাকিছিল । কিন্তু গুৰুৱে শিষ্যজনৰ সেই ব্যতিক্ৰমী ব্যৱহাৰ বুজিব পাৰিছিল।
গুৰুৱে সেই কথা বুজিব পাৰি এদিন সেই শিষ্যজনৰ সৈতে একেলগে ভিক্ষা কৰিবলৈ ওলাইছিল যদিও তেওঁ গুৰুৰ সৈতে নোযোৱাৰ বাবে নানান অজুহাত দাঙি ধৰিছিল আৰু অকলেই ওলাই গৈছিল ভিক্ষা কৰিবলৈ। তেনে আচৰণ দেখি গুৰুৱে মনে মনে শিষ্যজনক অনুসৰণ কৰি গৈ আছিল , আৰু গৈ গৈ শিষ্যজনক নদীৰ ঘাটত তেওঁ সদায় কৰি থকা কাৰ্য্য কৰি থকা প্ৰত্যক্ষ কৰিছিল , তাকে দেখি গুৰুৱে ওচৰ চাপি গৈ পিছফালৰ পৰা সুধিছিল, হে মৰমৰ শিষ্য তুমি কি এই যুৱতী সকলৰ পৰা ভিক্ষা লবা নেকি “? গুৰুৰ কন্ঠ চিনি পায় শিষ্যজনে ভয় খাইছিল আৰু কপিবলৈ লৈছিল । তাকে দেখি গুৰুৱে কৈছিল, ” তোমাৰ মই কোনোদিনে ভয় দেখা নাছিলোঁ কিন্তু আজি কিয় ভয়ত কপিবলৈ লৈছা ” । কথা শুনি শিষ্যজনে গুৰুৰ ভৰিত পৰি ক্ষমা বিচাৰি কান্দি কান্দি কৈছিল , ” মই জানো যে মই ভুল কৰি আছো সদায় কিন্তু গুৰু মই কি কৰো মই মোৰ মনটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই , আৰু ভিক্ষা কৰিবলৈ আহি প্ৰতিদিনে এই ঠাইলৈ আহিবলৈ বাধ্য হৈ পৰিছোঁ “।
শিষ্যৰ আচৰণ দেখি বিমোৰত পৰা গুৰুৱে শিষ্যজনক এদিন এখন ফলমূল ৰ বাগানলৈ লৈ গৈ সেই বাগানৰ মাজেৰে বৈ থকা পানীৰ নলী কেইটামান দেখুৱাই দি কৈছিল যে সেই নলীসমূহৰ দ্বাৰা নদীৰ পৰা পানী আহি গছৰ শিপালৈ ধাৱমান হয় আৰু সেই পানীৰ গতিক কোনোৱে বাধা দিব নোৱাৰে ; কিন্তু তুমি পাৰিবা নেকি ইয়াৰে কোনো এটা নলীৰ পানী বন্ধ কৰিব ?
শিষ্যই পাৰিম বুলি কৈ কিছু সময়ৰ ভিতৰত মাটিৰে সেই নলী বন্ধ কৰি দিছিল , পানীৰ গতি বন্ধ হৈছিল যদিও কিছু সময়ৰ পিছত পুনৰ মাটিৰ সেই বান্ধটোৰ ওপৰেৰে পানী বৈ যাবলৈ লৈছিল। তাকে দেখি শিষ্যই সেই বান্ধৰ ওপৰত কিছুমান পাথৰৰ টুকুৰা জাপি দিছিল আৰু সেয়া গুৰুৱে চুপচাপ প্ৰত্যক্ষ কৰি গৈছিল । কিছু সময় পিছত পানীৰ সোঁত পুনৰ বন্ধ হৈ পৰিছিল যদিও পুনৰ সেই পাথৰৰ ওপৰেৰে পানী বৈ যাব ধৰিছিল । তাকে দেখি শিষ্য জনে বহু কষ্টৰে এটি ডাঙৰ শিল আনি বান্ধটোৰ ওপৰত দি পানী সোঁত বন্ধ কৰি দিছিল যদিও পুনঃ কিছু সময়ৰ পিছতে বান্ধটোৰ ওপৰৰে পানী বৈ যাবলৈ ধৰিছিল , আৰু শিষ্যজন অৱশেষত গুৰুৰ সন্মুখত হাৰ মানিছিল পানীৰ সোঁত বন্ধ কৰিব নোৱাৰো বুলি কৈ ।
তেতিয়া গুৰুৱে শিষ্যজনক উদ্দেশ্য কৰি কৈছিল যে তেওঁৰ সৈতেও সেই একে কথাই ঘটি আছে কিয়নো তেওঁ বাৰে বাৰে চেষ্টা কৰিছে যদিও সেই নদীৰ ঘাটলৈ যোৱাৰ পৰা বিৰত থাকিব পৰা নাই , যেনেদৰে তেওঁ ইমান কষ্ট কৰি নলী সমূহৰ পানীৰ সোঁত বন্ধ কৰিব পৰা নাই। তেতিয়া শিষ্যই গুৰুক উদ্দেশ্য কৰি সুধিছিল যে তেওঁ এতিয়া কি কৰা উচিত। গুৰুৱে তেতিয়া শিষ্যজনক বাগানলৈ পানী অহা নদীখন ৰ পাৰলৈ লৈ গৈ নলা সমূহৰ উৎপত্তি স্থান দেখুৱাই কৈছিল যে বাগানলৈ নলী সমূহৰে যোৱা পানীৰ সোঁত বন্ধ কৰিবলৈ হলে নলীৰ উৎপত্তি স্থলতে বন্ধ কৰিব লাগিব , নলাৰ সোঁমাজত নহয় আৰু নলী সমূহ বন্ধ কৰি দিলে কিন্তু বাগানৰ কিছুমান গছ গছনি জীয়াই নাথাকিব । তাৰ পিছত গুৰুৱে পুনৰ প্ৰশ্ন কৰিছিল , ” হে মৰমৰ শিষ্য এইবাৰ কোৱা তুমি , যদি এই নদীখনে গতি সলনি কৰি বাগানৰ মাজেৰে ববলৈ আৰম্ভ কৰে তেতিয়া কি হ’ব” ? শিষ্যই উত্তৰ দিছিল , ” প্ৰভু বাগান পানীৰে ভৰি পৰিব আৰু বাগানৰ সকলো গছ গছনি মৰি যাব”।
ঈশ্বৰ সন্তুষ্ট হ’লে মানুহৰ গাত এই চিহ্ন দেখা যায় ! শ্ৰীমদ্ভাগৱত গীতা বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী।
তেতিয়া গুৰুৱে হাঁহি মাৰি কৈছিল যে প্ৰাকৃতিক ভাবে থকা যিকোনো বস্তুৰ সোঁত বন্ধ কৰা নাযায় , বন্ধ কৰিলে সৃষ্টিৰ ক্ষতি হয় আৰু যদি প্ৰাকৃতিক সোঁতে গতি সলনি কৰে তেতিয়া ধ্বংস হয় , সৃষ্টিৰ বিনাশ হয় । শেষত শিষ্যজনক গুৰুৱে কৈছিল যে প্ৰাকৃতিক ভাবে বিৰাজমান যিকোনো বস্তু বা অৱয়ব সমূহক কেতিয়াও বন্ধ অথবা ধ্বংস কৰিব নোৱাৰি আৰু নালাগে মাত্ৰ সেইবোৰক নিজৰ নিয়ন্ত্ৰণ ত ৰাখিবলৈহে চেষ্টা কৰা উচিত।
POPULAR ASSAMESE VIDEO